মানৱ অস্তিত্বৰ সন্ধান: জীৱনৰ তেৰটি মূল সত্য
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
মানৱ জীৱন সৃষ্টিৰ এক অনুপম আৰু বিস্ময়কৰ যাত্ৰা। জন্মৰ পৰা মৃত্যুলৈকে বিস্তৃত এই সময়ছোৱাত মানুহে কত শত অভিজ্ঞতা, সংঘাত আৰু বিচিত্ৰ অনুভূতিৰ মাজেৰে বাট বুলিবলগীয়া হয়। জীৱনৰ পথ কেতিয়াও একেবাৰে মসৃণ নহয়; সুখ-দুখ, হাঁহি-কান্দোন আৰু আশা-নিৰাশাৰ মাজেৰেই মানুহ নিৰন্তৰ গতিশীল হৈ থাকে। এই বিশাল পৃথিৱীত প্ৰতিজন ব্যক্তিয়ে অহৰহ শান্তি আৰু জীৱনৰ সাৰ্থকতা বিচাৰি ফুৰে। কিন্তু বিচাৰিলেই সকলোৱে প্ৰকৃত প্ৰশান্তিৰ সন্ধান নাপায়। আধুনিক যুগত মানুহ বস্তুগতভাৱে যিমানেই আগবাঢ়িছে, মানসিকভাৱে সিমানেই অস্থিৰ হৈ পৰিছে। এই অস্থিৰতাৰ মূল কাৰণ হৈছে জীৱনৰ শাশ্বত সত্য আৰু নৈতিক নীতিসমূহৰ প্ৰতি কৰা অৱহেলা।
জীৱনটোক অৰ্থপূৰ্ণ আৰু শান্তিময় কৰি তুলিবলৈ প্ৰয়োজন গভীৰ আত্মোপলব্ধিৰ। যুগে যুগে মনীষী আৰু চিন্তাবিদসকলে মানৱ মনস্তত্ত্ব আৰু সংসাৰৰ গতি নিৰীক্ষণ কৰি এনে কিছুমান সত্য উপলব্ধি কৰি গৈছে, যিবোৰে মানুহক শুদ্ধ দিশৰ সন্ধান দিয়ে। তেনে তেৰটি মূল সত্যই মানুহৰ মনস্তত্ত্ব, আচাৰ-ব্যৱহাৰ আৰু আত্মিক দিশক গভীৰভাৱে স্পৰ্শ কৰে। এই সত্যসমূহ কেৱল নীতিবাক্য নহয়, প্ৰতিটোৰ অন্তৰালত নিহিত হৈ আছে জীৱনৰ জটিলতাক সহজ কৰি তোলাৰ অপৰিসীম দাৰ্শনিক শক্তি।
১. আটাইতকৈ ডাঙৰ ৰোগ: সন্দেহ :- শাৰীৰিক ব্যাধিয়ে দেহক পীড়িত কৰে আৰু চিকিৎসা বিজ্ঞানে নানা ঔষধৰ জৰিয়তে অধিকাংশ শাৰীৰিক ৰোগৰ উপশম ঘটাব পাৰে। কিন্তু মানৱ জীৱনৰ আটাইতকৈ মাৰাত্মক ৰোগ শাৰীৰিক নহয়, মানসিক; আৰু সেই ৰোগটো হৈছে সন্দেহ। সন্দেহে মানুহৰ বিবেক, বুদ্ধি আৰু মানসিক স্থিৰতাক সমূলঞ্চে গ্ৰাস কৰে। এই বিষাক্ত বীজটোৱে এবাৰ মনত শিপালে সমগ্ৰ ব্যক্তিত্বকেই কলুষিত কৰি পেলায়। পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত সন্দেহতকৈ ডাঙৰ ধ্বংসকাৰী উপাদান আন একো নাই। স্বামী-স্ত্ৰীৰ বিশ্বাসৰ মাজত সন্দেহে খোপনি পুতিলে সুখৰ সংসাৰখনো বিষাদময় হৈ পৰে; বন্ধুত্বৰ নিবিড় এনাজৰীডালো সামান্য এটি সন্দেহত চিঙি ছাৰখাৰ হয়। সন্দেহে দৃষ্টি আৱৰি ধৰাৰ বাবেই মানুহে আনৰ নিৰীহ কামতো কু-অভিপ্ৰায় দেখা পায়। এনে মনোভাৱে কেৱল আনকেই অশান্তি নিদিয়ে, সন্দেহ কৰা ব্যক্তিজনকো অহৰহ অন্তৰ্দাহত দগ্ধ কৰি ৰাখে। সেয়ে নিৰ্মল বিশ্বাস, স্পষ্ট কথা-বতৰা আৰু উদাৰ দৃষ্টিভংগীয়েই হৈছে এই মাৰাত্মক মানসিক ৰোগৰ প্ৰকৃত প্ৰতিষেধক।
২. আটাইতকৈ ডাঙৰ পীড়া: চিন্তা :- মানুহৰ এক ডাঙৰ দুৰ্বলতা হ’ল অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ কাল্পনিক আশংকাত ককবকাই বৰ্তমানৰ সুন্দৰ মুহূৰ্তবোৰ হেৰুৱাই পেলোৱা। জীৱনৰ অসহ্যকৰ পীড়া হৈছে অতিৰিক্ত দুশ্চিন্তা। সুস্থ চিন্তাশীলতা আৰু অহেতুক চিন্তাৰ মাজত বহুখিনি পাৰ্থক্য আছে। চিন্তাশীলতাই মানুহক সৃষ্টিশীল কৰে আৰু সমস্যা সমাধানৰ পথ উলিয়াই দিয়ে; কিন্তু অতিৰিক্ত চিন্তাই মানুহৰ জীৱনীশক্তি শুহি পেলাই মনটোক পক্ষাঘাতগ্ৰস্ত কৰি তোলে। আধুনিক জীৱনশৈলীত দেখা দিয়া উচ্চ ৰক্তচাপ, অনিদ্ৰা, হৃদৰোগ আৰু মানসিক অৱসাদৰ গুৰিতেই আছে এই মানসিক বোজা। যি ঘটনা এতিয়াও ঘটা নাই বা হয়তো কেতিয়াও নঘটিবও পাৰে, তেনে কাল্পনিক সম্ভাৱনাক লৈ মানুহে দিনে-ৰাতিয়ে নিজকে যাতনা দিয়ে। এই পীড়াৰ পৰা নিস্তাৰ পোৱাৰ একমাত্ৰ উপায় হৈছে কৰ্মমুখী হোৱা আৰু বৰ্তমানৰ পলটোক আন্তৰিকতাৰে উপভোগ কৰা। বাস্তৱক সহজভাৱে মানি লৈ নিজৰ কৰ্তব্য সম্পাদন কৰি গ’লে দুশ্চিন্তাৰ গ্ৰাসৰ পৰা মন মুক্ত হৈ থাকে।
৩. আটাইতকৈ ডাঙৰ শৃংগাৰ: হাঁহি :- সৌন্দৰ্য বৃদ্ধিৰ বাবে মানুহে যুগে যুগে বিবিধ অলংকাৰ, বহুমূলীয়া সাজ-পাৰ আৰু প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি আহিছে। কিন্তু মানুহৰ মুখমণ্ডল তথা সমগ্ৰ ব্যক্তিত্বক প্ৰকৃততে উজ্জ্বল কৰি তোলাৰ শ্ৰেষ্ঠ শৃংগাৰ হৈছে এটি আন্তৰিক আৰু নিভাঁজ হাঁহি। অতি দামী পোছাক পিন্ধি থকাৰ পাছতো যদি