ৰামলীলা ময়দানত ৰাৱণ দাহন কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ 

Pc India Today

ৰামলীলা ময়দানত ৰাৱণ দাহন কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ভিন্ন প্ৰান্তত মঙলবাৰে পালন কৰা হৈছে বিজয়া দশমী ৷   বিজয়া দশমী উপলক্ষে উত্তৰ ভাৰতত ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলোৱাৰ নিয়ম ৷ প্ৰতি বছৰৰ দৰে এইবাৰো ৰামলীলা মৈদান, দিল্লীৰ দ্বাৰকাৰ ছেক্টৰ ১০ত বিজয়া দশমী উপলক্ষে ৰাৱণ দাহৰ আয়োজন কৰা হয় ৷ দিল্লীৰ ৰামলীলা ময়দানত বিজয়া দশমীৰ অনুষ্ঠানত যোগ দিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি কয়, দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনাইছো । আজি ভাৰতৰ চুকে-কোণে ৰামময় হৈ পৰিছে, গাঁৱে-গাঁৱে চহৰে-চহৰে দেশবাসী ৰামলীলাৰ ৰসত নিমজ্জিত হৈ পৰিছে । এয়া অত্যাচাৰ আৰু সন্ত্ৰাসৰ অন্ত পৰাৰ ঘোষণা আৰু অসত্যৰ ওপৰত সত্য সনাতনৰ বিজয়ৰ বিশ্বাস । ভাষণ প্রসংগত তেওঁ আৰু কয়- ‘বিজয়া দশমীৰ এই শুভলগ্নত আমি প্রভু শ্রীৰাম, মা জানকী আৰু বজৰংবলীৰ চৰণত প্রণিপাত জনাওঁ। এই পৱিত্ৰ পৰিৱেশত আমি দেশৰ সকলো লোককে বিজয়া দশমীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।’ ভাষণত মোদীয়ে মন্তব্য কৰে- ‘আমাৰ দেশৰ শত্রুসকলৰ বিৰুদ্ধে একেলগে যুদ্ধ কৰিব লাগিব। যি শক্তিসমূহে দেশৰ সন্মান ক্ষুণ্ণ কৰে, যিসকলে সমাজত বিভেদ সৃষ্টি কৰে আৰু আমাৰ সংস্কৃতিক ঘৃণা কৰে তেওঁলোকেই দেশৰ শত্রু। আজি বিজয়া দশমীৰ এই শুভলগ্নত আমাৰ সেই সংকল্প পুনৰ গ্ৰহণ কৰিব লাগিব। মা ভাৰতীৰ শত্ৰুসকলক আমি চিনিব লাগিব আৰু তেওঁলোকক পৰাজিত কৰিব লাগিব।’ প্ৰধানমন্ত্ৰীয়ে ভাৰতক সম্পূৰ্ণৰূপে স্বনিৰ্ভৰ কৰি তোলাৰ ওপৰত ইমানদিনে জোৰ দি অহাৰ দৰে এই ভাষণতো তাক দেখিবলৈ পোৱা যায়। তেওঁ কয়- ‘এখন দেশ তেতিয়াহে আগুৱাই যাব পাৰে, যেতিয়া সি নিজৰ সম্পদৰ জৰিয়তে নিজৰ প্রয়োজন পূৰণৰ সক্ষমতা অর্জন কৰে।’ ভগৱান ৰামৰ শিক্ষাৰ প্ৰসংগ টানি প্রধানমন্ত্রী মোদীয়ে কয় যে এই শিক্ষাই মানুহক শিকাইছে কিদৰে নিজৰ সম্পদ ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান বিচাৰি উলিয়াবলগীয়া হয়।

আনহাতে দিল্লীৰ দ্বাৰকাৰ ছেক্টৰ ১০ত বিজয়া দশমী উপলক্ষে আয়োজিত ৰাৱণ দাহৰ অনুষ্ঠানত উপস্থিত আছিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাৱণৰ প্ৰতিমূৰ্তিলৈ প্ৰতীকী কাড় নিক্ষেপ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ‘ৰাৱণ দহন’ কাৰ্য সম্পন্ন কৰে । তাৰ পাছতে ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়,দেশবাসীলৈ বিজয়া দশমী শুভেচ্ছা জনালো । এই উৎসৱ অধৰ্ম আৰু অন্যায়ৰ ওপৰত ধৰ্ম আৰু ন্যায়ৰ বিজয়ৰ উৎসৱ । দেশ বিভিন্ন স্থানত আয়োজিত ৰাৱণ দাহৰ কাৰ্যসূচীৰ দ্বাৰা ৰামৰ বাণী বা মহান আদৰ্শসমূহ স্মৰণ কৰা হয় ।