কাতিৰ পথাৰত হেপাঁহৰ চাকি – কল্পনা দত্ত

কাতিৰ পথাৰত হেপাঁহৰ চাকি

কল্পনা দত্ত,লুইত নগৰ 
 নুনমাটি, গুৱাহাটী 

শৰতৰ স্নিগ্ধ জোনাক আৰু নিয়ৰসনা সিক্ততাৰ মাজতেই অসমীয়াৰ জাতীয় জীৱনলৈ নামি আহে কাতি বিহু বা কঙালী বিহু। কাতি মানেই অভাৱ-অনাটনৰ কৰুণ ছবি যদিও ইয়াৰ মাজতো প্ৰাণ পাই উঠে অনাগত দিনৰ আশা আৰু অপৰিসীম হেপাঁহ। কাতিৰ সেউজীয়া পথাৰখনত যেতিয়া খেতিয়কে বুকুৰ সমস্ত বিশ্বাস উজাৰি আকাশ বন্তি আৰু তুলসীৰ তলৰ চাকিগছি জ্বলাই দিয়ে, তেতিয়া সেই পোহৰে কেৱল পথাৰখনকে নহয়, বৰঞ্চ প্ৰতিগৰাকী অসমীয়াৰ অন্তৰাত্মাকো আলোকিত কৰি তোলে। ‘কাতিৰ পথাৰত হেপাঁহৰ চাকি ‘ কেৱল এটা চাকিৰ পোহৰ নহয়, ই হ’ল অসমীয়া কৃষকৰ শ্ৰম, ঘাম আৰু প্ৰত্যাশা।

কাতি মাহত অসমীয়া খেতিয়কৰ ভঁৰাল উদং হয়। নাই কোনো ভোগ-বিলাস, নাই কোনো আড়ম্বৰতা। সেয়ে ইয়াক ‘কঙালী’ বুলি কোৱা হয়। কিন্তু এই কঙালী শব্দটোৰ অন্তৰালত লীন হৈ থাকে এক গভীৰ আশা। পথাৰত যেতিয়া শস্য গাভৰু হয়, তেতিয়া সেউজীয়া ধাননি পথাৰে বতাহত হালি-জালি এক অনাবিল আনন্দৰ জোৱাৰ তোলে। খেতিয়কৰ ভঁৰাল উদং হ’লেও পথাৰখনলৈ চাই মন জুৰাই। কাতিৰ সন্ধিয়া পথাৰৰ জ্বলিবলৈ লোৱা চাকিগছিয়ে সোঁৱৰাই দিয়ে যে কঙালীৰ এই অন্ধকাৰ চিৰস্থায়ী নহয়, বৰঞ্চ অনাগত আঘোণৰ সোণালী দিনবোৰ অতি ওচৰ চাপি আহিছে।

কাতি বিহুত পথাৰত চাকি জ্বলোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। অসমীয়া সমাজত কাতি বিহুৰ দিনা পথাৰত চাকি জ্বলোৱাৰ পৰম্পৰা অতি প্ৰাচীন। সন্ধিয়া হোৱাৰ লগে লগে প্ৰতি ঘৰ অসমীয়াই হাতত তেল-শলিতা, চাকি লৈ পথাৰলৈ ঢাপলি মেলে আৰু তুলসীৰ ভেটিতো চাকি জ্বলোৱা পৰম্পৰা আছে।

 লক্ষ্মী আদৰাৰ প্ৰয়াস,ঃ — পথাৰত চাকি জ্বলাই কৃষকসকলে শস্যৰ দেৱী মা লক্ষ্মীক আদৰণি জনায়। তেওঁলোকে বিশ্বাস কৰে যে চাকিৰ পোহৰে আই লক্ষ্মীক পথাৰলৈ আকৰ্ষিত কৰিব আৰু ধানখেতিডৰা ধন-ধানেৰে উপচি পৰিব।

আকাশ বন্তিৰ গুৰুত্বঃ—  ওখ বাঁহৰ মূৰত আকাশ বন্তি জ্বলাই পূৰ্বপুৰুষসকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰা হয়। এই পোহৰে যেন মৰতৰ পৰা স্বৰ্গলৈ এক আধ্যাত্মিক সেতু গঢ়ি তোলে।

পোক-পৰুৱা নিবাৰণৰ বিজ্ঞানসন্মত ভেটিঃ—  ইয়াৰ আঁৰত এক সুন্দৰ কৃষি-বিজ্ঞান লুকাই আছে। এই সময়ছোৱাত ধান গছত বিভিন্ন অপকাৰী পোক-পৰুৱাৰ আক্ৰমণ হয়। চাকিৰ পোহৰলৈ আকৰ্ষিত হৈ এই পতংগবোৰ জুইত জাহ যায়, যাৰ ফলত প্ৰাকৃতিকভাৱেই শস্যখিনি সুৰক্ষিত হৈ থাকে।

কাতিৰ পথাৰত জ্বলন্ত চাকিগছি হৈছে খেতিয়কজনৰ বুকুত থকা হাজাৰটা সপোন। বুকুৰ তেজেৰে পানী কৰি, দিন-ৰাতি একাকাৰ কৰি বোকা-পানীত যি সপোন খেতিয়কে দেখে , সেই সপোনবোৰ এই কাতি মাহতে লাহে লাহে থোক মেলিবলৈ আৰম্ভ কৰে। চাকিগছিৰ শিখাটো লহপহকৈ জ্বলি থকাৰ দৰেই খেতিয়কৰ হেপাঁহবোৰেও পথাৰৰ বুকুত গজালি মেলে। চাকিগছিৰ পোহৰত খেতিয়কে দেখে আঘোণৰ সেই সোণালী পথাৰখনৰ ছবি, য’ত তেওঁৰ পৰিয়ালটোৰ পোহপালৰ সপোন লুকাই থাকে। ই কেৱল ধৰ্মীয় ৰীতি নহয়, ই হ’ল প্ৰকৃতিৰ সৈতে মানুহৰ এক নিবিড় আৰু আত্মিক সম্পৰ্ক।

কিন্তু আধুনিকতাৰ ধামখুমীয়া আৰু অপৰিৱৰ্তিত আৱেগত সময় সলনি হৈ যায়। গোলকীকৰণ আৰু নগৰীকৰণৰ ধামখুমীয়াত অসমীয়া গ্ৰাম্য সমাজলৈও পৰিৱৰ্তন আহিছে। আজিৰ যান্ত্ৰিক যুগত বহু ঠাইত হয়তো পৰম্পৰাগত মাটিৰ চাকিৰ স্থান আধুনিক লাইটে লৈছে, অথবা খেতিপথাৰবোৰ ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছে। তথাপিও, কাতি বিহুৰ সেই মূল আৱেগটোক অসমীয়াই হেৰুৱাই পেলোৱা নাই। আজিও গাওঁৰ বহল পথাৰখনত শাৰী শাৰীকৈ জ্বলি উঠা চাকিৰ পোহৰে আমাক শিপা দেখুৱাই । চহৰৰ কৃত্ৰিম পোহৰতকৈ কাতিৰ পথাৰৰ সেই সৰু মাটিৰ চাকিগছিৰ পোহৰ বহু বেছি উজ্জ্বল আৰু প্ৰাণৱন্ত, কাৰণ ইয়াত মিহলি হৈ থাকে অসমীয়াৰ স্বাভিমান আৰু চহা জীৱনৰ সৰলতা।

সামৰণিত ক’ব বিচাৰিছোঁ

‘কাতিৰ পথাৰত হেপাঁহৰ চাকি’ হৈছে অসমীয়া সংস্কৃতিৰ এক চিৰন্তন নান্দনিক ৰূপ। ই আমাক শিক্ষা দিয়ে কেনেকৈ চৰম অভাৱৰ মাজতো আশাৰ পোহৰ জ্বলাই ৰাখিব পাৰি। এই চাকিগছিয়ে সমাজৰ পৰা অন্ধকাৰ, কুসংস্কাৰ আৰু দুৰ্ভাৱনাবোৰ আঁতৰাই এক নতুন যোগাত্মক চিন্তাৰ সূচনা কৰে। পথাৰৰ বুকুত জ্বলি থকা চাকিগছিয়ে প্ৰতিজন অসমীয়াক সোঁৱৰাই দিয়ক যে শ্ৰমৰ কোনো বিকল্প নাই আৰু ধৰিত্ৰী আইৰ বুকুতেই লুকাই আছে আমাৰ অস্তিত্ব। আহক, এই কাতি বিহুত আমি সকলোৱে আমাৰ মনৰ পথাৰখনতো একোখনকৈ হেপাঁহৰ আৰু ঐক্যৰ চাকি জ্বলাই তোলোঁ, যাতে আমাৰ সমাজখন সদায় পোহৰাই থাকে।