দোষীক কঠোৰ শাস্তিৰ দাবীত শ্রীভূমিত আছুৰ উত্তাল প্রতিবাদ

দোষীক কঠোৰ শাস্তিৰ দাবীত শ্রীভূমিত আছুৰ উত্তাল প্রতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্রীভূমি জিলাৰ বদৰপূৰত হিন্দুস্থান ক্লাবৰ প্রতিমা বিসর্জন অনুষ্ঠানত আমন্ত্রিত অসমীয়া বিহুৱা দলৰ ওপৰত অচিনাকি দুর্বৃত্তৰ দ্বাৰা হোৱা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্রিয়া অব্যাহত আছে। সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হৈছে । ২৩ অক্টোবৰৰ নিশা বদৰপুৰত সংঘটিত এই ঘটনাক লৈ সোমবাৰে শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ)ত সদৌ অসম ছাত্ৰ সন্থাসহ বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে ৷ আছুৰ আহ্বানত সদৌ শ্রীভূমি জিলা ছাত্র সন্থা, সদৌ কাছাৰ জিলা ছাত্র সন্থা, সদৌ হাইলাকান্দি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্রীভূমি জিলা সদৰত তীব্র প্রতিবাদ সাব্যস্ত কৰা হয়। ঘটনাত জড়িত আন সকলোকে গ্ৰেপ্তাৰ কৰাৰ দাবীত দল-সংগঠনসমূহে শ্ৰীভূমিৰ ৰাজপথ উত্তাল কৰি তোলে ।প্ৰতিবাদকাৰীসকলে চহৰৰ শম্ভুসাগৰ পাৰ্কত একগোট হৈ সমদল কৰি এছ‌এছপি কাৰ্যালয় চৌহদত উপস্থিত হৈ দীৰ্ঘসময় বিক্ষোভ প্ৰদৰ্শন কৰে । ছাত্ৰ সন্থাৰ ৰাজ্যিক কার্যনির্বাহক সদস্য তথা সাহিত্য অকাডেমি যুৱ বঁটাপ্রাপক কৃষ্ণমোহন সিংহৰ নেতৃত্বত চহৰখনৰ শম্ভুসাগৰ উদ্যানৰ পৰা অনুষ্ঠিত এই প্ৰতিবাদত বৰাক উপত্যকাৰ চুতীয়া ছাত্র সন্থা আৰু চুতীয়া সমাজৰ লগতে আদৰকোণা বৰথল গাঁৱৰ অসমীয়া ৰাইজেও কাৰ্যসূচীটোত সহযোগিতা আগবঢ়ায়। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উদ্দ্যেশ্যি এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে । ছাত্র সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিহুনাম পৰিৱেশন কৰা বাবেই বিহুৱা দলক নৃশংসভাৱে আক্ৰমণ কৰা ঘটনাক কেতিয়াও সহজভাবে নলয় বুলি দৃঢ় মত পোষণ কৰে। সন্থাৰ নেতৃত্বই কয় যে অসমভূমিত বিহুৰ অপমান সহ্য কৰা নহ’ব। এই ঘটনাৰ সৈতে জড়িত প্রতিজন অভিযুক্তই কঠোৰ শাস্তি পাবই লাগিব। প্ৰতিবাদৰ অন্তত আছুই শ্রীভূমি জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক দাবীপত্র প্রদান কৰে।  ঘটনাটোক লৈ বিভিন্ন মহলত চর্চা অব্যাহত থকাৰ সময়তে শ্রীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেই আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ঘটনাটোৰ আঁৰত সাম্প্রদায়িক সংঘাতৰ স্পষ্ট প্রমাণ এতিয়ালৈকে পোৱা নাই বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে। আজি এক সংবাদ মেলযোগে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দলেই কয় যে বর্তমানলৈকে উক্ত ঘটনা সন্দর্ভত ১৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটো সংঘটিত হোৱাৰ দিনাখনেই ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত আন পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। চাঞ্চল্যকৰ ঘটনাটোত দুজন আৰক্ষী কর্মীসহ মুঠ ১০জন লোক আহত হৈছে। ঘটনাটোক লৈ নিৰপেক্ষ তদন্ত আৰক্ষীয়ে অব্যাহত ৰখাৰ লগতে ইতিমধ্যে জামিন লাভ কৰা অভিযুক্তৰ জামিন বাতিলৰ বাবেও প্রয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলাই থকা হৈছে। তেওঁ কয় যে অভিযোগ উঠা হিন্দুস্থান ক্লাবৰ পূজা সমিতিখনেও বিহু দলক আমন্ত্রণ জনোৱাৰ লগতে অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ উপস্থাপনৰ ব্যৱস্থা কৰিছিল। অৱশ্যে ইয়াৰ মাজতে অনুষ্ঠানস্থলীত অত্যধিক মদ্যপানৰ ফলত একাংশ লোকৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ দিশকো তদন্তৰ আওতালৈ অনা হৈছে। সম্প্রতি শ্রীভূমিৰ পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণাধীন বুলি মন্তব্য কৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক দলেই সামাজিক মাধ্যমত যাতে কোনোধৰণৰ ভুৱা তথ্য অথবা উচটনিমূলক বার্তা প্ৰচাৰ কৰা নহয়, তাৰ প্ৰতিও নজৰ ৰখা হৈছে। ইফালে, বিহু দলটোৰ ওপৰত হোৱা আক্রমণৰ ঘটনাৰ তদন্তৰ লগতে আঘাতপ্রাপ্ত সদস্যসকলৰ চিকিৎসা আৰু চিকিৎসকৰ প্রতিবেদনক লৈও প্রতিবাদকাৰীসকলে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি, আক্ৰমণৰ পিছত আহত যুৱকসকলক চিকিৎসালয়লৈ নিয়াৰ সময়ত তেওঁলোকৰ শৰীৰত আঘাতৰ চিন স্পষ্টকে দেখা গৈছিল। কিন্তু চিকিৎসাৰ প্ৰতিবেদনত তেওঁলোকে ক’তো আঘাত পোৱা নাছিল বুলি উল্লেখ কৰা হৈছিল বুলি প্রতিবাদকাৰীসকলে দাবী কৰে। এই সন্দর্ভত প্রতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে, সেইদিনা আমি যেতিয়া আঘাতপ্রাপ্ত আমাৰ ল’ৰাকেইটাক চিকিৎসালয়লৈ নিছিলোঁ, তেতিয়া সকলোরে প্রত্যক্ষ কৰিছিল যে তেওঁলোকৰ গাত কিমান আঘাতৰ চিন আছিল। কিন্তু চিকিৎসকে চিকিৎসাৰ প্রতিবেদনত তেওঁলোকে ক’তো আঘাত পোৱা নাইবুলিহে উল্লেখ কৰিছিল। কিন্তু আদালতত চিকিৎসকৰ প্ৰতিবেদন মিছা বুলি প্রমাণিত হ’ল। কাৰণ আদালতত ন্যায়াধীশে আহত ল’ৰাকেইজনক প্রত্যক্ষ কৰিছিল। সেয়ে, সেই চিকিৎসকজনকো তদন্তৰ আওতালৈ আনিব লাগে।