মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰিধি আৰু অস্তিত্বৰ অন্বেষণ: কিতাপৰ পৃষ্ঠাত জীৱনৰ দাপোণ – জ্যোতিমণি মাহত্ব

Pc StockCake

মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰিধি আৰু অস্তিত্বৰ অন্বেষণ: কিতাপৰ পৃষ্ঠাত জীৱনৰ দাপোণ

জ্যোতিমণি মাহত্ব,
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ
স্নাতক তৃতীয় ষাণ্মাসিকৰ গণিত বিভাগৰ ছাত্ৰী

মহাবিদ্যালয়ৰ চৌহদ মানেই কেৱল শ্ৰেণীকোঠা, বক্তৃতা আৰু পৰীক্ষাৰ নম্বৰৰ দৌৰ নহয়,ই হ’ল এটা মুক্ত আকাশ, য’ত এজাক ডেউকা কোবোৱা পখীয়ে নিজৰ অস্তিত্বৰ সন্ধান কৰে। কিন্তু সাম্প্ৰতিক সময়ত প্ৰশ্ন হয়— আমাৰ এই যুৱপ্ৰজন্মৰ চিন্তাত নতুনত্বৰ জোৱাৰ উঠিব কেনেকৈ? ইয়াৰ একমাত্ৰ আৰু অন্যতম সঁহাৰি হ’ল কিতাপ। পাঠ্যপুথিয়ে আমাক কেৱল এটা জীৱিকাৰ পথ দেখুৱাব পাৰে, কিন্তু অক্ষৰৰ সীমনাইদি বৈ অহা পাঠ্যপুথিৰ বাহিৰৰ কিতাপসমূহেহে আমাক জীৱন জীয়াই থকাৰ মন্ত্ৰ দিয়ে। বৰ্তমানৰ যান্ত্ৰিক আৰু ডিজিটেল কোলাহলৰ যুগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাহিৰা কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা কেৱল এক অভ্যাস নহয়, ই এক সংগ্ৰাম— নিজৰ আত্মাক জীয়াই ৰখাৰ।বৰ্তমানৰ যান্ত্ৰিক আৰু ডিজিটেল কোলাহলৰ যুগত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বাহিৰা কিতাপৰ সান্নিধ্য এক অপৰিহাৰ্য মানসিক সঞ্জীৱনীস্বৰূপ।

আজিকালি মহাবিদ্যালয়ৰ চৌহদ সমূহত ভৰি দিলেই এক মুকলি স্বাধীনতাৰ সোৱাদ পোৱা যায়। কিন্তু বহু সময়ত এই স্বাধীনতাই কঢ়িয়াই আনে এক কাল অমানিশা। বন্ধু-বান্ধৱীৰ প্ৰভাৱত বা কেৱল সাময়িক উত্তেজনা আৰু কৌতূহলৰ বশৱৰ্তী হৈ বহু ছাত্ৰ-ছাত্ৰী ড্ৰাগছ, মদ ,চিগাৰেট বা অন্যান্য ভয়াৱহ নিচাযুক্ত দ্ৰব্যৰ কৱলত আসক্ত হ‌য়। মানসিক চাপ বা হতাশাজনক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বহুতে নিচাক আশ্ৰয় কৰি লয়, কিন্তু ই যে আচলতে জীৱনক ধ্বংস কৰাৰ এক চুটি পথ, সেই কথা তেওঁলোকে বুজি নুঠে।অসমৰ সাংস্কৃতিক জগতৰ কাণ্ডাৰী তথা যুৱপ্ৰজন্মৰ প্ৰাণস্পন্দন হিয়াৰ আমঠু জুবিন গাৰ্গে সদায় এই নিচাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি আহিছে। তেওঁৰ বলিষ্ঠ কণ্ঠৰে বহুবাৰ হুংকাৰ দিছে— “জীৱনটো নিজেই এটা আটাইতকৈ ডাঙৰ নিচা, ইয়াক সুন্দৰকৈ জীয়াই চাব লাগে। কৃত্ৰিম নিচাই মানুহৰ সৃষ্টিশীলতাক চিৰদিনৰ বাবে মৰহায় পেলায়। মই যি সৃষ্টি কৰোঁ, তাৰ আঁৰত কোনো নিচা নাই, আছে কেৱল মোৰ পঢ়াৰ টেবুলখনৰ কিতাপবোৰ।” জুবিন গাৰ্গৰ এই আহ্বান আজিৰ প্ৰতিজন শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ শিক্ষা। কিতাপৰ অক্ষৰৰ মাজত যি নিচা থাকে, শব্দৰ মাজত যি মাদকতা থাকে— সেই নিচাই মানুহক পোহৰৰ পিনে লৈ যায়, সমাজক গঢ়াৰ সাহস দিয়ে।