মুখত ক্ৰোধ বা তিক্ততা বিৰিঙি থাকে, তেন্তে সেই বাহ্যিক আড়ম্বৰে কাকো আকৰ্ষণ কৰিব নোৱাৰে। বিপৰীতে, সাধাৰণ সাজপাৰৰ মাজতো যাৰ মুখত এটি নিৰ্মল হাঁহি লাগি থাকে, তেওঁ স্বতঃস্ফূৰ্তভাৱেই সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ অধিকাৰী হয়। হাঁহি কেৱল মুখৰ এটি সামান্য ভাব নহয়, ই আত্মাৰ গভীৰ প্ৰশান্তিৰ প্ৰতিফলন। হাঁহিয়ে ক্ষন্তেকতে জটিল পৰিৱেশ এটা সহজ কৰি তুলিব পাৰে, মনৰ বিষাদ আঁতৰাই নতুন আশা জগাই তোলে। জীৱনৰ সংগ্ৰামৰ মাজতো যি মানুহে মুখৰ হাঁহিটো ধৰি ৰাখিব জানে, তেওঁ আত্মিকভাৱে অত্যন্ত শক্তিশালী। সেয়ে হাঁহিয়েই হৈছে মানুহৰ আটাইতকৈ অমূল্য অলংকাৰ।
৪. আটাইতকৈ ডাঙৰ সত্য: মৃত্যু :- পৃথিৱীত মানুহৰ অস্তিত্বৰ সৈতে জড়িত বহু কথা আপেক্ষিক হ’ব পাৰে, কিন্তু সেই সকলোবোৰৰ ওপৰত আটাইতকৈ নিশ্চিত আৰু অনিবাৰ্য সত্যটো হৈছে মৃত্যু। জীৱনৰ আন কথাবোৰ অনিশ্চিত; কোনো মানুহ ধনী হ’ব নে দুখীয়া, সফল হ’ব নে বিফল, তাৰ কোনো নিশ্চয়তা নাথাকে। কিন্তু পৃথিৱীৰ বুকুত জন্ম লোৱা প্ৰতিজন প্ৰাণীৰ মৃত্যুই এদিন অৱশ্যম্ভাবী। ধৰ্ম, জাতি, ধন আৰু পদমৰ্যাদাৰ কোনো প্ৰভেদ নোহোৱাকৈ প্ৰকৃতিৰ এই বিধান সকলোৰে বাবে সমান। সততে মানুহে মৃত্যুলৈ ভয় কৰে আৰু এই সত্যৰ পৰা আঁতৰি থাকিব বিচাৰে। বাস্তৱিকতে মৃত্যুৰ এই অপৰিহাৰ্যতাক গভীৰভাৱে উপলব্ধি কৰিলেহে মানুহে সঠিকভাৱে জীয়াই থকাৰ শিক্ষা পায়। পৃথিৱীত নিজৰ সময় অত্যন্ত সীমিত বুলি বুজি উঠিলে মনৰ পৰা অহংকাৰ, লোভ আৰু হিংসা আঁতৰি যায়। এই সচেততাই মানুহক বিনম্ৰ কৰি তোলে আৰু সৎ কৰ্মেৰে প্ৰতিটো দিন অৰ্থপূৰ্ণ কৰিবলৈ প্ৰেৰণা যোগায়। মৃত্যুক এক ভয়ংকৰ অন্তিম হিচাপে নোচাই জীৱনৰ সৰ্বোচ্চ নিয়ামক সত্য হিচাপে গ্ৰহণ কৰিলে জীৱন বহুখিনি সহজ হৈ পৰে।
