অৰুণাচলৰৰ ক্ৰিকেট দলৰ মুখ্য প্ৰক্ষিকক হিচাপে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ দীনেশ মংগিয়া
অনলাইন বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ দীনেশ মংগিয়াক নিযুক্তি দিয়া হৈছে। খেলুৱৈগৰাকীয়ে এই কথা নিজে প্ৰকাশ কৰে। দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাসমূহ কৰʼনাকেন্দ্ৰিক পৰিৱেশৰ বাবে বিগত সময়ছোৱাত বন্ধ হৈ আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বʼৰ্ডে দেশৰ ঘৰুৱা প্ৰতিযোগিতাসমূহ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে বিভিন্ন ৰাজ্যৰ ক্ৰিকেটাসকলে প্ৰস্তুতি আৰম্ভ কৰিছে। দীনেশ মংগিয়াই অৰুণাচলত উপস্থিত হৈ ৰাজ্যখনৰ ক্ৰিকেট বʼৰ্ডৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত হোৱাৰ লগতে ক্ৰিকেটাৰসকলৰ লগতো মিলিত হয়। তৰুণ ক্ৰিকেটাৰসকলক সাক্ষাতৰ পিছত মংগিয়াই প্ৰকাশ কৰে যে তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হʼব সেয়া নিশ্চিত। ৰাজ্যখনৰ তৰুণ খেলুৱৈসকল আন ৰাজ্যৰ খেলুৱৈতকৈ কিছু পিছপৰি আছে। সেয়ে নিজৰ অভিজ্ঞতাক ব্যৱহাৰ কৰি এই খেলুৱৈসকলৰ উন্নতিৰ বাবে তেওঁ চেষ্টা চলাব। এটা বা দুটা বৰ্ষৰ ভিতৰত উন্নত ফলাফল লাভ কৰিব বুলি আশাবাদী মংগিয়া।
(RT)