আধুনিকতাৰ নামত বিচিত্ৰ ফেশ্বন আৰু আমাৰ সমাজৰ ভৱিষ্যত
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
অসমৰ সমাজ-জীৱন আৰু আমাৰ পৰম্পৰাগত সংস্কৃতি সদায় সৰলতা, শালীনতা আৰু গভীৰ নৈতিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হৈ আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱীয় আদৰ্শৰে পৰিপুষ্ট এই ভূমিত মানুহৰ বাহ্যিক আড়ম্বৰতকৈ অন্তৰৰ গুণ, আধ্যাত্মিক সাধনা, শিষ্টাচাৰ আৰু সামাজিক মৰ্যাদাকহে সৰ্বোচ্চ আসন প্ৰদান কৰা হৈছিল। সম্ভ্ৰান্ত আৰু সংস্কৃতিসম্পন্ন পৰিয়ালৰ এজন ব্যক্তিক তেওঁৰ সুৰুচিপূৰ্ণ চালচলন, বিনম্ৰ ব্যৱহাৰ আৰু মাৰ্জিত সাজপাৰৰ দ্বাৰাই সমাজে শ্ৰদ্ধাৰে চিনাক্ত কৰিছিল। কিন্তু সময়ৰ দ্ৰুত পৰিৱৰ্তন আৰু পশ্চিমীয়া ভোগবাদী সংস্কৃতিৰ অবিবেচক অনুকৰণৰ ফলত আজিৰ নৱপ্ৰজন্মৰ মাজত এক অদ্ভুত আৰু ভ্ৰান্ত আধুনিকতাৰ ঢৌ পৰিলক্ষিত হৈছে। নিজৰ স্বকীয় পৰিচয় আৰু চহকী ঐতিহ্য পাহৰি বাহ্যিক চমক আৰু বিচিত্ৰ ৰূপ-সজ্জাৰ মাজতেই বহুতে নিজৰ শ্ৰেষ্ঠত্ব বিচাৰি হাবাথুৰি খাইছে।
আজিৰ সমাজত ডেকা ল’ৰাৰ অস্বাভাৱিক দীঘল চুলি, নাৰীসুলভভাৱে মূৰত খোপা বন্ধা, কাণত কাণফুলি পিন্ধা আৰু দেহৰ ঠায়ে ঠায়ে ফটা জিন্স পৰিধান কৰাটো এক তথাকথিত আধুনিক ফেশ্বনলৈ ৰূপান্তৰিত হ’ল। ওৰেটো দেহত বিভিন্ন বিচিত্ৰ চিত্ৰ আৰু টেটু অংকন কৰি নিজৰ শৰীৰটোক বিজ্ঞাপনৰ ফলকলৈ পৰিণত কৰাৰ এক অসুস্থ প্ৰতিযোগিতা চলিছে। উল্কি বা অংগাংকন আমাৰ বহুতো জনজাতীয় সমাজৰ এক ঐতিহাসিক আৰু পৱিত্ৰ সাংস্কৃতিক প্ৰতীক হিচাপে বিদ্যমান আছিল, য’ত এক সুগভীৰ ধৰ্মীয় আৰু গোষ্ঠীগত তাৎপৰ্য নিহিত হৈ আছিল। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ একাংশই কোনো ঐতিহাসিক জ্ঞান বা গাম্ভীৰ্য নোহোৱাকৈ মাথোঁ সমাজৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সমগ্ৰ দেহত অপ্ৰাসংগিক আৰু অৰ্থহীন টেটু আঁকি লৈছে। এই কথা সত্য যে বাহ্যিক কোনো এটি সৰু টেটুৱেই এজন ব্যক্তিক চৰিত্ৰহীন বুলি প্ৰমাণ নকৰে; কিন্তু যেতিয়া সমগ্ৰ দেহত এই অস্বাভাৱিক আড়ম্বৰ জাপি দিয়া হয়, তেতিয়া সি এজন সুস্থ মানসিকতাৰ আৰু সংস্কাৰী ঘৰৰ যুৱকৰ ব্যক্তিত্বৰ গাম্ভীৰ্যক ম্লান কৰি পেলায়।