৫. আটাইতকৈ ডাঙৰ সৌন্দৰ্য: সৰলতা :- সৌন্দৰ্যৰ ধাৰণা মানুহভেদে বেলেগ হ’ব পাৰে। কোনোবাই শাৰীৰিক ৰূপত সৌন্দৰ্য বিচাৰে, কোনোবাই বিচাৰে বৈভৱৰ চমকত। কিন্তু ব্যক্তিত্বৰ মহত্তম সৌন্দৰ্য নিহিত থাকে সৰলতাত। সৰলতা মানে দুৰ্বলতা নহয়; ই হৈছে মনৰ এনে এক নিৰ্ভেজাল অৱস্থা, য’ত কোনো কৃত্ৰিমতা, অহংকাৰ বা ছলনাৰ স্থান নাথাকে। এগৰাকী সৰল ব্যক্তিৰ চিন্তা, কথা আৰু কামৰ মাজত সদায় এক অপূৰ্ব সমন্বয় দেখা যায়। আজিৰ মুখাপিন্ধা সমাজখনত নিজকে ডাঙৰ কৰি দেখুৱাবলৈ গৈ মানুহে নিজৰ স্বাভাৱিকতাক হেৰুৱাই পেলাইছে। ইয়াৰ বিপৰীতে সৰল ব্যক্তিত্বৰ মানুহৰ সান্নিধ্যই মন জুৰ পেলায়। সৰল জীৱন-যাপন আৰু উচ্চ চিন্তাই মানুহক এক অনন্য মৰ্যাদা দিয়ে। অতি কম সমলেৰেও সুখী হ’ব পৰা আৰু প্ৰকৃতিৰ সৰু সৰু আনন্দবোৰ হৃদয়েৰে উপভোগ কৰিব পৰা সামৰ্থ্যই হৈছে সৰলতাৰ প্ৰকৃত শক্তি। ই আত্মাক পবিত্ৰ কৰি ৰাখে আৰু জীৱনৰ প্ৰকৃত মাধুৰ্য উন্মোচিত কৰে।
৬. আটাইতকৈ ডাঙৰ শত্ৰু: অহংকাৰ :- মানৱ ইতিহাসৰ প্ৰতিটো ডাঙৰ পতনৰ গুৰিতে অহংকাৰৰ বিষবাষ্প নিহিত হৈ আছিল। বাহ্যিক শত্ৰুৱে কেৱল ওপৰে ওপৰে ক্ষতি কৰিব পাৰে, কিন্তু অন্তৰৰ অহংকাৰে মানুহৰ বিবেক, বিবেচনা আৰু সম্পৰ্কক সমূলঞ্চে ধ্বংস কৰি পেলায়। অহংকাৰে মানুহৰ মনত এই ভ্ৰান্ত ধাৰণাৰ জন্ম দিয়ে যে তেওঁ সকলোতকৈ শ্ৰেষ্ঠ আৰু তেওঁৰ কোনো ভুল হ’ব নোৱাৰে। এই অহংকাৰ ধনৰ হ’ব পাৰে, ক্ষমতাৰ হ’ব পাৰে, সৌন্দৰ্য বা জ্ঞানৰো হ’ব পাৰে; কিন্তু ইয়াৰ পৰিণতি সদায় বিষময়। অহংকাৰী ব্যক্তিয়ে আনৰ সৎ পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰে, নিজৰ ত্ৰুটি স্বীকাৰ নকৰে আৰু লাহে লাহে সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰে। পৌৰাণিক আখ্যানৰ পৰা আৰম্ভ কৰি আধুনিক ইতিহাসৰ বহু প্ৰতাপী ব্যক্তিৰ পতন ঘটিছিল কেৱল অতিৰিক্ত অহংকাৰৰ বাবেই। অহংকাৰে দৃষ্টি অন্ধ কৰি তোলে বাবে মানুহে নিজৰ নিশ্চিত বিনাশো দেখা নাপায়। গতিকে বিনম্ৰতা আৰু আত্মবিশ্লেষণৰ দ্বাৰা এই শত্ৰুক নিয়ন্ত্ৰণত ৰখাটো একান্ত আৱশ্যক।
