একেদিনাই অসম-মিজোৰাম-মণিপুৰৰ ৩৮ স্থানত ড্ৰাগছ বিৰোধী অভিযান

একেদিনাই অসম-মিজোৰাম-মণিপুৰৰ ৩৮ স্থানত ড্ৰাগছ বিৰোধী অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- যুৱপ্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্যৰ ব্যৱসায়ৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে আন এক বৃহৎ অভিযান। ইয়াৰ অংশস্বৰূপে যোৱা ২৩ অক্টোবৰত অসম, মিজোৰাম আৰু মণিপুৰৰ ৩৮টা স্থানত একে সময়তে অভিযান চলোৱা হয়। নার্ক’টিকছ কন্ট্র’ল ব্যুৰ’ৰ নেতৃত্বত চলা এই অভিযানৰ নামকৰণ কৰা হৈছিল অপাৰেচন ট্রাইডেন্ট। এনফ ‘চমেণ্ট ডাইৰেক্টৰেট আৰু সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱা অভিযানটো অতি সফল হিচাপে পৰিগণিত হৈছে।   ‘অপাৰেশ্যন ট্রাইডেন্ট’ৰ অধীনত অসম, মিজোৰাম আৰু মণিপুৰৰ মুঠ ৩৮ টা স্থানত একেলগে অভিযান চলাই এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্র উৎখাত কৰা হৈছে বুলি সদৰী কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। দেওবাৰে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত সদৰী কৰা অনুসৰি অভিযানকালত ১০০ কোটি টকাৰ হাৱালা লেনদেনৰ তথ্য উন্মোচিত হৈছে। সেইদৰে ১,৪২৪টা বেংক একাউন্ট জব্দ কৰাৰ লগতে বাজেয়াপ্ত কৰা হৈছে ১৭.৮২ কোটি টকাৰ সম্পত্তি। অভিযানকাৰী দলে ৫০০ ডিট’নেটৰ-১২ লাখ নগদ ধনো উদ্ধাৰ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- এনে কু-কাৰ্যৰে জড়িত আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ ১৮জন মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পোষ্টটোত এইদৰে লিখিছে- অপাৰেচন ট্রাইডেণ্টৰ দ্বাৰা মোদী চৰকাৰে ড্ৰাগছবিৰোধী যুদ্ধত আন এক মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছে। যোৱা ২৩ অক্টোবৰত অসম, মিজোৰাম আৰু মণিপুৰৰ ৩৮টা স্থানত আমাৰ বিভিন্ন সংস্থাই একেলগে ব্যাপক অভিযান চলাই এটা আন্তর্জাতিক নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী চক্ৰক উৎখাত কৰে। এই অভিযানৰ সময়ছোৱাত ১০০ কোটি টকাৰ হাৱালা লেনদেনৰ তথ্য পোহৰলৈ আহিছে। জব্দ কৰা হৈছে ১,৪২৪টা বেংক একাউন্ট। ১৭.৮২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। ৫০০ ডিট’নেটৰ আৰু ১২ লাখ নগদ ধন উদ্ধাৰ কৰাৰ লগতে ১৮জন লোকক গ্ৰেপ্তাৰ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে জানিবলৈ দিয়া মতে, এই চক্রটোৱে ডেথ ট্রায়েংগ’ল কৰিড’ৰ ব্যৱহাৰ কৰি ভাৰত, ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৰে নিচাযুক্ত দ্রব্য সৰবৰাহত লিপ্ত। ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ড্ৰাগছ নেটৱৰ্ক নির্মূল কৰাৰ লক্ষ্যত ভাৰতৰ হিমালয়সদৃশ সংকল্পকে এই অভিযানে প্ৰমাণ কৰে। ড্ৰাগছ চক্ৰৰ কফিনত শেষ গজালটো নমৰা পৰ্যন্ত ভাৰতৰ কঠোৰ আঘাত অব্যাহত থাকিব। কেন্দ্রীয় অভিযানকাৰী সংস্থাৰ লগতে সংশ্লিষ্ট তিনিওখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ সমন্বয়ত গঠিত নিচাযুক্ত দ্রব্যবিৰোধী দলক তেওঁ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।