ঘনকান্তক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মহিলাসহ পাঁচজন ব্যক্তিক গুলীয়াই হত্যা কৰা ঘাতক ঘনকান্ত গগৈক আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পিছত ৭ দিনৰ বাবে জিম্মাত ল’লে। তেওঁক অহা ৩ নৱেম্বৰত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব। ঘাতক ঘনকান্তক ১০ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছিল যদিও আদালতে মাত্র ৭ দিনৰ অনুমতি প্রদান কৰে। উল্লেখ্য যে গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ বিলাস ইন হোটেলৰ স্বত্বাধিকাৰীৰ সৈতে ভাড়া সম্পর্কীয় বিষয় মীমাংসাৰ বাবে আহি হোটেলৰ ভিতৰতে স্বত্বাধিকাৰী হেলেনা বি ভৰালী, তেওঁৰ পুত্ৰ দেৱার্ষি কাশ্যপ, বোৱাৰী ৰিণিশা কাশ্যপ, ককায়েক ভূদেৱ ভৰালী আৰু কৰ্মচাৰী নাৰায়ণ দাসক গুলীয়াই নৃশংসভাবে হত্যা কৰাৰ পিছত তেওঁক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে হত্যাৰ পিছত ঘনকান্তই কোনো অনুশূচনা কৰা নাই বুলি আৰক্ষীৰ সূত্রে জানিব পৰা গৈছে। অভিযুক্ত ঘনকান্তক আৰক্ষীৰ জিম্মাত স্বাভাৱিক ৰূপে দেখিবলৈ পোৱা গৈছিল বুলি এক সূত্রই সদৰী কৰে। আৰক্ষী সূত্রে প্রকাশ কৰা অনুসৰি ঘনকান্তৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা পইন্ট ৩২ ৰিভলভাৰটো জব্দ কৰাৰ লগতে কোনো গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। সন্দেহ কৰা হৈছে যে ঘনকান্তই হাতত মজুত ৰখা সকলোকেইটা গুলী ঘটনাৰ দিনা তেওঁ ব্যৱহাৰ কৰিছে।