৭. আটাইতকৈ ডাঙৰ শিক্ষা: দক্ষতা :- কেৱল পুথিগত বিদ্যা আৰু শিক্ষাগত প্ৰমাণ-পত্ৰই এজন মানুহক সম্পূৰ্ণভাৱে শিক্ষিত কৰি তুলিব নোৱাৰে, যদিহে সেই জ্ঞান ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাৰ সামৰ্থ্য নাথাকে। সেয়ে জীৱনৰ প্ৰয়োজনীয় শিক্ষা হৈছে দক্ষতা। দক্ষতা হৈছে তাত্ত্বিক জ্ঞানক বাস্তৱ ক্ষেত্ৰত সফলভাৱে ৰূপায়ণ কৰাৰ কৌশল, সমস্যা সমাধানৰ ক্ষমতা আৰু প্ৰতিকূলতাৰ মাজতো বাট কাটি আগবঢ়াৰ যোগ্যতা। বৰ্তমান যুগত কৰ্মক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সামাজিক সম্পৰ্ক ৰক্ষালৈকে প্ৰতিটো খোজতে বিশেষ দক্ষতাৰ প্ৰয়োজন। সুস্থ যোগাযোগৰ কৌশল, সংকটকালত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু নিজৰ মানসিক আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা গুণেই মানুহক প্ৰকৃততে আগুৱাই লৈ যায়। জ্ঞান আহৰণ কৰিও যদি কৰ্মদক্ষতা গঢ়ি তোলা নহয়, তেন্তে সেই জ্ঞান নিষ্ফল হৈ ৰয়। বাস্তৱ জীৱনৰ কঠিন পৰিস্থিতিক নিজৰ অনুকূল কৰি তুলিবলৈ প্ৰয়োজনীয় ব্যৱহাৰিক দক্ষতা অৰ্জন কৰাটোৱেই প্ৰকৃত শিক্ষা।
৮. আটাইতকৈ ডাঙৰ শক্তি: ধৈৰ্য :- শাৰীৰিক বল বা ধন-সম্পদৰ প্ৰভাৱ যিমানেই নাথাকক কিয়, জীৱনৰ সকলো শক্তিতকৈ উৰ্ধ্বত থকা অজেয় শক্তিটো হৈছে ধৈৰ্য। সংকটৰ সময়ত, দুখৰ মুহূৰ্তত আৰু প্ৰতিকূল পৰিস্থিতিত নিজৰ মনটোক সুস্থিৰ আৰু অটল কৰি ৰখাৰ মানসিক ক্ষমতাই হৈছে ধৈৰ্য। প্ৰকৃতিৰ সকলো মহৎ সৃষ্টিৰ আঁৰত ধৈৰ্য লুকাই থাকে। এটি গুটি মাটিত সিঁচাৰ পাছত ৰ’দ-বৰষুণৰ মাজেৰে অপেক্ষা কৰাৰ ফলতহে সি এদিন বিশাল ফলৱান বৃক্ষত পৰিণত হয়। মানুহৰ জীৱনতো সফলতা কেতিয়াও নিমিষতে নাহে। বিফলতাৰ পাছতো যিজন মানুহ ধৈৰ্যচ্যুত নহৈ নিৰন্তৰ প্ৰচেষ্টা চলাই যায়, জয় নিশ্চিতভাৱে তেওঁৰেই হয়। ক্ৰোধ আৰু উত্তেজনাৰ সময়ত ক্ষন্তেকৰ বাবে ধৈৰ্য ধৰিব পাৰিলে মানুহ বহু ডাঙৰ ভুল আৰু অনুশোচনাৰ পৰা ৰক্ষা পৰে। ধৈৰ্যই মনক এক গভীৰ আত্মিক শক্তি প্ৰদান কৰে আৰু পৰিস্থিতিৰ দাস হোৱাৰ পৰা আঁতৰাই ৰাখে।