মহাবিদ্যালয়ৰ দিনবোৰতেই বহু শিক্ষাৰ্থীয়ে প্ৰথমবাৰৰ বাবে প্ৰেমৰ গভীৰ আৱেগ অনুভৱ কৰে। কিন্তু সকলো প্ৰেমৰে সমাপ্তি সুন্দৰ নহয়। যেতিয়া এটা নিবিড় সম্পৰ্কত বিশ্বাসঘাটকতা বা বিচ্ছেদ আহে, তেতিয়া আৱেগিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকল ভাঙি পৰে। চাদৰৰ কোণত চকুপানী টুকি, পঢ়া-শুনা ত্যাগ কৰি, আনকি নিজৰ বহুমূলীয়া জীৱনটোক শেষ কৰি দিয়াৰ দৰে চৰম সিদ্ধান্ত ল’বলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে।

তেনে এক মানসিক ধুমুহাক প্ৰশমিত কৰিবলৈ কিতাপতকৈ ডাঙৰ মলম আন একো হ’ব নোৱাৰে। বিশ্ব সাহিত্যৰ মহান উপন্যাস বা কবিতাসমূহে আমাক শিকায় যে বিচ্ছেদ জীৱনৰ শেষ নহয়, ই জীৱনৰ এটা অধ্যায়হে। কিতাপে ভাঙি যোৱা হৃদয়খনক মৰমেৰে সাৱটি ধৰি ক’ব পাৰে— “উঠা, তুমিয়েই পাৰিবা।” ঠিক জুবিন গাৰ্গৰ গীতৰ দৰেই— “তুমিও সলনি হ’লা, সময়ো সলনি হ’ল…” বুলি দুখটোক সৃষ্টিশীলতালৈ ৰূপান্তৰ কৰাৰ শক্তি কেৱল অধ্যয়নেহে দিব পাৰে।

যেতিয়া এজন শিক্ষাৰ্থীয়ে দিনে-ৰাতিয়ে কষ্ট কৰিও পৰীক্ষাত আশানুৰূপ ফলাফল নাপায়, তেতিয়া তেওঁ তীব্ৰ হীনমন্যতাত ভোগে। ঘৰৰ মানুহৰ গঞ্জনা আৰু সমাজৰ হাঁহিয়ে তেওঁক কোঙা কৰি পেলায়।

কিন্তু পাঠ্যপুথিৰ বাহিৰৰ কিতাপ, বিশেষকৈ পৃথিৱীৰ মহান মণিষীসকলৰ জীৱনী পঢ়িলে গম পোৱা যায় যে পৰীক্ষাৰ এখন কাগজে কাৰো ভৱিষ্যত বা মেধা নিৰ্ধাৰণ কৰিব নোৱাৰে। এলবাৰ্ট আইনষ্টাইনৰ পৰা আৰম্ভ কৰি বিল গেটচলৈকে— সকলোৱেই কোনোবা কোনো কোনো সময়ত শৈক্ষিকভাৱে অসফল হৈছিল, কিন্তু জীৱনৰ পৰীক্ষাত তেওঁলোক সৰ্বশ্ৰেষ্ঠ প্ৰমাণিত হৈছিল। কিতাপে আমাক পৰাজয়ক স্বীকাৰ কৰি পুনৰ যুঁজ দিয়াৰ মানসিকতা গঢ়ি তোলে।

ল’ৰা-ছোৱালী একেলগে বহি কৰা আড্ডাবোৰ মহাবিদ্যালয় জীৱনৰ আটাইতকৈ মধুৰ স্মৃতি। আড্ডা সদায় সৃষ্টিশীল হ’ব লাগে। ইয়াত আলোচনা হ’ব লাগে নতুন কিতাপৰ, গানৰ, কবিতাৰ বা সমাজ পৰিৱৰ্তনৰ বৌদ্ধিক বিকাশৰ নতুন নতুন পৰিকল্পনাৰ। আজিৰ যুৱপ্ৰজন্মই মোবাইলৰ স্ক্ৰীণৰ পৰা চকু আঁতৰাই কিতাপৰ বুকুত নিজৰ হেৰুৱা সপোনবোৰ পুনৰ বুটলি লব লাগিব।

