কাতি বিহুৰ তুলসী সেৱা
ইভা গন্ধীয়া ফুকন
বিহু অসমীয়া জাতিৰ প্ৰাণ। অসমীয়া জাতিটোৰ পৰিচয় বিহু। বিহুৰ সতে নিহিত হৈ আছে অসমীয়াৰ কলা কৃষ্টি, সংস্কৃতি, মান মৰ্যদা, লোকাচাৰ, সদাচাৰ, অসমীয়া জাতিটোৰ আশা- আকাংক্ষা, আৱেগ -অনুভূতি, কামনা- বাসনা, মৰম – চেনেহ, আনন্দ – উল্লাহ, আগ্ৰহ – হেঁপাহ আদি সকলোবোৰ যেন বিহুৰ বুকুতেই প্ৰতিফলিত হৈ আছে। বিহু বুলি ক’লে অসমীয়াৰ প্ৰাণত আনন্দ – উল্লাহৰ লহৰ উঠে। অসমীয়া সমাজত চলি থকা পৰম্পৰা, লোকাচাৰ, সাজ – পোছাক বিহুতেই প্ৰতিফলিত হৈ আহিছে। কাতি বিহু কঙালী হ’লেও কাতি বিহু আপোন। সময়ে গৰকা মাহ ঋতুৰ বোকোচাত উঠি আহে আহিন কাতি মাহ। অসমীয়া মাহৰ ছয় মাহ আহিন আৰু সাত মাহ হ’ল কাতি মাহ। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।
আহিন বুলিলে যেন দুৰ্গা পূজা। নাতিশীতোষ্ণ জলবায়ু, নীলিম আকাশ, শেৱালিৰ সুবাস, কঁহুৱাৰ শুভ্ৰ আচ্ছাদন। চৌদিশে সুকোমল শাৰদীয় পৰিৱেশ। এনে পৰিবেশত পালন কৰা হয় কাতি বিহু। এই সময়ত খেতিয়কৰ ভঁৰাল খালী হ’ব ধৰে। সেয়ে চাগৈ এই বিহুক কঙালী বিহু বুলি কোৱা হয়। ৰঙালী বিহু ভোগালী বিহুৰ দৰে উলহ মালহ নেথাকিলেও কাতি বিহু পালন কৰা হয়। আধ্যাত্মিক ভাবত বিভোৰ হৈ এই বিহু পালন কৰা হয়। কাতি বিহুৰ আটাইতকৈ ভাল লগা উপভোগ্য অনুষ্ঠান হৈছে তুলসী ৰোপণ কৰি তুলসী তলত সন্ধ্যা চাকি ধূপ জ্বলাই মাহ প্ৰসাদৰ শৰাই আগবঢ়োৱা। ভক্তি ভাবেৰে নীতি নিয়মেৰে ভৰপূৰ এই মাহ প্ৰসাদৰ শৰাই নিবেদন কৰি প্ৰাৰ্থনা,তুলসী দেৱীৰ নাম গোৱা হয়। পদ্মপুৰাণৰ মতে তুলসী ৰোপণ কৰি সেৱা অৰ্চনা আৰু তুলসীৰ তলত বন্তি জ্বলালে ভগৱান সন্তুষ্ট হয় আৰু তেৰাৰ কৃপা লাভ কৰিব পাৰি।
তুলসী গছ অতি পবিত্ৰ আৰু ঔষধি গুণসম্পন্ন। বিজ্ঞানসন্মত ভাবেও তুলসী গছ বিভিন্ন ৰোগৰ মহৌষধ বুলি প্ৰমাণ হৈছে। প্ৰতিঘৰ অসমীয়া বা হিন্দুৰ ঘৰৰ চোতালত তুলসী গছ থাকে। তুলসীক লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়। তুলসী অবিহনে পূজা সম্পন্ন নহয় । পুৱা গা পা ধুই তুলসী তল চাফা কৰি পানী দিয়া হয়। চাকি ধূপ জ্বলাই ঘৰখনৰ মংগল কামনা কৰা হয়। তুলসী গছে বেয়া বতাহ নাশ কৰে। কাতি বিহুৰ দিনা ঘৰত তুলসী গছ থাকিলেও আনৰ ঘৰৰ পৰা তুলসী পুলি আনি ৰোৱাৰ নিয়ম আছে। তুলসীৰ তলত কাতি বিহুৰ দিনা শৰাই আগবঢ়োৱা হয়। শিশু কিশোৰ সকলে তুলসীৰ তলত আগবঢ়োৱা শৰাইৰ মাহ প্ৰসাদ খাই ইঘৰে সিঘৰে ফুৰে। আজিকালি চহৰৰ লোকসকলৰ ঠাইৰ অভাৱ, চোতাল বুলিবলৈ নাইকীয়া হৈছে । সেয়ে বহুতে টাবত তুলসী ৰোপণ কৰি চাকি ধূপ জ্বলাই শৰাই আগবঢ়ায়।