৯. আটাইতকৈ ডাঙৰ ধন: সন্তুষ্টি :- পৃথিৱীত বস্তুগত ধন-সম্পদৰ কোনো অন্ত নাই। সাঁচি থোৱা টকা, মাটি-বাৰী বা সোণ-ৰূপে মানুহৰ মনক কোনোদিনে চিৰস্থায়ী তৃপ্তি দিব নোৱাৰে। লোভ এনে এক অতৃপ্ত হেঁপাহ, যাৰ কোনো সীমা নাথাকে। সেয়ে জীৱনৰ প্ৰকৃত ধন হৈছে সন্তুষ্টি। সন্তুষ্টি হৈছে মনৰ এনে এক প্ৰশান্ত অৱস্থা, য’ত মানুহে নিজৰ প্ৰাপ্তিক লৈ কৃতজ্ঞ থাকে আৰু অপ্ৰাপ্তিৰ বাবে অহৰহ হাহাকাৰ কৰি নাথাকে। অপৰিসীম সম্পত্তিৰ মালিক হৈয়ো যদি মনত সন্তুষ্টি নাথাকে, তেন্তে সেই ব্যক্তি মানসিকভাৱে অত্যন্ত নিঃকিন। বিপৰীতে, অতি সাধাৰণ জীৱন যাপন কৰা ব্যক্তিজনেও যদি নিজৰ উপাৰ্জনত পৰম শান্তি লাভ কৰে, তেন্তে তেওঁ মানসিকভাৱে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। ইয়াৰ অৰ্থ পৰিশ্ৰম ত্যাগ কৰা বা কৰ্মবিমুখ হোৱাটো নহয়; নিজৰ সাধ্য অনুসৰি সৰ্বোচ্চ যত্ন কৰাৰ পাছত যি প্ৰাপ্তি ঘটে, তাক শান্ত চিত্তে আৰু ধন্য মনেৰে গ্ৰহণ কৰিব পৰাটোৱেই হৈছে সন্তুষ্টি। এই মানসিক স্থিৰতা যাৰ আছে, তেওঁৰ কোনো অভাৱ নাথাকে।
১০. আটাইতকৈ ডাঙৰ সম্পত্তি: জ্ঞান :- ঘৰ-বাৰী বা ধন-সম্পদ সময়ৰ সোঁতত ধ্বংস হ’ব পাৰে, কোনোবাই কাঢ়ি নিব পাৰে বা ভাগ্যৰ পাকচক্ৰত নিঃশেষ হ’ব পাৰে। কিন্তু মানুহৰ জীৱনৰ অক্ষয় আৰু অমূল্য সম্পত্তি হৈছে জ্ঞান। জ্ঞান এনে এক ঐশ্বৰ্য, যাক কোনো চোৰে চুৰ কৰিব নোৱাৰে আৰু যাৰ কোনো অপচয় নাই। আনক বিলাই দিলে এই সম্পত্তি বৃদ্ধিহে পায়, কেতিয়াও হ্ৰাস নাপায়। জ্ঞানে অন্তৰৰ অন্ধকাৰ দূৰ কৰি বিবেকৰ নয়ন মেলিবলৈ সহায় কৰে। ন্যায়-অন্যায় আৰু সৎ-অসতৰ পাৰ্থক্য বুজি পোৱাৰ অন্তৰ্দৃষ্টিয়েই হৈছে প্ৰকৃত জ্ঞান। এই ঐশ্বৰ্যই সংকটকালত মানুহক সঠিক পথ দেখুৱায় আৰু সমাজত চিৰস্থায়ী মৰ্যাদা প্ৰদান কৰে। এজন বিত্তশালী ব্যক্তিৰ নাম সময়ৰ সোঁতত হেৰাই যাব পাৰে, কিন্তু এজন জ্ঞানী মনীষীৰ চিন্তাই যুগ যুগ ধৰি মানৱ জাতিক দিকদৰ্শন দি থাকে। সেয়ে জ্ঞানেই হৈছে মানৱ অস্তিত্বৰ সৰ্বোচ্চ সম্পত্তি।
