সন্ধ্যাৰ এধানি বাৰ্তা – বনজিত দাস

Pc Unsplash

সন্ধ্যাৰ এধানি বাৰ্তা

বনজিত দাস,ৰিহাবাৰী, বজালী

এধানি এধানিকৈ নামি অহা
সন্ধ্যাৰ লাজুক খোজত
হৃদয়ত ডুবিল পোহৰৰ ছাঁ
জোনাকী পৰুৱাৰ ঢৌ তুলি
বিষাদৰ চাকনৈয়া  ।

মৌনতাই গান গোৱা
জীৱনৰ গীতত
হেজাৰ আশাৰ তৰাৰ তিৰবিৰ ।

তাতে সৰে আন্ধাৰৰ বুকুত
এটুকুৰা অনন্ত পোহৰ
নতুন প্ৰভাতৰ প্ৰতিশ্ৰুতি ।

কথাটো পতা নহ’ল
সন্ধিয়াৰ পোহৰৰ যুঁজত –
এন্ধাৰ আৰু মৃত্যুৰ
সময়ৰ নীৰৱ বাৰ্তালাপ ।

সময়ৰ প্ৰতিটো ক্ষণতেই
জীৱন যুঁজৰ নীৰৱ বাৰ্তা
ছাঁ আৰু পোহৰৰ অলেখ প্ৰতিচ্ছবি ।

য’ত শব্দ হেৰাই
মাথো প্ৰতিধ্বনিত হয়
অস্তিত্বৰ গোপন অৰ্থ ।