আলফুল সময় – দুলাল বৰা

Pc Amazon.in

আলফুল সময়

দুলাল বৰা
বিশ্বনাথ চাৰিআলি

কুঁৱলীৰ ওৰণী খহাই
ধলপুৱাতেই তলসৰা
শেৱালি পাহিয়ে ক’লে
বতৰীয়া বান এতিয়া শান্ত হ’ল,
হিংসাৰ ৰাতিবোৰো লাহে লাহে সাম কাটিলে
মানবতাই চেনেহ প্ৰীতিৰে
এটা নতুন দিনৰ এতিয়া আৰম্ভণি কৰিলে ।

পৰিষ্ফুট হ’ল  মনত জোনাক
শাৰদী ৰাণীৰ সৈতে জড়িত হ’ল
আজিৰ প্ৰতিক্ষণ নাৰিখি কোন ভেদ ভাব
কিয়নো এতিয়া শৰতৰ আগমন
মনৰ দুখত ভাঙি প্ৰেমত মচগুল হোৱাৰ
এইয়ে শুভ সময়।