বিহমাৰী বনগাঁও পাঁচআলিত বণিক সন্থাৰ উদ্যোগত লক্ষ্মী পূজা উদযাপন
কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা
বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁও পাঁচআলি চেণ্টাৰত যোৱা ইংৰাজী ২৫ অক্টোবৰত পুৱা ৯ বজাৰ পৰা বণিক সন্থাৰ উদ্যোগত শ্ৰীশ্ৰী লক্ষ্মী পূজা ভক্তিভাৱেৰে অনুষ্ঠিত হয়। পূজাৰ শুভাৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বণিক সন্থাৰ তৰফৰপৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত বণিক সন্থাৰ সভাপতি কামেশ পোদ্দাৰে উদ্বোধনী ভাষণ প্ৰদান কৰে। সন্থাৰ তৰফৰপৰা তেখেতক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। ইয়াৰ পাছতে সন্থাৰ উপদেষ্টা প্ৰেম বৈষ্ণৱ আৰু ৰঞ্জিত বনিয়াই উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে। দুয়োগৰাকী উপদেষ্টাক সন্থাৰ তৰফৰপৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে সম্পাদক পলাশ কটকী আৰু সাংগঠনিক সম্পাদক সৌৰভ বৰুৱাই।

উক্ত অনুষ্ঠানতে এই বৰ্ষৰ লক্ষ্মী প্ৰতিমাৰ দাতা কল্যাণ গুপ্তাক সন্থাৰ তৰফৰপৰা কৃতজ্ঞতা জ্ঞাপন কৰি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। লগতে দান-বৰঙণি সংগ্ৰহ, বজাৰ-সমাৰকে ধৰি বিভিন্ন কামত আগভাগ লোৱা ঘন বৰুৱা, ৰোহিত দাস, ৰাজেন বাঢ়ৈ, গকুল দাস আদি কাৰ্যকৰ্তাসকলৰ লগতে বিভিন্ন কামত সক্ৰিয় সহযোগিতা আগবঢ়োৱা সদস্য তথা বনগাঁও বাসী ৰাইজলৈ বণিক সন্থাৰ তৰফৰপৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
