পুৱাই মুখ ঢাকি হাফলং কাৰাগাৰৰ পৰা ওলাই আহিল অমৃতপ্ৰভা

পুৱাই মুখ ঢাকি হাফলং কাৰাগাৰৰ পৰা ওলাই আহিল অমৃতপ্ৰভা

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে পুৱাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তই হাফলং উপ-কাৰাগাৰৰ পৰা মুখ ঢাকি মুকলি আকাশৰ তললৈ ওলাই আহিল । গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে জামিন মঞ্জুৰ কৰাৰ পিছত প্ৰয়োজনীয় আইনী আৰু প্ৰশাসনিক আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় । আদালতে সকাহ দিয়াৰ পিছতেই অমৃতপ্ৰভা মহন্তৰ পৰিয়ালৰ তিনিগৰাকী সদস্য সোমবাৰে বিয়লিৰ ভাগত হাফলঙত উপস্থিত হয় । ইয়াৰ পিছতে কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক মুকলি কৰি দিয়াৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা আৰম্ভ কৰে । অৱশ্যে সোমবাৰে নিশালৈকে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত তেওঁক মুকলি কৰি দিব পৰা নগ’ল । অৱশেষত মঙলবাৰে পুৱা আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি অমৃতপ্ৰভা মহন্তক কাৰাগাৰৰ পৰা মুকলি কৰি পৰিয়ালৰ হাতত গতাই দিয়া হয় ।  হাফলং উপ-কাৰাগাৰৰ পৰা বিলাসী থাৰ বাহনত মাতৃ আৰু ভগ্নীৰ সৈতে মঙলবাৰে পুৱা ৬.৩০ বজাত ওলায়েই গুৱাহাটীৰ অজ্ঞাত স্থানত আত্মগোপন কৰিলে মহন্তই। উল্লেখ্য যে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত অমৃত প্ৰভাৰ পৰিয়ালে জমা দিয়া ৫০ হাজাৰ টকাৰ বণ্ড গ্ৰহণৰ পাছতে আদালতে হাফলং উপ-কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ প্রদান কৰে। সেইমর্মে মঙলবাৰে পুৱা ৬.৩০ বজাত হাফলং উপ-কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল অমৃতপ্রভাক।  দীর্ঘদিনীয়া আইনী যুঁজৰ অন্তত আদালতৰ পৰা জামিন লাভ কৰিলেও অসমৰ জনসাধাৰণৰ সন্মুখত ওলাবলৈ দ্বিধাবোধ কৰা অমৃতপ্ৰভাই ক’লা মাস্ক পৰিধান কৰি কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাল। সংবাদ মাধ্যমৰ প্রতিনিধিসকলে অমৃত প্ৰভাৰ মতামত ল’বলৈ চেষ্টা কৰিলে যদিও কোনোধৰণৰ মন্তব্য নকৰাকৈ আত্মীয়ৰ সৈতে ক’লা থাৰ বাহনত বহি গুৱাহাটী অভিমুখে তেওঁ ৰাওনা হ’ল। উল্লেখ্য যে, যোৱা শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্তক ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত চৰ্তসাপেক্ষ জামিন মঞ্জুৰ কৰিছিল । অৱশ্যে ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশ লাভ কৰাৰ পিছতো কাৰাগাৰৰ পৰা মুক্তি পাবলৈ প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰিবলগীয়া হৈছিল । মুক্তিৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভা মহন্তৰ কাৰাবাসৰ সাময়িক অন্ত পৰিল । অৱশ্যে জামিন লাভ কৰা মানে গোচৰটোৰ পৰা দোষমুক্ত হোৱা নুবুজায় । গোচৰটোৰ তদন্ত আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত থাকিব । আনহাতে জামিনৰ চৰ্ত অনুসৰি মঙলবাৰে ফাষ্টট্রেক আদালতত হাজিৰ হ’বলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্রভা মহন্তক নির্দেশ দিছিল। কিন্তু মানসিক অৱস্থাৰ দোহাই দি ফাষ্টট্রেক আদালতত হাজিৰ হোৱাৰ পৰা বিৰত থাকে অমৃতপ্রভা। নিজৰ অধিবক্তাৰ জৰিয়তে আদালতক এই কথা অৱগত কৰিলে অমৃতপ্ৰভাই। ইপিনে কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতে সুৰক্ষা বিচাৰি আদালতত অমৃতপ্রভা মহন্তৰ অধিবক্তাই আবেদন জনাইছিল যদিও আদালতে উক্ত আবেদন নাকচ কৰা বুলি জানিব পৰা গৈছে। অমৃতপ্ৰভাই নিজৰ সুৰক্ষা নিজেই ল’ব লাগিব বুলি আদালতে সদৰী কৰা বুলি জানিব পৰা গৈছে।