ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই যুৱক, আহত আন দুজন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত কাহিলী পুৱাতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্যমতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৩.০০ মান বজাত মহানগৰখনৰ কুমাৰণীছিগাস্থিত নেক্সা শ্ব’ৰুমৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। বিশ্ববিদ্যালয়ৰ দিশৰ পৰা আমোলাপট্টি অভিমুখে গৈ আছিল এ এছ ০৬ এ কে ১০৯৯ নম্বৰৰ এখন ব্যক্তিগত বাহন। সেই সময়তে কুমাৰণীছিগাৰ নেক্সা শ্ব’ৰুমৰ সমীপত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, ফলত বাহনখনত থকা চালকসহ চাৰিওজন যুৱক গুৰুতৰভাৱে আহত হয়। ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আহত আটাইকেইজনকে ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালত চিকিৎসকে বাহনখনৰ চালক ঋষিৰাজ মাউত (২১) আৰু যাত্ৰী লক্ষ্য ফুকন (২২)-ক মৃত ঘোষণা কৰে। দুৰ্ঘটনাটোত আহত হোৱা আন দুজন যুৱক সুৰ্তিৰাজ গোহাঁই (২১) আৰু অমিতাভ ফুকন (২২) বৰ্তমান চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাৰ খবৰ লাভ কৰি ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে । আনহাতে, কুমাৰণীছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশত পথৰ কাষত থকা সাংকেতিক চিহ্নসমূহ এজোপা গছৰ আঁৰত ঢাক খাই থকাৰ বিষয়টোৱেও বিশেষ চৰ্চা লাভ কৰিছে। সাংকেতিক চিহ্নসমূহ স্পষ্টকৈ দেখা নোপোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। কাহিলী পুৱাতে সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই দুটা পৰিয়াললৈ গভীৰ শোক কঢ়িয়াই অনাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলৰ সুৰক্ষা আৰু পথৰ কাষত থকা সাংকেতিক চিহ্নসমূহৰ দৃশ্যমানতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ উন্মোচিত কৰিছে।
