সত্যাগ্রহ সামৰিলে বিধায়ক অখিল গগৈয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ চাৰি জিলাত বানত ক্ষতিগ্রস্তক সাহায্য প্রদান তথা বানে ক্ষতি কৰা বাট-পথ নিৰ্মাণৰ দাবীৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰিল। প্ৰায় ১৪ দিনীয়া এই কাৰ্যসূচীৰ বৃহস্পতিবাৰে সামৰণি পৰে ৷ বুধবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা টেলিফোনিক আলোচনাৰ অন্তত বৃহস্পতিবাৰে পুৱাৰ ভাগতে অখিল গগৈৰ সত্যাগ্রহস্থলীত উপস্থিত হয় মন্ত্রী কেশৱ মহন্ত আৰু পীযূষ হাজৰিকা। মন্ত্রীদ্বয়ৰ সৈতে হোৱা আলোচনাৰ পাছত আনুষ্ঠানিকভাবে ১৪ দিনীয়া সত্যাগ্রহ সামৰণি পৰাৰ কথা ঘোষণা কৰে বিধায়ক গগৈয়ে। মুখ্যমন্ত্ৰীৰ নির্দেশমর্মে অখিল গগৈৰ ওচৰত উপস্থিত হোৱা দুয়োগৰাকী মন্ত্ৰীয়ে বিধায়কগৰাকীৰ সৈতে কৰা দীঘলীয়া আলোচনাৰ অন্তত সংবাদ মাধ্যমত উল্লেখ কৰে যে অখিল গগৈয়ে দাখিল কৰা তালিকা পৰীক্ষা কৰি শিৱসাগৰ বিধানসভা সমষ্টিৰ ৩,০৬৮ গৰাকী লোকক ১৫ হাজাৰ টকাকৈ বান সাহায্য প্রদান কৰা হ’ব। এই বানপীড়িতসকলক ১৫ হাজাৰকৈ বান সাহায্য দিলে মুঠ ধনৰ আৱশ্যক হ’ব ৪ কোটি ৬০ লাখ ২০ হাজাৰ টকা। অখিল গগৈয়ে দাখিল কৰা তালিকা অনুসৰিয়েই ৰাজ্য চৰকাৰে এই ধনৰাশি মোকলাই দিবলৈ সন্মত হৈছে। আনহাতে চাৰিখন জিলালৈ নামি অহা এই বানৰ মূল কাৰণৰ তদন্তৰ বাবে অখিল গগৈয়ে উত্থাপন কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। একে সময়তে অখিল গগৈয়ে আন কিছু বঞ্চিত বানপীড়িতৰ তালিকা দাখিল কৰিছিল। প্ৰায় ২,৩০০ গৰাকী এনে লোকৰ তালিকা দাখিল কৰা হৈছিল যদিও শেহতীয়াকৈ চৰকাৰে চলোৱা জৰীপত এই লোকসকলক বানপীড়িত হিচাপে পোৱা নগ’ল। তথাপি চৰকাৰে এই লোকসকলে বান সাহায্য পোৱাৰ বাবে দাবী তুলিলে চৰকাৰে তাক পুনৰ পৰীক্ষা কৰিব। মন্ত্রী কেশৱ মহন্তই উল্লেখ কৰে যে অখিল গগৈয়ে উত্থাপন কৰা প্ৰায় সকলোবোৰ দাবীৰ প্ৰতি চৰকাৰে সন্মতি জনাইছে আৰু পৰৱৰ্তী সময়ত ইয়াক আগুৱাই নিয়া হ’ব। ইফালে অখিল গগৈয়ে দুয়োগৰাকী মন্ত্ৰীৰ উপস্থিতিত দাখিল কৰা স্মাৰক-পত্ৰৰ এটা দফাত বান সাহায্য প্রদানৰ ক্ষেত্ৰত দিছপুৰৰ একাংশ আমোলাই শীত-তাপ নিয়ন্ত্রিত কোঠাত বহি বিষয়টো লেহেমীয়া কৰা বুলি উত্থাপন কৰা অভিযোগক মন্ত্রী পীযূষ হাজৰিকাই নস্যাৎ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযোগ ভিত্তিহীন। বানপীড়িতক সাহায্য প্রদানৰ ক্ষেত্ৰত সকলোৱে কাম কৰিছে। গতিকে স্মাৰক-পত্ৰৰ পৰা একাংশ আমোলাই আড়ম্বৰপূৰ্ণ জীবন যাপন কৰা বুলি উত্থাপন কৰা শব্দসমূহ আঁতৰাই দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। মন্ত্রীগৰাকীয়ে ইয়াকো কয় যে বানবিধ্বস্ত এলেকাত প্রায় এক লাখ নাৰিকল আৰু তামোলৰ পুলি ৰোপণৰ বাবে কৃষি বিভাগে ব্যৱস্থা গ্রহণ কৰিছে। তদুপৰি ৰবিশস্যৰ পুলি-বীজ প্ৰস্তুত কৰা হৈছে। এইবোৰ নৱেম্বৰৰ প্ৰথমভাগত বিতৰণ কৰা হ’ব। ইফালে অখিল গগৈয়ে সমগ্ৰ আলোচনাৰ অন্তত উল্লেখ কৰে যে আন্দোলনটোৰ মূল দাবী চৰকাৰে মানি লৈছে। বিশেষকৈ দ্বিতীয় তালিকাৰ বানপীড়িতসকলক সাহায্য প্ৰদানৰ বিষয়টো পৰীক্ষা কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱা বিষয়টো গুৰুত্বপূর্ণ। আনহাতে বানপীড়িতক ১৫ হাজাৰ টকাকৈ দিয়াৰ ক্ষেত্ৰত শিৱসাগৰ সমষ্টিত প্ৰায় সকলো বানপীড়িতই লাভ কৰিছে। আন্দোলন চলি থকা সময়তো শিৱসাগৰ সময়তো শিৱসাগৰৰ প্ৰায় ৪ হাজাৰ বানপীড়িতই এই সাহায্য লাভকৰিছে। আনকি নাজিৰা, সোণাৰি সমষ্টিতো এই সময়ছোৱাত বান সাহায্য লাভ কৰিছে।
