ডিব্ৰুগড়ত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বাল্মীকি দিৱস পালন

ডিব্ৰুগড়ত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বাল্মীকি দিৱস পালন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ সূৰজমল জালান শিক্ষা সদন বালিকা বিদ্যালয়ত অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম’ ৰ ডিব্ৰুগড় জিলা শাখাৰদ্বাৰা ২৯ অক্টোবৰত আদিকবি ৰামায়ণৰ ৰচয়িতা “মহৰ্ষি বাল্মীকি দিৱস” পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ডিব্ৰুগড় জিলা শাখাৰ সভাপতি ধনীৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলন কৰে শাখাৰ সংৰক্ষক মনোহৰ বাৰ্মাই। তেখেতক সহযোগিতা কৰে ৰুদ্ৰ গগৈ, পুস্পা বুকলচৰীয়া , মহেশ কুমাৰ জৈন , ৰাজকুমাৰ আগৰৱালা, সুৰেশ আগৰৱালা, পৱন কুমাৰ গাডোদিয়া , ৰূপেশ সিং, মীনাক্ষী সিং আৰু কাঞ্চন বৰুৱাই। সভাত আদিকবি “মহৰ্ষি বাল্মীকি” ৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰি উপস্থিত সকলো সদস্যই তেখেতৰ জীৱন যাত্রাই সমাজক অনুপ্ৰেৰণা যোগোৱা বুলি বক্তব্য আগবঢ়ায় । সভাত বাল্মীকিৰ জীৱনৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ পাই উপকৃত হোৱা বুলি মত উপস্থিত সকলোৱে মত প্ৰকাশ কৰে। সকলোৰে সহযোগিতাত অনুষ্ঠিত হোৱা সভাখনে সফলতা লাভ কৰা বুলি সভাপতিয়ে মন্তব্য আগবঢ়াই কয় যে বাল্মীকি ব্যক্তিগৰাকীৰ অতীত যিয়েই নহওক কিয়, সৎকৰ্মৰ দ্বাৰাইহে জীৱন সলনি কৰিব পাৰে । অনুষ্ঠানত শাখাৰ পত্রিকা সম্পাদক কাঞ্চন বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।