জুবিন গাৰ্গৰ জীৱন আৰু আদৰ্শ : নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস – হিতেশ হাজৰিকা

জুবিন গাৰ্গৰ জীৱন আৰু আদৰ্শ : নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস

হিতেশ হাজৰিকা, শিক্ষক 
লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়
গোমোঠা পাৰা,  দৰং 

অসমৰ সাংস্কৃতিক তথা সামাজিক জগতখনত জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী বা সংগীতজ্ঞই নহয়; তেওঁ এটা যুগ, এটা বিপ্লৱ আৰু সৃষ্টিশীলতাৰ অদম্য প্ৰতীক। বিগত তিনিটা দশক ধৰি তেওঁ নিজৰ সুৰীয়া কণ্ঠ, বহুমুখী প্ৰতিভা আৰু স্পষ্টবাদী ব্যক্তিত্বৰে প্ৰতিজন অসমীয়াৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰি আহিছে। কিন্তু কেৱল সংগীতৰে নহয়, জুবিন গাৰ্গৰ বৰ্ণময় আৰু ব্যতিক্ৰমী জীৱনশৈলী, ব্যক্তিত্ব আৰু চিন্তা-চেতনাৰ পৰা সমগ্ৰ সমাজে বিশেষকৈ উদীয়মান প্ৰজন্মই শিকিবলগীয়া বহুতো গুৰুত্বপূৰ্ণ আদৰ্শ আছে। সংগ্ৰাম, দেশপ্ৰেম, মানৱতা, প্ৰকৃতি প্ৰীতি আৰু স্বাধীন মনোভাৱৰ দৰে মহৎ গুণবোৰেৰে সমৃদ্ধ জুবিন গাৰ্গৰ জীৱন অসমীয়া জাতিৰ বাবে এক চিৰপ্ৰেৰণাদায়ী অধ্যায়।

জুবিন গাৰ্গৰ সফলতা কোনো আকাশলংঘী সুযোগৰ ফল নাছিল; ই আছিল অৱিৰাম সংগ্ৰাম আৰু একাগ্ৰতাৰ ফল। প্ৰাৰম্ভিক দিনবোৰত সংগীতৰ কোনো পৰম্পৰাগত ব্যাকৰণভিত্তিক প্ৰতিষ্ঠানত আৱদ্ধ নাথাকিও তেওঁ নিজৰ অন্তৰ্নিহিত প্ৰতিভাক আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ বলত লালন-পালন কৰিছিল। ‘অনামিকা’ এলবামৰ যোগেদি সংগীত জগতত জোৱাৰ তোলাৰ পূৰ্বে তেওঁ অসংখ্য ধুমুহা আৰু বাধা-বিঘিনিৰ সন্মুখীন হৈছিল।

তেওঁৰ জীৱনে আমাক শিকায় যে লক্ষ্যত উপনীত হ’বলৈ কোনো চমু পথ বা ‘শ্বৰ্টকাট’ নাই। জীৱনৰ কঠিন পৰিস্থিতিত হাৰ নামানি আগবাঢ়ি যোৱাৰ মনোভাৱেই এজন মানুহক সফলতাৰ শিখৰলৈ লৈ যায়।

গভীৰ দেশপ্ৰেম আৰু মাটিৰ প্ৰতি টান জুবিন গাৰ্গৰ ধমনীত যেন প্ৰবাহিত হৈ থাকে ।অসম আৰু অসমীয়া আইৰ প্ৰতি থকা গভীৰ অনুৰাগ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি, মুম্বাইৰ ব্যৱসায়িক সংগীত জগতত বিপুল খ্যাতি আৰু অপাৰ অৰ্থ উপাৰ্জনৰ সুযোগ থকা সত্ত্বেও তেওঁ নিজৰ ভেটি অৰ্থাৎ অসমক কেতিয়াও পাহৰি নোযোৱা ধৰণে আকোঁৱালি লৈছিল। অসমীয়া ভাষা, জাতীয় স্বাভিমান আৰু অসমৰ অস্তিত্বৰ ওপৰত সংকট আহিলে জুবিন গাৰ্গ সদায় সন্মুখৰ শাৰীত থিয় দিছে। তেওঁৰ অসংখ্যা গীত আৰু বক্তব্যত এই দেশপ্ৰেম ফটফটীয়াকৈ প্ৰতিফলিত হয়।