এইবোৰ আচৰণৰ অন্তৰালত থকা মনস্তত্ত্বক বিশ্লেষণ কৰিলে দেখা যায় যে ইয়াৰ মূল কাৰণ হ’ল আন দহজনতকৈ নিজকে অলপ ভিন্ন আৰু চমকপ্ৰদ ৰূপত ৰাইজৰ চকুত পেলাব খোজাৰ এক আত্মকেন্দ্ৰিক প্ৰৱণতা। “চোৱাচোন, মই কিমান আধুনিক, মোৰ সমান আৰু আছে কোন?” এনে ভ্ৰান্ত অহংকাৰ আৰু প্ৰদৰ্শনকামী চিন্তাই যুৱ সমাজক ক্ৰমাৎ বিপথে পৰিচালিত কৰিছে। আধুনিকতা কেতিয়াও মানুহৰ ফটা কাপোৰ, বিচিত্ৰ চুলিৰ ছাঁট বা দেহত অঁকা দাগৰ মাজত সীমাবদ্ধ হৈ থকা কোনো বাহ্যিক বিষয় হ’ব নোৱাৰে। প্ৰকৃত আধুনিকতা নিহিত থাকে মানুহৰ চিন্তাৰ প্ৰগতিশীলতাত, সমাজৰ প্ৰতি থকা সুগভীৰ দায়বদ্ধতাত, বিজ্ঞানমনস্কতাত আৰু উচ্চ শিক্ষাত। এজন ব্যক্তিয়ে পৃথিৱীৰ শ্ৰেষ্ঠ বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তা ধাৰণ কৰিও অতি সাধাৰণ আৰু মাৰ্জিত সাজপাৰ পৰিধান কৰিব পাৰে। বাহ্যিক বিচিত্ৰতাৰে নিজক প্ৰগতিশীল সজাব খোজাটো আচলতে মনৰ ভিতৰৰ এক গভীৰ হীনমন্যতা আৰু আত্মবিশ্বাসহীনতাৰহে বহিঃপ্ৰকাশ।
পশ্চিমীয়া সমাজৰ যিবোৰ পোছাক আছিল একালত খনি বা কাৰখানাৰ শ্ৰমিকসকলৰ দৈনন্দিন জীৱনৰ বাধ্যবাধকতা অথবা বিশেষ কোনো বিদ্ৰোহৰ প্ৰতীক, সেই ফটা কাপোৰকে আমাৰ যুৱ সমাজে নিজৰ উচ্চ আভিজাত্যৰ প্ৰতীক বুলি ভুলকৈ আঁকোৱালি লৈছে। ৰূপালী পৰ্দাৰ নায়ক বা বিদেশী খেলুৱৈৰ অন্ধ অনুকৰণ কৰি নিজৰ শৰীৰত অদ্ভুত ৰং সানি লোৱাটোৱে কেতিয়াও ব্যক্তিত্বক মহৎ কৰিব নোৱাৰে। যিখন অসমৰ মাটিত লাচিত বৰফুকন, চিলাৰায়ৰ দৰে বীৰ সেনাপতি আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সংস্কৃতিৰ মহীৰুহে জন্ম লৈছিল, সেইখন অসমৰ ডেকা ল’ৰাই আজি অশালীন সাজপাৰেৰে নিজৰ শৰীৰ প্ৰদৰ্শন কৰি আধুনিকতাৰ ধ্বজা উৰুৱাবলৈ ওলোৱাটো এক চৰম সাংস্কৃতিক অৱক্ষয়ৰ লক্ষণ। জ্যোতিপ্ৰসাদে লুইতৰ পাৰৰ ডেকা ল’ৰাক নতুন যুগৰ আলোক-সন্ধানী সৈনিক ৰূপত কল্পনা কৰিছিল; কৃত্রিম সাজপাৰ আৰু দেহৰ বিকৃত সজ্জাত আত্মহাৰা হোৱা নিশকতীয়া যৌৱনৰ কল্পনা তেওঁ কেতিয়াও কৰা নাছিল।
এই সংকটক অধিক ভয়াৱহ কৰি তুলিছে বৰ্তমানৰ সামাজিক মাধ্যম আৰু চেলিব্ৰিটি সংস্কৃতিয়ে। ইণ্টাৰনেটৰ চুটি ভিডিঅ’ আৰু ৰিলছৰ ক্ষণিকৰ জনপ্ৰিয়তাই যুৱক-যুৱতীসকলক এনে এক ভ্ৰান্ত ধাৰণা দিছে যে যিমানেই অদ্ভুত বেশভূষা ধাৰণ কৰিব পাৰি, সিমানেই সমাজত চৰ্চা লাভ কৰিব পাৰি। কৃত্ৰিম লাইক আৰু মন্তব্যৰ পিছে পিছে দৌৰি তেওঁলোকে পাহৰি গৈছে যে ভাৰ্চুৱেল জগতৰ এই হাততালি বাস্তৱ জীৱনৰ স্থায়ী সন্মান হ’ব নোৱাৰে। আনৰ দৃষ্টি আকৰ্ষণ কৰাৰ এই তীব্ৰ নিচাই তেওঁলোকৰ ব্যক্তিত্বক আত্মমুগ্ধ আৰু দায়িত্বহীন কৰি তুলিছে। কিতাপৰ আলমাৰীবোৰ আজি ধূলিয়ে পুতি পেলাইছে, পুথিভঁৰালবোৰ নিস্তব্ধ হৈ পৰিছে, অথচ হাতৰ মোবাইল ফোনটোত নিজৰ চেহেৰা বিভিন্ন ভংগিমাত তুলি সমাজত প্ৰচাৰ কৰাৰ উন্মাদনা দিনে দিনে বৃদ্ধি পাইছে। চিন্তাৰ গভীৰতা নোহোৱাকৈ মাথোঁ বাহ্যিক আৱৰণৰ চমকেৰে নিজক চিনাকি দিয়াৰ এই প্ৰচেষ্টাই নৱপ্ৰজন্মক বৌদ্ধিকভাৱে পংগু কৰি তুলিছে।
সাজপাৰৰ এই অৱক্ষয়ৰ সমান্তৰালকৈ আজিৰ যুৱ প্ৰজন্মৰ ভাষা আৰু কথা-বতৰাতো এক গভীৰ বিকৃতকৰণ পৰিলক্ষিত হৈছে। নিজৰ শুৱনি আৰু সমৃদ্ধিশালী মাতৃভাষাটোক বিকৃত কৰি কোৱা, জ্যেষ্ঠজনক তুচ্ছ-তাচ্ছিল্য কৰি সম্বোধন কৰা আৰু অশোভন শব্দাৱলীক আধুনিকতাৰ অংগ বুলি ভবাটো এক মাৰাত্মক সামাজিক ব্যাধিত পৰিণত হৈছে। যি সংস্কৃতিয়ে বয়োজ্যেষ্ঠক সেৱা কৰিবলৈ আৰু সমনীয়াৰ লগত মৰমেৰে কথা পাতিবলৈ শিকাইছিল, সেই সংস্কৃতিক বিসৰ্জন দি উদ্ধত আৰু অহংকাৰী ভংগীমাত কথা কোৱাটোৱেই বহু যুৱকৰ বাবে তথাকথিত আভিজাত্যৰ প্ৰতীক হৈ পৰিল। মুখৰ মাৰ্জিত ভাষাহীন এজন ব্যক্তিৰ বাহ্যিক আড়ম্বৰে সমাজত কোনো সন্মান আদায় কৰিব নোৱাৰে। ভাষাৰ বিকৃতিকৰণে মানুহৰ মনৰ ভিতৰৰ সংস্কাৰহীনতাকহে প্ৰকাশ কৰে।
শিক্ষানুষ্ঠানসমূহৰ পৱিত্ৰ পৰিৱেশতো আজি এই ভ্ৰান্ত আধুনিকতাৰ ঋণাত্মক প্ৰভাৱ স্পষ্ট হৈ পৰিছে। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ যিবোৰ স্থান জ্ঞান চৰ্চা, গৱেষণা আৰু সুনাগৰিক গঢ়াৰ পৱিত্ৰ তীৰ্থভূমি আছিল, সেইবোৰ স্থান আজি বহু পৰিমাণে বাহ্যিক সাজপাৰৰ প্ৰদৰ্শনী ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে। অধ্যয়ন আৰু পৰীক্ষাৰ প্ৰস্তুতিতকৈ চেলুনৰ খৰচ আৰু ব্ৰেণ্ডেড কাপোৰৰ তালিকাই বহু শিক্ষাৰ্থীৰ অগ্ৰাধিকাৰ লাভ কৰিছে। শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি থকা পূৰ্বৰ সেই পৱিত্ৰ শ্ৰদ্ধাবোধ ক্ৰমাৎ নোহোৱা হৈ আহিছে। গুৰু-শিষ্যৰ মাজৰ সেই গভীৰ বান্ধোনৰ স্থান দখল কৰিছে অপ্ৰয়োজনীয় বাকবিতণ্ডা আৰু শৃংখলাহীনতাই। জ্ঞানৰ সাধনা অবিহনে কোনো শৈক্ষিক প্ৰতিষ্ঠানে দেশক উপযুক্ত নেতৃত্ব দিব নোৱাৰে।
