কাতি বিহু :..স্নিগ্ধ সমাহিত ৰূপ – দুলুমণি দেৱী

কাতি বিহু :..স্নিগ্ধ সমাহিত ৰূপ 

দুলুমণি দেৱী,মাকুম

অসমীয়া চহা জীৱনৰ অভিন্ন অংশ কাতি বিহুৰ আলোকসন্ধানী ৰূপ অনন্য আমেজসনা৷বিহুৰ ঐতিহ্য পৰম্পৰাই উদ্ভাসিত কৰে নতুনৰ বীজ ,নৱআলোকৰ সন্ধান লগতে সম্প্রীতিৰ এনাজৰী মজবুত কৰা শক্তি৷ বিশেষকৈ কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱাৰ পৰা আৰম্ভ কৰি ধাননি পথাৰত বন্তি লগাই পোহৰাই তোলাৰ যি বিনন্দীয়া পৰিবেশ সেয়া অতি বিতোপন৷ মুকলি আকাশ ,নির্মল বতাহ ,চৌপাশৰ সেউজময় পৰিবেশ …এয়াই হ’ল গ্রাম্য সমাজৰ  নিভাঁজ প্রতিচ্ছবি য’ত নেকি চহা অসমীয়াৰ মনৰ আশাবোৰো উৰন্ত হ’ব খোজে শাৰদীয় বতৰত কাতি বিহু অাগমনৰ সময়ত ৷ কৃষকৰ মনাকাশ আনন্দৰে ভৰি পৰে পথাৰখনে যেতিয়া হাঁহিব ধৰে ,এঠোক দুঠোককৈ গাখীয়তী ঠোকবোৰ সোণোৱালী হবলৈ আৰম্ভ কৰে ৷ তাৰ বাবে কাতি বিহুৰ দিনা ধাননি পথাৰখনত চাকি বন্তি লগায়  পোক পতংগই যাতে   পথাৰ ছানি ধৰিব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখি ৷

আজিৰ আৰু তাহানিৰ সময়ছোৱাৰ মাজত প্রত্যেকটো দিশতে পৰিবর্তন চকুত পৰে ,বিহুৰ  ক্ষেত্রতো  সেই  পৰিবর্তন দেখা পাওঁ যদিও বিহুৰ ঐতিহ্য পৰম্পৰা গ্রাম্য সমাজত এতিয়াও সুন্দৰকৈ চলি আছে আৰু চলি থাকিব ৷ল’ৰালি কালত পংপঙাই ফুৰা সময়ত কাতি বিহু আয়োজন কৰা যিখন প্রতিচ্ছবি সেয়া এতিয়াও আছে ,মাথো সলনি হৈছে চিন্তাধাৰাৰ ,সলনি হৈছে উপভোগৰ মাদকতা ,নিয়ম নীতি একেই আছে ৷তাহানিতে কাতি বিহুৰ দিনা পুৱাতে সোনকালে শুই উঠি লৰি ঢাপৰি তুলসী ভেটি বনাবলৈ যো জা কৰাৰ যি আমেজ সেয়া ভাবিলেই ভাললগা৷ঘৰখনত বাই ভনী ,ভাই ককাই আদিৰে, যেতিয়া ভৰি থাকে তেতিয়া ধামধুমেৰে কামবোৰ কৰাৰ আগ্রহো বাঢ়ে ৷ কোনোবা এটাই যদি তুলসী পুলি আনে ,কোনোবা এটাই ভেটি বনাবৰ বাবে মাটি যোগাৰ কৰে,…চাফচিকুন কৰে ,ইত্যাদি কামবোৰ সমিলমিলে কৰাৰ আনন্দখিনিয়ে বিহুক  উপভোগ্য কৰি তোলে৷ একেলগে সন্ধিয়া প্রার্থনা গাই ইঘৰ সিঘৰকৈ গাওঁখনত তুলসী পুজাত অংশ লবলৈ যোৱা হৈছিল৷ বর্তমানৰ ব্যস্ততাই যেন এইখিনিত প্রভাৱ পেলাইছে সেয়া অনুভৱ হয় ৷ কিয়নো কাতি বিহুৰ  দিনা অফিচ ,স্কুল কলেজ প্রায়ে বন্ধ নাথাকে৷,গতিকে স্কুলৰ পৰা আহি ল’ৰা ছোৱালীয়ে সেইখিনি কৰিবলৈ সময়ে বা পাই কত৷

যি কি নহওক কাতি বিহুৰ অসমীয়া সমাজত গভীৰ মহত্ব আছে৷ পবিত্র কাতি মাহতে ৰাস মহোৎসৱ ,দুর্গা পুজা ইত্যাদি ধর্মীয় অনুষ্ঠানবোৰ পতা হয়,৷ শাৰদীয় ঋতুৱে প্রকৃতিৰ সৈতে নিবিড়তাই কাতি বিহুৰ স্নিগ্ধ সমাহিত ৰূপ প্রকট কৰি তোলে৷ কাতি মাহ মাংগলিক মাহ ,ইয়াৰ মহত্ব অসীম অনন্ত আৰু সর্বজনবিদিত ইয়াৰ গুৰত্ব সদায় থাকিব সমাজত…৷