১১. আটাইতকৈ ডাঙৰ পৰিচয়: সন্মান :- বংশ-মৰ্যাদা, ধন-দৌলত বা সামাজিক পদবীৰ দ্বাৰা নিৰ্ধাৰিত পৰিচয়বোৰ ক্ষণস্থায়ী আৰু প্ৰায়ে কৃত্ৰিম। এজন ব্যক্তিৰ স্থায়ী আৰু মৰ্যাদাপূৰ্ণ পৰিচয় হৈছে সন্মান। এই সন্মান টকাৰে কিনিব নোৱাৰি বা ক্ষমতা প্ৰয়োগ কৰি বলপূৰ্বক আদায় কৰিব নোৱাৰে; ই হৈছে মানুহৰ চৰিত্ৰ, সততা আৰু মানৱীয় ব্যৱহাৰৰ দ্বাৰা অৰ্জিত এক আত্মিক স্বীকৃতি। যেতিয়া এজন ব্যক্তিয়ে সমাজৰ প্ৰতিটো স্তৰৰ মানুহক উচিত মৰ্যাদা দিয়ে আৰু নীতিনিষ্ঠ জীৱন নিৰ্বাহ কৰে, তেতিয়া তেওঁ সকলোৰে হৃদয়ত স্বভাৱসুলভভাৱেই শ্ৰদ্ধাৰ আসন লাভ কৰে। ক্ষমতাশীল ব্যক্তিক মানুহে ভয় কৰিব পাৰে, কিন্তু অন্তৰৰ শ্ৰদ্ধা কেৱল সৎ চৰিত্ৰৰ মানুহজনলৈহে যাচে। কোনো ব্যক্তিৰ অনুপস্থিতিতো যেতিয়া তেওঁৰ গুণসমূহ সমাজত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়, সেয়াই হয় তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পৰিচয়।
১২. আটাইতকৈ ডাঙৰ ঔষধ: চিন্তা-ধাৰা :- মানুহৰ মন আৰু মস্তিষ্কৰ বিষাদ নিৰাময়ৰ বাবে বিভিন্ন উপায় উপলব্ধ থাকিব পাৰে, কিন্তু জীৱনৰ নৈৰাশ্য আৰু নেতিবাচকতাৰ পৰা আৰোগ্য লাভৰ মহৌষধ হৈছে নিজৰ সুস্থ চিন্তা-ধাৰা বা দৃষ্টিভংগী। জীৱনৰ বহু ঘটনা বাহ্যিক পৰিস্থিতিৰ ওপৰতকৈও মানুহে তাক কি দৃষ্টিৰে গ্ৰহণ কৰে, তাৰ ওপৰতহে নিৰ্ভৰ কৰে। মনৰ চিন্তা-ধাৰাই মানুহৰ জীৱনক পোহৰলৈয়ো নিব পাৰে নাইবা অন্ধকাৰলৈও ঠেলি দিব পাৰে। চিন্তা-ধাৰা নেতিবাচক হ’লে সকলো অনুকূল পৰিৱেশৰ মাজতো মানুহে কেৱল সমস্যা বিচাৰি পায়। বিপৰীতে, আশাবাদী আৰু সুস্থিৰ দৃষ্টিভংগীৰ অধিকাৰীজনে চৰম সংকটৰ মাজতো পোহৰৰ ৰেঙণি দেখা পায়। ইতিবাচক চিন্তাই আত্মবিশ্বাস জগাই তোলে, ভগ্ন আশাক পুনৰ সজীৱ কৰে আৰু কঠিন আঘাত সহ্য কৰাৰ আত্মবল প্ৰদান কৰে। ভুল দৃষ্টিভংগীয়ে সৃষ্টি কৰা মানসিক ক্ষত কেৱল ইতিবাচক আৰু কল্যাণকামী চিন্তা-ধাৰাৰেহে উপশম কৰিব পাৰি।