এই পৰিস্থিতিৰ বাবে কেৱল যুৱ প্ৰজন্মকেই দায়ী কৰিলে সম্পূৰ্ণ সত্য প্ৰকাশ নাপাব; পৰিয়াল আৰু অভিভাৱকসকলৰ ভূমিকায়ো ইয়াত বিশেষভাৱে চিন্তা কৰিবলগীয়া। বহু সময়ত অভিভাৱকৰ অতিমাত্ৰা প্ৰশ্ৰয়, সন্তানৰ অন্যায় আবদাৰক বিনাদ্বিধাই মানি লোৱা আৰু আৰম্ভণিৰে পৰা সঠিক সংস্কাৰ নিদিয়াৰ ফলতেই এনে বিচ্যুতি ঘটিবলৈ পায়। সন্তানে কি সাজপাৰ পৰিধান কৰিছে, কেনে বন্ধুবৰ্গৰ সৈতে সময় কটাইছে আৰু সামাজিক মাধ্যমত কি প্ৰদৰ্শন কৰিছে, সেই বিষয়ে নজৰ ৰখাৰ সময় আজি বহু ব্যস্ত পিতৃ-মাতৃৰ হাতত নোহোৱা হ’ল। নিজৰ উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰি সন্তানক অসংগত সাজ-সজ্জা কিনি দিয়াৰ পূৰ্বে তেওঁলোকক পৰিশ্ৰম আৰু আত্মমৰ্যাদাৰ পাঠ শিকোৱাটো পিতৃ-মাতৃৰ প্ৰথম দায়িত্ব আছিল। পিতৃ-মাতৃয়ে যেতিয়া সন্তানক ত্যাগ আৰু মিতব্যয়িতাৰ শিক্ষা নিদি কেৱল ভৌতিক ভোগ-বিলাসৰ সকলো যোগান ধৰে, তেতিয়া সন্তানে সহজতে পোৱা সেই সম্পদৰ কোনো মূল্য অনুভৱ নকৰে।
আটাইতকৈ মৰ্মান্তিক দিশটো হ’ল আমাৰ যুৱ সমাজৰ কৰ্মসংস্কৃতিৰ পৰা পলায়নবাদী মানসিকতা। চেলুন বা বিউটি পাৰ্লাৰত ঘণ্টাৰ পিছত ঘণ্টা সময় আৰু হাজাৰ হাজাৰ টকা ব্যয় কৰি নিজৰ বাহ্যিক ৰূপ সজোৱাত ব্যস্ত থকা বহু যুৱকে কঠোৰ শাৰীৰিক পৰিশ্ৰম, কৃষি বা ক্ষুদ্ৰ ব্যৱসায়-বাণিজ্যক হেয় জ্ঞান কৰে। পথৰ কাষত বহি অবাবত সময় নষ্ট কৰা, অথচ নিজৰ অৰ্থনৈতিক ভৱিষ্যত গঢ়াৰ বাবে কোনো দায়িত্ববোধ নথকা এনে যুৱকে নিজৰ জীৱন অন্ধকাৰৰ দিশে ঠেলি দিছে। পিতৃ-মাতৃৰ পেঞ্চন বা কষ্টোপাৰ্জিত ধন ভাঙি বিলাসী বাহন চলোৱা আৰু অপব্যয় কৰাৰ মাজত কোনো পুৰুষাৰ্থ থাকিব নোৱাৰে। অসমৰ অৰ্থনীতি আৰু ব্যৱসায়ৰ মূল চালিকা শক্তিসমূহ আজি বহিৰাগতৰ হাতলৈ যোৱাৰ অন্যতম কাৰণ হ’ল আমাৰ ডেকা শক্তিয়ে কৰ্মৰ প্ৰতি থকা মৰ্যাদাবোধ হেৰুৱাই মাথোঁ দেখনিয়াৰ জীৱনৰ মোহত বন্দী হৈ পৰিছে। মাটিৰ লগত সম্পৰ্ক বিচ্ছিন্ন হোৱা জাতি কেতিয়াও অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে।
এজন সন্তানৰ বাহ্যিক ৰূপ আৰু আচৰণত তেওঁৰ পৰিয়ালৰ সংস্কাৰ প্ৰতিফলিত হয়। এটি আদৰ্শ আৰু সংস্কৃতিসম্পন্ন ঘৰৰ সন্তানে সমাজৰ প্ৰতি শ্ৰদ্ধা জনাই নিজৰ সাজপাৰ নিৰ্বাচন কৰে। কাৰণ সমাজত বাস কৰিবলৈ হ’লে কিছুমান সামাজিক শালীনতা আৰু শৃংখলা মানি চলাটো প্ৰতিজন সচেতন নাগৰিকৰ কৰ্তব্য। যেতিয়া এজন যুৱকে সমাজে গ্ৰহণ কৰিব নোৱৰা ৰূপ ধাৰণ কৰি নিজৰ সময় আৰু শক্তি