শান্তি আৰু ন্যায়ৰ সমৰ্থনত, আৰু সদায় হিংসা, শোষন আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। তেওঁৰ চিন্তাধাৰাত হিংসাৰ বাবে কোনো স্থান নাই; বৰঞ্চ গান, সুৰ আৰু একতাৰ মাধ্যমেৰে শান্তিপূৰ্ণ ধৰণে নিজৰ অধিকাৰ সাব্যস্ত কৰাটোহে তেওঁ বিচাৰে। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৱেগিক সেতু গঢ়ি তোলাত তেওঁ অহিংস আৰু সদিচ্ছামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছিল।

সংগীতকাৰ জুবিনতকৈও বহু ডাঙৰ হৈছে মানুহ জুবিন গাৰ্গ। বানপীড়িত ৰাইজক সাহায্য প্ৰদানৰ পৰা আৰম্ভ কৰি দুখীয়া, ৰোগাক্ৰান্ত লোকসকলৰ চিকিৎসাৰ খৰচ বহন কৰালৈকে জুবিন গাৰ্গ সদায় আগৰণুৱা। ‘কলাগুৰু আৰ্ট প্ৰমোটৰ্ছ’ আৰু নানা সামাজিক আৰু জনহিতকৰ কামৰ যোগেদি তেওঁ নীৰৱে নিঃস্বজনক সহায় কৰি আহিছিল। অৰ্থ বা প্ৰচাৰৰ লোভ নোহোৱাকৈ মানুহৰ দুখত সমভাগী হোৱাৰ যি মানৱীয় দৃষ্টিভংগী জুবিন গাৰ্গে দেখুৱাইছিল, সি মানৱতাৰ এক বিৰল উদাহৰণ।

জুবিন গাৰ্গ কেৱল গান গালেই নহয়, খেল-ধেমালিৰ প্ৰতিও তেওঁৰ অগাধ প্ৰীতি আছে।জয়-পৰাজয়ক উদাৰভাৱে গ্ৰহণ কৰা, কঠিন সময়তো মন আৰু মন আৰু ব্যৱহাৰ থিক  ৰখা আৰু গঠনমূলক সমালোচনাক হজম কৰা—সেই গুণবিলাক  তেওঁৰ ব্যক্তিত্বত স্পষ্ট আছিল।প্ৰতিযোগিতা নহয়, সোহাৰ্দ্যৰে সংগীত বা সাংস্কৃতিক ক্ষেত্ৰখনত কাকো প্ৰতিদ্বন্দ্বী বুলি ভাবি কটু মন্তব্য কৰাৰ পৰিৱৰ্তে সকলোকে উৎসাহিত কৰাটোহে তেওঁৰ শৈলী।

অসমৰ সাংস্কৃতিক জগতখনত নৱপ্ৰজন্মক পথ প্ৰদৰ্শন কৰাত জুবিন গাৰ্গৰ অৱদান অতুলনীয়। বহু নতুন কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ আৰু যন্ত্ৰশিল্পীক তেওঁ হাত ধৰি সংগীতৰ জগতখনলৈ আনিছে। নিজৰ এলবাম বা ছবিত নতুনসকলক সুযোগ দি তেওঁ সদায় প্ৰতিভাক স্থান দিছিল। নিঃস্বাৰ্থ মৰমেৰে  অনুজসকলক কেৱল সুযোগ দিয়াই নহয়, তেওঁলোকৰ ভুল-ক্ৰুটিবোৰ মৰমেৰে আঙুলিয়াই দি এজন জেষ্ঠ ভাতৃৰ দৰে পৰামৰ্শ দিয়াটো আছিল তেওঁৰ জীৱনৰ অন্যতম বৈশিষ্ট্য।

জুবিন গাৰ্গৰ সুৰ আৰু গীতত প্ৰকৃতিৰ আৱহ সদায় সজীৱ। তেওঁৰ গানত নদী, পাহাৰ, নিজৰা আৰু জংঘলে ঠাই পায়। প্ৰকৃতিক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ বিভিন্ন সময়ত ৰাইজক সজাগ কৰি আহিছে। জুবিন গাৰ্গৰ নামটোৰ লগত ‘নাহৰ’ গছ আৰু ইয়াৰ ফুলৰ এক অন্তৰংগ সম্পৰ্ক আছে। নাহৰ গছৰ স্নিগ্ধতা, তাৰ সুবাস আৰু দৃঢ়তাক তেওঁ নিজৰ সংগীত আৰু জীৱনৰ ৰূপক হিচাপে গ্ৰহণ কৰিছে। গছ-গছনি ৰোপণ কৰা আৰু সেউজ সংৰক্ষণৰ বাবে আহ্বান জনোৱাটো তেওঁৰ এক অন্যতম আদৰ্শ।

