ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ::৩০ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা নিৰ্মাণৰ কাম 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত নিৰ্মীয়মান অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ নিৰ্মাণকাৰ্য আজি পুৱা পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে নিৰ্মাণকাৰ্যৰ গতি, প্ৰকল্পটোৰ সময়সীমা আৰু নিৰ্মাণৰ সন্মুখভাগৰ সৌন্দৰ্যবৰ্ধনৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’বলৈ ৩০ মাহৰ সময় লাগিব। ডিব্ৰুগড়ত বৰষুণৰ পৰিমাণ অধিক হোৱা বাবে নিৰ্মাণকাৰ্যৰ গতি বজাই ৰখাটো কিছু প্ৰত্যাহ্বানজনক হ’ব বুলিও তেওঁ উল্লেখ কৰে। বৰষুণৰ বাবে প্ৰায় চাৰি মাহ সময় কামৰ গতিত প্ৰভাৱ পৰিব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, প্ৰকল্পটোৰ পাইলিঙৰ কাম প্ৰায় ২০ শতাংশ সম্পূৰ্ণ হৈছে আৰু চৌহদৰ বাউণ্ডেৰী ৱালৰ নিৰ্মাণকাৰ্যও সম্পূৰ্ণ হৈছে। নিৰ্মাণৰ সন্মুখভাগ যাতে অধিক আকৰ্ষণীয় আৰু দৃষ্টিনন্দন হয়, তাৰ বাবে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক কেইটামান পৰামৰ্শ আগবঢ়োৱা বুলিও জানিবলৈ দিয়ে। বৰ্তমান প্ৰকল্পটোৰ কাম তীব্ৰ গতিত চলি থকা বুলি উল্লেখ কৰি তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিধানসভাৰ দ্বিতীয় চৌহদটো লাভ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া অসম বিধানসভাৰ দ্বিতীয় চৌহদত মূল বিধানসভা ভৱনৰ লগতে বিধায়কসকলৰ আৱাস, ৮০০ আসনবিশিষ্ট প্ৰেক্ষাগৃহ আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধা থাকিব। গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰতিফলিত কৰাৰ লগতে আধুনিক অসমৰ আকাংক্ষাৰ সৈতে সংগতি ৰাখি প্ৰকল্পটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ৰ খনিকৰ মাল্টী স্প’ৰ্টছ কমপ্লেক্সৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। ক্ৰীড়া আন্তঃগাঁথনিৰ মান অক্ষুণ্ণ ৰাখি নিৰ্মাণকাৰ্য ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। ভৱিষ্যৎ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ উপযোগী অত্যাধুনিক ক্ৰীড়া প্ৰকল্প হিচাপে কমপ্লেক্সটো গঢ়ি তোলাৰ বাবেও সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিয়ে। নাহৰকটীয়াৰ মাল্টিপাৰপ’জ স্প’ৰ্টছ কমপ্লেক্সত নিশা সংঘটিত দুৰ্ঘটনাৰ প্ৰসংগও মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। ড০ শৰ্মাই ডিব্ৰুগড়ত কেইবাটাও প্ৰতিনিধি দলৰ সৈতে তেওঁৰ বৈঠক অনুষ্ঠিত কৰে।