অপচয় কৰে, তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ মৰ্যাদাকো সমাজৰ চকুত লঘু কৰে। বৌদ্ধিক চৰ্চা বা সৃষ্টিশীল কামৰ পৰা আঁতৰি থাকি মাথোঁ বাহ্যিক দেখোনিয়াৰ ৰূপ লৈ ব্যস্ত থকাটো কোনো সুস্থ ব্যক্তিত্বৰ পৰিচয় হ’ব নোৱাৰে। এনে আচৰণে যুৱ প্ৰজন্মৰ মাজত অনুশাসন আৰু কৰ্তব্যবোধৰ চৰম অভাৱৰ ইংগিত দিয়ে।
এখন দেশ আৰু জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে তাৰ ডেকা শক্তিয়ে গ্ৰহণ কৰা নৈতিক দায়িত্বৰ ওপৰত। যেতিয়া এজন যুৱকে নিজৰ জীৱনৰ অমূল্য সময়সমূহ অশালীন বেশভূষা বা নিজৰ বাহ্যিক ৰূপ লৈ আত্মমুগ্ধ হৈ থকাত কটায়, তেতিয়া তেওঁৰ পৰা সমাজ গঠনৰ কোনো মহৎ অৱদান আশা কৰাটো কঠিন হৈ পৰে। সমাজক আজি প্ৰয়োজন হৈছে কঠোৰ পৰিশ্ৰমী, নীতিৱান, বিদ্বান আৰু সহানুভূতিশীল যুৱক-যুৱতীৰ, যিসকলে অসমৰ অৰ্থনীতি, সাহিত্য, বিজ্ঞান আৰু কৃষিক্ষেত্ৰক আগুৱাই লৈ যাব পাৰে। যিয়ে নিজৰ সময় আৰু শক্তিক মূল্য দিব নাজানে, তেওঁ সমাজৰ কোনো জটিল সমস্যা সমাধানত অংশীদাৰ হ’বলৈ অপাৰগ হৈ পৰে। শৰীৰচৰ্চা কেন্দ্ৰলৈ গৈ পেশী ফুলোৱাটোৱেই শক্তিৰ একমাত্ৰ পৰিচয় হ’ব নোৱাৰে; সেই শক্তি সমাজৰ দুৰ্বলজনক সুৰক্ষা দিয়াত আৰু জাতিৰ সংকটৰ সময়ত থিয় দিয়াত ব্যৱহৃত হ’ব লাগিব।
সেয়েহে সময় থাকোঁতেই আমাৰ সমাজ, অভিভাৱক, শিক্ষানুষ্ঠান আৰু সচেতন মহলে এই বিষয়ত আত্মবিশ্লেষণ কৰাটো অপৰিহাৰ্য। যুৱ প্ৰজন্মক বুজাব লাগিব যে প্ৰকৃত সৌন্দৰ্য মানুহৰ চৰিত্ৰত, গভীৰ জ্ঞানত আৰু সমাজহিতৈষী কৰ্মতহে জিলিকি উঠে। পোছাকৰ অস্বাভাৱিক ৰূপত নিজৰ শৰীৰ প্ৰদৰ্শন কৰাত কোনো গৌৰৱ নাই; প্ৰকৃত গৌৰৱ নিহিত থাকে নিজৰ মাতৃভাষা, নিজৰ শিপা আৰু পৱিত্ৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত সগৌৰৱে প্ৰতিষ্ঠা কৰাত। ভ্ৰান্ত পশ্চিমীয়া অনুকৰণ ত্যাগ কৰি আমাৰ যুৱ সমাজে নিজৰ অন্তৰৰ সুপ্ত মেধা আৰু শক্তিক জাগ্ৰত কৰক। আত্মপ্ৰচাৰৰ ক্ষণিকৰ মাদকতাক বিদায় দি জ্ঞান, সাধনা আৰু সমাজসেৱাৰ পৱিত্ৰ পথত ভৰি দিয়ক। কিয়নো, ইতিহাসত সেইসকল ব্যক্তিৰ নামহে সোণালী আখৰেৰে খোদিত হৈ ৰয়, যিসকলে বাহ্যিক ৰূপ-সজ্জাৰ পৰিৱৰ্তে নিজৰ কৰ্ম আৰু পৱিত্ৰ সংস্কাৰেৰে সমাজখনক এক নতুন পোহৰৰ দিশে লৈ যাবলৈ সক্ষম হৈছিল। নিজৰ শিপাক চিনি পাই কৰ্মত ব্ৰতী হোৱাটোৱেই হওক নৱপ্ৰজন্মৰ প্ৰকৃত আধুনিকতা।
