বৰা ছাৰ্ভিচৰ হোটেল বিলাস ইনত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহটীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ গুৱাহাটীৰ বৰা ছাৰ্ভিচত সংঘটিত এক গুলীচালনাৰ ঘটনাত কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ৷ সদাব্যস্ত মহানগৰীৰ বৰা ছাৰ্ভিচৰ বিলাস ইন নামৰ হোটেলত সোমবাৰে নিশাৰ ভাগত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাত দুই মহিলাসহ পাঁচজন লোকে প্রাণ হেৰুৱাবলগীয়া হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে নিশা প্রায় ৯ বজাত সংঘটিত হয় এই নজিববিহীন ঘটনা। ভয়ংকৰ ঘটনাটোত হোটেলখনৰ স্বত্বাধিকাৰসহ মুঠ পাঁচজন লোকে প্রাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে এজন লোক গুৰুতৰভাবে আহত হয়। ভয়ংকৰ এই কাণ্ডটোত নিঃশেষ হৈ গৈছে এটি অসমীয়া পৰিয়াল। নৃশংস ঘটনাটোৰ তথ্য পোহৰলৈ অহাৰ পাছতেই একপ্ৰকাৰ যান-জটত আবদ্ধ হৈ পৰে মহানগৰীৰ সদাব্যস্ত জিএছ ৰোড। ঘটনাটোক লৈ বিভিন্ন মহলৰ উৎকণ্ঠা অব্যাহত থকাৰ মাজতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্তই এই ঘটনাক লৈ স্থিতি স্পষ্ট কৰিছে। তেওঁ সদৰী কৰা মতে সমগ্র ঘটনাটো ব্যৱসায়িক বিবাদৰ নৃশংস পৰিণতি বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত সন্দেহ কৰিছে। ঘটনাটোৰ মূল অভিযুক্ত ঘনকান্ত গগৈক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কয় যে ঘনকান্ত গগৈ নামৰ লোকজনে নিজৰ পিষ্টলেৰে এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰে। বিগত এবছৰ ধৰি হোটেলখন লীজত লৈ চলাই আছিল ঘনকান্ত গগৈয়ে। হোটেলখনৰ প্ৰকৃতগৰাকী হেলেনা ভৰালীৰ সৈতে হোৱা ব্যৱসায়িক সংঘাতৰ পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য আৰক্ষীয়ে প্রাথমিক অনুসন্ধানত লাভ কৰিছে। হত্যাকাৰী ঘনকান্ত গগৈয়ে নিজৰ পইন্ট ৩২ পিষ্টলেৰে নির্বিচাৰে গুলীচালনা কৰাৰ ফলত হোটেলখনৰ প্ৰকৃত গৰাকীৰ লগতে মুঠ ৫জন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। ভয়ংকৰ ঘটনাটোত হোটেলখনৰ প্ৰকৃত মালিক হেলেনা ভৰালীৰ লগতে তেওঁৰ পুত্ৰ দেৱর্ষি ঈশান কাশ্যপ, বোৱাৰী ৰিণিকা ভৰালী আৰু নাৰায়ণ দাস নামৰ লোকজনৰ মৃত্যু হৈছে। মৃত নাৰায়ণ দাসৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে। ঘটনাত ভূদেৱ ভৰালী নামৰ আন এজন লোকৰ মৃত্যু হোৱা বুলি অসমর্থিত সূত্রই সদৰী কৰিছে যদিও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। মৃত ভূদেৱ ভৰালীক হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীৰ সম্পৰ্কীয় ভাতৃ বুলি জানিব পৰা গৈছে। এই সন্দর্ভত জিএমচিএইচৰ মুখ্য অধীক্ষক ডাঃ বাবুল বেজবৰুৱাই সদৰী কৰা মতে মুখত গুলীবিদ্ধ নাৰায়ণ দাসৰ হাস্পতাললৈ অনাৰ পূৰ্বেই মৃত্যু হৈছিল। আনগৰাকী আহত সত্যেন্দ্ৰ পাঠকৰ কান্ধত গুলীবিদ্ধ হৈছে। সম্প্রতি তেওঁক চিকিৎসকৰ দলে পৰ্যবেক্ষণত ৰাখিছে। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ যদিও অসুস্থতা বৃদ্ধি পালে আইচিইউলৈ স্থানান্তৰ কৰাৰো সম্ভাৱনা আছে বুলি ডাঃ বেজবৰুৱাই লগতে কয়। জানিব পৰা মতে, নিশা প্রায় ৯ বজাত সংঘটিত ঘটনাটোৰ পাছতেই পলায়ন কৰা ঘনকান্ত গগৈক মহানগৰ আৰক্ষীয়ে ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টাৰ ভিতৰতে বশিষ্ঠৰ পৰা গ্ৰেপ্তাৰ কৰে। পাঁচজনকৈ লোকক নিজৰ পিষ্টলেৰে হত্যা কৰা গগৈয়ে হত্যাকাণ্ডটোৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্তই সদৰী কৰা মতে হত্যাকাণ্ডটোৰ মূল উদ্দেশ্য পোহৰলৈ অহা নাই যদিও সম্পত্তিকেন্দ্ৰিক বিবাদৰ ফলতেই এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীয়ে কৰিছে।
