বৰষুণৰ শব্দবোৰেই প্ৰিয় – শৰৎ দাস

Pc StockCake

বৰষুণৰ শব্দবোৰেই প্ৰিয়

 শৰৎ দাস, গহপুৰ,ব্ৰহ্মাজান

ফেনেফুটুকাই বৈ অহা
নদীখনৰ কলকলনিতকৈ
বৰষুণৰ টোপালবোৰৰ
মৃদু শব্দই
মোৰ বেছি প্ৰিয়।
নদীৰ দৰে খহাই নিনিয়ে
মোৰ থুনুকা হৃদয়ৰ গঢ়ন,
চপৰা চপৰে নাভাঙে
মোৰ সযতনে সাঁচি ৰখা
অস্তিত্বৰ ভঁৰালটো
শিল-বৰষুণৰ শব্দবোৰো
ভাল নালাগে মোৰ—
অপৈণত মাংসপেশীৰ ওপৰত
নিমিষতে সিঁচি দিয়ে
অসহনীয় বিষাদ।
ধুমুহা, অথবা চুনামী—
সিহঁতৰ উন্মাদনাও
নালাগে ভাল;
অকালতে চুৰমাৰ কৰে
শিৰাৰ মাজত লুকাই ৰখা
কোমল সপোনবোৰ।
সেয়ে
বৰষুণৰ শব্দবোৰেই
প্ৰিয় এতিয়া—
টোপালৰ মৃদু ছন্দত
লহপহকৈ বাঢ়ি আহে
মোৰ বুকুৰ ভিতৰত
ভালপোৱাৰ সেউজীয়া সপোনবোৰ।