অসমৰ বানৰ বাবে ৮৪৩কোটি টকা আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰলৈ এছডিআৰএফৰ অধীনত এই ধনৰাশি আবণ্টন দিয়া হৈছে। ইয়াৰে কেন্দ্ৰীয় অংশ হ’ব ৭৫৮.৭০ কোটি টকা আৰু ৰাজ্যিক অংশৰ পৰিমাণ হ’ব ৮৪.৩০ কোটি টকা। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় অংশৰ৩৭৯.৩৫ কোটি টকা প্রথম কিস্তি ৰাজ্য চৰকাৰলৈ মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে ৰাজ্যসভাৰ সাংসদ যোগেন মহনলৈ লিখা এক পত্ৰত কেন্দ্ৰৰ এই সিদ্ধান্তৰ কথা জনায়। পত্ৰখনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চলিত বৰ্ষত অহা ৰাজ্যৰ বান পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ পৰ্যায়ত নিৰীক্ষণ কৰি আছে আৰু সাহায্য কাৰ্যৰ বাবে এনডিআৰএফ বাহিনীৰ মুঠ ৯টা দল প্ৰেৰণ কৰিছে। পত্ৰখনত কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ বান পৰিস্থিতি আৰু ইয়াৰ ক্ষয়-ক্ষতি ৰাজ্য চৰকাৰৰ স্মাৰক-পত্ৰলৈ অপেক্ষা নকৰাকৈয়ে প্রত্যক্ষ মূল্যায়ন কৰিব বুলিও নিত্যানন্দ ৰায়ে সদৰী কৰে। চলিত বৰ্ষৰ তিনি জুলাইত এটা আন্তঃমন্ত্রালয় কেন্দ্ৰীয় দল অসমৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে গঠন কৰা বুলি উল্লেখ কৰি নিত্যানন্দ ৰায়ে জনায় যে এই কেন্দ্রীয় দলটোরে চলিত বৰ্ষৰ ৭ জুলাইৰ পৰা ১০ জুলাইলৈ আৰু ২৫ জুলাইৰ পৰা ২৯ জুলাইলৈ ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চল ভ্ৰমণ কৰিছিল। কেন্দ্ৰীয় দলৰ এই ভ্রমণ আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিতে ৰাজ্যৰ ক্ষতিগ্রস্তসকলৰ বাবে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পত্ৰযোগে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবেও পুঁজি আবণ্টনৰ কথা সদৰী কৰে। সেই অনুসৰি গুৱাহাটীৰ বানৰ প্ৰভাৱ কমোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আৰবান ফ্লাড ৰিস্ক মিটিগেচন প্ৰ’গ্ৰেমৰ দ্বিতীয় পৰ্যায়ত ৩৮০ কোটি টকা আবণ্টন কৰা হৈছে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ অংশ হ’ব ২০০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ব ১৮০ কোটি টকা। বানপীড়িত পৰিয়ালৰ অন্যান্য সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বানপীড়িত জিলাসমূহৰ বাবে বিশেষ সাহায্য পেকেজ প্ৰদানৰ দাবীকে ধৰি অন্যান্য সমস্যা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্রালয় আৰু বিভাগসমূহৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি সাংসদ যোগেন মহনলৈ লিখা পত্ৰত উল্লেখ কৰে। ইয়াৰ ভিতৰত ঋণৰ কিস্তি পৰিশোধৰ সকাহ, বানপীড়িত লোকসকলৰ বাহন, গৃহ, শিক্ষা আৰু ব্যৱসায়িক ঋণৰ মাহিলি কিস্তি পৰিশোধৰ ক্ষেত্ৰত মধ্যৱৰ্তীকালীন সাহায্য প্ৰদানৰ বিষয়টো বিত্ত মন্ত্ৰালয়ৰ সেৱা বিভাগৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত বুলি উল্লেখ কৰা হৈছে। তাৰ উপৰি ক্ষুদ্ৰ ব্যৱসায়ী, সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগ তথা স্বনিয়োজিত যুৱক-যুৱতীসকলৰ বাবে বিশেষ বিত্তীয় সাহায্যৰ বিষয়টো সংশ্লিষ্ট মন্ত্রালয়লৈ প্ৰেৰণ কৰা হৈছে।