কিতাপ হ’ল অতীত আৰু ভৱিষ্যতৰ মাজৰ এখন অদৃশ্য সেতু। যেতিয়া এজন শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ কঠিন সূত্ৰবোৰৰ পৰা আঁতৰি আহি এখন উপন্যাস, এটি কবিতা বা কোনো মহান মণিষীৰ জীৱনী হাতত তুলি লয়, তেতিয়া তেওঁৰ সন্মুখত উন্মোচিত হয় এক নতুন দিগন্ত। সাহিত্যৰ এই কাব্যিক মায়াজালে মানুহৰ মনৰ ভিতৰত থকা সুপ্ত অনুভূতিবোৰক সাৰ পাই তোলে। কিতাপে শিকায় কেনেকৈ বসন্তৰ প্ৰথমজাক বৰষুণক আদৰিব লাগে, কেনেকৈ কাৰোবাৰ দুখত সমভাগী হ’ব লাগে। মহাবিদ্যালয়ৰ এই সন্ধিক্ষণৰ বয়সত নিজক চিনি পোৱাৰ যি প্ৰক্ৰিয়া, তাত কিতাপতকৈ ডাঙৰ সাৰথি আন কোনো হ’ব নোৱাৰে।

জুবিন গাৰ্গে সদায় কয় যে গান গাবলৈ বা যিকোনো সৃষ্টিশীল কাম কৰিবলৈ হ’লে মনটো উদাৰ হ’ব লাগিব আৰু তাৰ বাবে কিতাপ পঢ়াটো খুবেই দৰকাৰী। তেওঁ নিজে বিশ্ব সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্যৰ চহকী ভাণ্ডাৰসমূহ অধ্যয়ন কৰিছে। তেওঁৰ গীতৰ কথা, সুৰ আৰু চিন্তাধাৰাত এই অধ্যয়নপুষ্ট মনটোৰ প্ৰতিফলন দেখা পোৱা যায়। যুৱপ্ৰজন্মক কেৱল মোবাইলৰ পৰ্দাত আৱদ্ধ নাথাকি কিতাপৰ পাত লুটিয়াবলৈ তেওঁ সততে সোঁৱৰাই দিয়ে, কাৰণ কিতাপেহে মানুহক মৌলিকভাৱে চিন্তা কৰিবলৈ শিকায়, অনুকৰণ কৰিবলৈ নহয়।

কিতাপেই হওক এই সকলো সমস্যাৰ মহৌষধ,যেতিয়া এজন ছাত্ৰই নিচাৰ কৱলত পৰে, প্ৰেমত প্ৰতাৰিত হয় বা পৰীক্ষাত ফেইল কৰে— তেতিয়া তেওঁক আটাইতকৈ বেছি প্ৰয়োজন হয় এজন নিস্বাৰ্থ বন্ধুৰ আৰু কিতাপতকৈ ডাঙৰ নিস্বাৰ্থ বন্ধু সমগ্ৰ ব্ৰহ্মাণ্ডত নাই।কিতাপৰ পৃষ্ঠা যেতিয়া কেৱল নম্বৰ পোৱাৰ আহিলা নহৈ জীৱনক বুজি পোৱাৰ দাপোণ হৈ পৰে, তেতিয়াই এজন শিক্ষাৰ্থীৰ প্ৰকৃত বৌদ্ধিক আৰু মানসিক উত্তৰণ ঘটে। পাঠ্যপুথিৰ আখৰবোৰক বাস্তৱ পৃথিৱীৰ অনুভৱেৰে স্পৰ্শ কৰিব পৰাটোৱেই হ’ল কলেজীয়া জীৱনৰ সৰ্বোত্তম সাৰ্থকতা। ডিগ্ৰীধাৰী যান্ত্ৰিকতাৰ ভিৰৰ মাজত হেৰাই নোযোৱাকৈ, কিতাপৰ পৃষ্ঠাত জীৱনৰ ঠিকনা বিচাৰি পোৱা আৰু সমাজৰ বহল কেনভাচত নিজৰ অস্তিত্বক প্ৰতিষ্ঠা কৰিব পৰাটোৱেই হওক প্ৰতিজন প্ৰাণৱন্ত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মূল লক্ষ্য।