ফ্রেন্স অ’পেনত ৰানাৰ আপতে সন্তুষ্ট ভাৰতৰ পি ভি সিন্ধু

ফ্রেন্স অ’পেনত ৰানাৰ আপতে সন্তুষ্ট ভাৰতৰ পি ভি সিন্ধু

ৰঙিলী বাৰ্ত্তাসেৱা- দুবাৰৰ অলিম্পিক পদকজয়ী ভাৰতৰ পি ভি সিন্ধুৱে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত বিডব্লিউএফ ফ্রেন্স অ’পেন ছুপাৰ ৭৫০ প্রতিযোগিতাত ৰানাৰ আপতে সন্তুষ্ট থাকিল। দেওবাৰে অনুষ্ঠিত মহিলা ছিংগলছৰ ফাইনেলত দুবাৰকৈ অলিম্পিকৰ পদক বিজয়ী সিন্ধুৱে বিশ্বৰ শীর্ষ ৰেংকিঙৰ খেলুৱৈ দক্ষিণ কোৰিয়াৰ অন চে ইয়ঙৰ হাতত পৰাস্ত হয়। পেৰিছৰ এৰিনা গ্ৰেণ্ডত অনুষ্ঠিত ফাইনেলত ভাৰতীয় তাৰকাগৰাকীয়ে অলিম্পিক ডিফেণ্ডিং চেম্পিয়ন ইয়ঙৰ বিৰুদ্ধে ২১-১৬, ১১-২১, ১২-২১ ব্যৱধানত পৰাজয়বৰণ কৰে। ইয়াৰ দ্বাৰা ১৯৯৮ চনৰ পিছত ফ্রেন্স অ’পেন খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ল সিন্ধুৰ। ১৯৯৮ চনত অপর্ণা পোপটে ফ্রেন্স অ’পেন জয় কৰি এক বিৰল অভিলেখ ৰচনা কৰিচিল। মেচখনত সিন্ধুৱে শক্তিশালীভাৱে আৰম্ভ কৰি প্ৰথম গেমটো ২১-১৬ ব্যৱধানত নিজৰ দখললৈ আনিছিল যদিও দক্ষিণ কোৰিয়াৰ খেলুৱৈগৰাকীয়ে পৰৱৰ্তী গেম দুটাত তীব্ৰ প্ৰত্যাহ্বানেৰে মেচখন নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে। ইয়াৰ পূৰ্বে খেলা প্রতিখন মেচতে সিন্ধুক পৰাস্ত কৰা অন চে ইয়ঙে এই জয়েৰে ব্যৱধান ১১-০লৈ বৃদ্ধি কৰে। বিশ্বৰ ১১ নম্বৰ বাছনি সিন্ধুৱে ছেমিফাইনেলত জাপানৰ হিনা আকেচিক পৰাস্ত কৰি ফ্রেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ফ্রান্সত তেওঁৰ এই যাত্রাত প্ৰথম ৰাউণ্ডত থাইলেণ্ডৰ ছুপানিপা কেটেথঙৰ বিৰুদ্ধে এক নাটকীয় জয়েৰে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰিকো গুঞ্জি আৰু ছিউ পিন-চিয়ানক পোনপটীয়া ছেটত পৰাজয় কৰিছিল।