অসমীয়া লোকসংগীত, বিহু আৰু থলুৱা উপাদানসমূহক আধুনিক ৰূপত উপস্থাপন কৰি বিশ্বদৰবাৰত চিনাকি কৰাই দিয়াত জুবিন গাৰ্গে অগ্ৰণী ভূমিকা লৈছে। ঐতিহ্য আৰু আধুনিকতাৰ  স্পৰ্শ ৰে তেওঁ পুৰণি লোকসংগীতৰ মৌলিকতা নষ্ট নকৰাকৈ তাক নতুন প্ৰজন্মৰ কাষ চপাই নিছে।  সংগীতৰ নামত অসমীয়াত্ব বা স্বাভিমানক তেওঁ কেতিয়াও বলি হ’বলৈ দিয়া নাই। অসমৰ সংস্কৃতি যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিব লাগে বুলি তেওঁ বিশ্বাস কৰিছিল।

সংগীত জুবিন গাৰ্গৰ বাবে কেৱল বৃত্তিয়েই নহয়, ই আছিল তেওঁৰ সাধনা আৰু ধৰ্ম ।অবিৰাম কামৰ হেঁপাহ, দিনটোত ২০-২২ ঘণ্টালৈকে ষ্টুডিঅ’ত থাকি কাম কৰা, নতুন নতুন শব্দ আৰু সুৰৰ গৱেষণা কৰা জুবিনৰ এই সমৰ্পিত মনোভাৱৰ তুলনা নাছিল। জীৱনত অগণন পাৰিবাৰিক আৰু ব্যক্তিগত দুখ-কষ্টৰ মাজেৰে পাৰ হৈয়ো তেওঁ সংগীত সাধনাৰ পৰা আঁতৰি অহা নাই। কৰ্তব্যৰ প্ৰতি এই একাগ্ৰতাই আমাক শিকায় যে নিজৰ কৰ্মই হ’ল উপাসনা।

নিজৰ সাফল্যৰ শিখৰত থাকিও জুবিন গাৰ্গে অতীত আৰু অসমৰ মহান পূৰ্বজসকলক কেতিয়াও পাহৰা নাই। বৰণ্য ব্যক্তিসকলৰ মূল্যবোধ,  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ দৰে মহান পুৰোধাসকলৰ প্ৰতি তেওঁৰ অগাধ শ্ৰদ্ধা।তেওঁ জ্যোতিসংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু লোকগীতসমূহ ন-ৰূপত গাই নৱপ্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিছে, যিয়ে আমাক নিজৰ শিপাৰ প্ৰতি সন্মান জনাৱলৈ শিকায়। জুবিন গাৰ্গ কাকো তেল মাৰি বা কাৰো তলত ৰৈ কাম কৰা মানুহ নহয়। তেওঁৰ স্বাধীনচিতীয়া ব্যক্তিত্বই তেওঁক অনন্য কৰি তুলিছে। তেওঁ প্ৰমাণ কৰি দিছে যে নিজৰ স্বাভিমান বিক্ৰী নকৰাকৈও সফলতাৰ শীৰ্ষত উপনীত হ’ব পাৰি।

জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নহয়, তেওঁ এটা জীৱন্ত আদৰ্শ। তেওঁৰ জীৱনটো এটা খোলা কিতাপৰ দৰে—য’ত সফলতা যিদৰে আছে, ঠিক তেনেদৰে আছে সংগ্ৰাম, ভুল-ক্ৰুটি আৰু ভুলৰ পৰা শিকাৰ সাহস। তেওঁৰ অদম্য সংগ্ৰাম, নিস্বাৰ্থ দেশপ্ৰেম, অহিংস মানৱীয় চিন্তা, প্ৰকৃতিৰ প্ৰতি মৰম, অকৃত্রিম স্বাভিমান আৰু স্বাধীন মনোভাৱ প্ৰতিজন অসমীয়াৰ বাবে পাথেয়। জুবিন গাৰ্গৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ যদি আমি আমাৰ শিপাক পাহৰি নোযোৱাকৈ, প্ৰকৃতিক মৰম কৰি, দুখীয়া-নিচ্ছলাক সহায় কৰি আৰু নিজৰ স্বাধীন চিন্তাৰে সমৰ্পিতভাৱে কাম কৰি যাব পাৰোঁ, তেন্তে সেয়াই হ’ব এই মহান শিল্পীজনৰ ব্যক্তিত্বৰ প্ৰতি জনায় বাস্তৱিক সন্মান।