১৩. আটাইতকৈ ডাঙৰ বন্ধু: আপুনি নিজেই :- পৃথিৱীত বন্ধু-বান্ধৱ বা আত্মীয়ৰ সংগ এক ডাঙৰ আশীৰ্বাদ হ’ব পাৰে। কিন্তু এই বিশাল সংসাৰত প্ৰতিজন মানুহৰ আটাইতকৈ বিশ্বস্ত আৰু চিৰন্তন বন্ধু হৈছে তেওঁ নিজেই। মানুহ অকলশৰীয়াকৈ আহে আৰু এদিন অকলশৰীয়াকৈয়ে যাবলগীয়া হয়। জীৱনৰ নীৰৱ কান্দোন, অকথিত বেদনা আৰু অন্তৰ্দাহৰ সময়ত যিজনে কেতিয়াও সংগ এৰি নিদিয়ে, তেওঁ হৈছে ব্যক্তিজনৰ নিজৰ অন্তৰাত্মা। সময় আৰু স্বাৰ্থৰ খেলত আত্মীয়-স্বজন আঁতৰি যাব পাৰে, কিন্তু মানুহে যদি নিজৰ প্ৰতি নিষ্ঠাবান হৈ থাকে, তেন্তে তেওঁ কেতিয়াও নিঃসংগ অনুভৱ নকৰে। নিজক বুজি পোৱা, বিফলতাৰ সময়ত নিজক সান্ত্বনা দি পুনৰ আগুৱাই লৈ যোৱাৰ শক্তি নিজৰ অন্তৰতেই নিহিত থাকে। যেতিয়া এজন ব্যক্তিয়ে নিজৰ শ্ৰেষ্ঠ বন্ধুত পৰিণত হয়, তেতিয়া তেওঁ নিসংগতাক ভয় নকৰি সেই নীৰৱতাত আত্মশক্তি বিচাৰি পায়। আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাই মানুহক প্ৰকৃত মুক্তি প্ৰদান কৰে।
জীৱন কোনো গতানুগতিক কাঠামোত আবদ্ধ নহয়; ই বৈ থকা এখন নৈৰ দৰে নিৰন্তৰ প্ৰবাহিত। এই যাত্ৰাত আগবাঢ়িবলৈ হ’লে জীৱনৰ গভীৰ সত্যসমূহ উপলব্ধি কৰাৰ মানসিক শক্তিৰ প্ৰয়োজন। ওপৰত উল্লেখিত তেৰটি সত্যই মানুহক বাহ্যিক জগতৰ ক্ষণস্থায়ী মোহৰ পৰা আঁতৰাই অন্তৰ্মুখী হ’বলৈ পথ প্ৰদৰ্শন কৰে। এই সত্যসমূহ কেৱল পাঠ কৰাৰ বাবে নহয়, এইবোৰ দৈনন্দিন জীৱনত নিষ্ঠাৰে পালন কৰাৰ বাবেহে।
মনৰ পৰা সন্দেহ আৰু অহেতুক চিন্তাক আঁতৰাই হাঁহি আৰু সৰলতাৰে নিজক সজাই তোলা, মৃত্যুৰ অনিবাৰ্যতাক স্মৰণ কৰি অহংকাৰ পৰিহাৰ কৰা আৰু ধৈৰ্যৰে নিজৰ দক্ষতাক গঢ়ি তুলি জ্ঞান অৰ্জন কৰাই হৈছে উত্তৰণৰ পথ। সেইদৰে সন্তুষ্টিৰ ধনেৰে ধনী হৈ সমাজত সন্মানীয় পৰিচয় গঢ়ি তোলা আৰু ইতিবাচক চিন্তা-ধাৰাৰে নিজৰ অন্তৰৰ বন্ধু হৈ জীয়াই থকাটোৱেই জীৱনৰ সাৰ্থকতা। এই শাশ্বত সত্যসমূহক হৃদয়েৰে গ্ৰহণ কৰি বাট বুলিব পাৰিলে জীৱনৰ পথ সুচল হৈ পৰে আৰু মানুহ প্ৰকৃত প্ৰশান্তিৰ দিশে আগুৱাই যাবলৈ সক্ষম হয়।