গৃহস্থৰ মঙ্গলাৰ্থে শিশু সকলে প্ৰাৰ্থনা গায় আশীৰ্বাদ দিয়ে।শৰাইত আগবঢ়োৱা গোৱা- পাণ অৰিহণা গোট খোৱাই ভাগ কৰে নতুবা ভোজ খায়। সন্ধ্যা নামঘৰত নাম প্ৰসঙ্গ কৰে।
খেতিয়ক সকলে কাতিবিহুৰ দিনা গিৰিহঁতে পথাৰখন চাই আহে। সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন। পথাৰত ওখকৈ বাঁহৰ গোজ পুতি কলগছৰ টুকুৰা সোমোৱাই চাকি দিয়াৰ সুবিধা কৰি লয়। মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰা হয়। আগৰ দিনত ঔ টেঙাৰ বাকলি, অমিতা দুফাল কৰি শলিতা জ্বলাইছিল। বৰ্তমান এইবিলাক উভৈনদী নোহোৱা বাবে মাটিৰ চাকি ব্যৱহাৰ কৰা হয়। এই সময় চোৱাত ধাননি পথাৰ গেঁৰ ধৰাৰ সময় । শস্য ডৰা পোক পৰুৱাৰ পৰা ৰক্ষা পাবলৈ চাকি জ্বলোৱা হয়। যাতে চাকিৰ পোহৰত পোক আহি চাকিত পৰি মৰে। শৰতৰ সন্ধিয়াৰ তুলসী তলৰ চাকিৰ পোহৰ আৰু পথাৰৰ আকাশবন্তিয়ে অসমৰ গাঁৱে – ভূঞে এক মায়াময় পৰিবেশৰ সৃষ্টি কৰে। খেতিয়কে নিজৰ কষ্টৰ ফচল ৰক্ষাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।
কাতি বিহুৱে অসমীয়াৰ কৃষভিত্তিক জীৱনৰ ছবিখন দাঙি ধৰে। ব’হাগ আৰু মাঘ বিহুৰ দৰে জাক – জমক নেথাকিলেও কাতি বিহুৰ গুৰুত্ব কোনো গুণে কম নহয়। ই আমাক কষ্ট,সংযম আৰু আশাবাদী হ’বলৈ শিকায়। কৃষি প্ৰধান আমাৰ সংস্কৃতি। বিহুগীতৰ সুৰে সুৰে ,ছন্দে ছন্দে , তালে তালে প্ৰকাশিত হয় অসমীয়া জাতিৰ কৰ্ম, সৰলতা, উদাৰতা, প্ৰেম ভালপোৱা। অভাৱ অনাটনৰ দিনত কাতি বিহু উদযাপন হ’লেও কাতি বিহুৰ প্ৰাসংগিকতা এৰাই চলিব নোৱাৰি। অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজখনৰ পৰিচয় দাঙি ধৰিছে। ঠাই ভেদে এই বিহুৰ সতে জৰিত হৈ আছে অনেক লোকাচাৰ। যি আমাৰ সামাজিক সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰি তুলিছে। বৈচিত্ৰময় উৎসৱ- পাৰ্বনে অসমীয়া জাতিক মহীয়ান কৰিছে। উৎসৱ -পাৰ্বনৰ এনেবোৰ ৰীতি- নীতিৰ তাৎপৰ্য্য, লোকাচাৰ, পৰম্পৰাই অসমীয়া কৃষ্টি- সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে। কাতি বিহুৰ ওলগ জনালোঁ।
