বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থানৰ প্ৰাংগণত প্ৰয়াত দিব্য মহন্ত ফুকনৰ স্মৃতিচাৰণ সভা ‘স্মৃতি সুবাস’ অনুষ্ঠিত

বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থানৰ প্ৰাংগণত প্ৰয়াত দিব্য মহন্ত ফুকনৰ স্মৃতিচাৰণ সভা ‘স্মৃতি সুবাস’ অনুষ্ঠিত

বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থানৰ প্ৰাংগণত আজি প্ৰয়াত কবি-সাহিত্যিক, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী তথা বিহালী শাখাৰ প্ৰতিষ্ঠাপক সম্পাদিকা দিব্য মহন্ত ফুকনৰ স্মৃতিত ‘স্মৃতি সুবাস’ শীৰ্ষক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। গুৱাহাটীস্থিত দিব্য মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আয়োজিত এই সভাৰ আঁত ধৰে কবি তথা ছাত্ৰ নেতা অমৰ ফুকনে। শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখনত গহপুৰৰ লেখিকা সবিতা কুঁৱৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। সভাত উপস্থিত কেইবাগৰাকীও বিশিষ্ট কবি-সাহিত্যিকে প্ৰয়াত ফুকনৰ সাহিত্য কৰ্ম আৰু জীৱনৰ স্মৃতি ৰোমন্থন কৰে। উক্ত অনুষ্ঠানতে দিব্য মেমৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা বিহালী অঞ্চলৰ সাতগৰাকী কবি-সাহিত্যিক-লেখিকা ক্ৰমে আলোচনা কুৰ্মী, ৰূপালী দাস, মফিদা খাতুন, কুঞ্জ হাজৰিকা, থানেশ্বৰী গঞ্জু কুৰ্মী, অৰ্পনা শইকীয়া দাস আৰু অৰ্পনা হাজৰিকা তামুলীক চেলেং-চাদৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে গহপুৰৰ সবিতা কুঁৱৰ, বিপুল দিহিঙীয়াকে ধৰি আন চাৰিগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধিত কৰা হয়। উক্ত কাৰ্যসূচীত গাংমৌ থান পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক, ডেকা সত্ৰাধিকাৰ বীৰেন্দ্ৰ নাথ গোস্বামী, ৰূপম গোস্বামী, কবি-সাহিত্যিক ঘন বৰুৱা, সাংবাদিক অমিতাভ বৰুৱা, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি ভুবন লুইটেল, উপ-সভাপতি খগেন মটক, কৰণ শইকীয়া প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শেষত নিৰঞ্জন দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত সভাৰ সামৰণি পৰে।