নিস্তব্ধতাৰ বুকুত এজাক পোহৰ  – নাচিমা য়াচমিন

Pc Unsplash

 নিস্তব্ধতাৰ বুকুত এজাক পোহৰ 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

উত্তৰ-পূৰ্বাঞ্চলৰ বুকুৰে বৈ যোৱা ৰে’লপথটোৰ ওপৰেৰে এখনি চলন্ত ট্ৰেইন নিজৰ গন্তব্য স্থানৰ ফালে অবিৰতভাৱে আগবাঢ়ি গৈছে। ঝক্ – ঝক্ শব্দ কৰি ট্ৰেইনখনে যেন কিবা এক অজানিত কাহিনী কৈ গৈছে। খিৰিকীৰ কাষত বহি থকা মানুহবোৰৰ কোনোবাই বাহিৰৰ প্ৰকৃতি উপভোগ কৰিছে, কোনোবাই মোবাইলত ব্যস্ত, কোনোবাই আকৌ টোপনিৰ কোলাত নিজকে এৰি দিছে। কিন্তু খিৰিকীৰ কাষত বহি থকা ছোৱালীজনীৰ বাবে এই ট্ৰেইনৰ শব্দবোৰ বৰ আমনিদায়ক হৈ পৰিছে।

পঁচিশ বছৰীয়া ময়ুৰী— মুখখনত এক অদ্ভুত নিৰ্লিপ্ততা। চকুযোৰ বাহিৰৰ ফালে স্থিৰ হৈ আছে যদিও সেই চকুত যেন বাহিৰৰ দৃশ্যবোৰৰ কোনো প্ৰতিচ্ছবি নাই। তাই মাথোঁ চাই আছে—এটাৰ পিছত এটাকৈ পিছফালে পলাই যোৱা অচিনাকি ৰাস্তাবোৰলৈ। দেখনিয়াৰ একোৱেই নাই বাহিৰত, ক’ৰবাত মুকলি পথাৰ।ক’ৰবাত শুকাই যোৱা ঘাঁহনি।ঠায়ে ঠায়ে ফাট মেলা।বৰষুণৰ অভাৱত পথাৰৰ বুকুত যেন অসংখ্য বিষাদৰ ৰেখা আঁকি থৈছে ।ধাননিবোৰৰ সেউজীয়াখিনিও আগৰ দৰে সতেজ হৈ থকা নাই।

ময়ুৰীয়ে সেই শুকান পথাৰবোৰলৈ চাই থাকোঁতে কিয় জানো নিজৰ প্ৰতিবিম্বটো তাত বিচাৰি পালে।পথাৰখনৰ দৰে তাইৰ মনটোও যেন বহুদিন ধৰি বৰষুণৰ অপেক্ষাত।

দীৰ্ঘদিনীয়া এক মানসিক যন্ত্ৰণাক ট্ৰেইনৰ বেগৰ পিছত পেলাই তাই সমুখলৈ যাত্ৰা কৰিবলৈ সাহস গোটাইছে।  খিৰিকীৰে সোমাই অহা বতাহজাকে তাইক অত দিনৰ মূৰত মুকলি পৰিৱেশৰ অনুভৱ দিছে যেন।

চলন্ত ট্ৰেইনখন ষ্টেচনত গৈ ৰয়, আকৌ নিদিষ্ট সময়ত নিজৰ গন্তব্যৰ ফালে আগবাঢ়ি যায়।খিৰিকীৰ কাষত বহি থকা ময়ুৰীয়ে এতিয়াও বাহিৰলৈ চাইয়ে আছে। অচিনাকি পথবোৰ এটাৰ পিছত এটাকৈ পিছফালে পৰি যায় ।  কিন্তু তাইৰ মনটো যেন এতিয়াও সেই ঠাইতে ৰৈ গৈছিল—য’ৰ পৰা তাই নতুন জীৱন এটিৰ সপোন লৈ ওলাই আহিছিল।

খিৰিকীৰ ফাঁকেৰে সোমাই অহা বতাহজাকে তাইৰ চুলিখিনি উৰুৱাই নিলে। ময়ুৰীয়ে চকু দুটা বন্ধ কৰি দীঘলকৈ উশাহ ল’লে।বহুদিনৰ মূৰত মুকলি বতাহৰ স্পৰ্শই যেন তাইক নিজৰ অস্তিত্বটোৰ কথা সোঁৱৰাই দিলে। তাই মাথোঁ ভাগৰি পৰিছে। বহু দিন ধৰি  তাইৰ ভিতৰখনত মাথোঁ এটা কথাই প্ৰতিধ্বনিত হৈ আছে—

“মই আৰু নোৱাৰিছোঁ”তাই আজি পলাই যোৱা নাই। তাই উভতি গৈছে।নিজৰ ঘৰলৈ।নিজৰ মানুহৰ ওচৰলৈ।নিজৰ হেৰাই যোৱা জীৱনটোৰ ওচৰলৈ।

মানসিক যন্ত্ৰণা—শব্দ দুটা শুনিবলৈ হয়তো বৰ সাধাৰণ।কিন্তু ইয়াৰ গভীৰতা সেইজন মানুহেহে অনুভৱ কৰিব পাৰে, যিজনে নিজৰ মনটোৰ ভিতৰতে প্ৰতিদিনে এক অদৃশ্য যুদ্ধ চলাই যাবলগীয়া হয়। ময়ুৰীও তেনে এজনী ছোৱালী আছিল, ওপৰৰ পৰা দেখাত সকলো ঠিকেই আছে। নিয়মীয়াকৈ পঢ়া-শুনা কৰিছে।বন্ধুৰ লগত কথা পাতিছে।ঘৰলৈ ফোন কৰিছে। হাঁহিছে। কিন্তু সেই হাঁহিৰ আঁৰত লুকাই আছিল বহুদিনৰ অশান্তি।

দুবছৰ আগতে তাই এই একেখন ট্ৰেইনতে বহি বিশ্ববিদ্যালয়লৈ আহিছিল।তেতিয়া তাইৰ চকুত আছিল অলেখ সপোন। নতুন এক চহৰ,নতুন পৰিৱেশ, নতুন মানুহ। নিজৰ বাবে এক নতুন পৰিচয় গঢ়ি তোলাৰ সপোন।

তাই ভাবিছিল—“এইবাৰ হয়তো সকলো সলনি হ’ব।”

কিন্তু তাই নাজানিছিল, কিছুমান নতুন আৰম্ভণিয়ে মানুহক সপোন পূৰণ কৰাৰ আগতে বহু পৰীক্ষাৰ মাজেৰে পাৰ কৰাই নিয়ে।আৰু কেতিয়াবা সেই পৰীক্ষাবোৰ ইমানেই বেছি কঠিন হয় যে মানুহে হাঁহিবলৈ পাহৰি যায়।নিজক ভাল পাবলৈ পাহৰি যায়।

বিশ্ববিদ্যালয়ৰ প্ৰথম দিনটো ময়ুৰীৰ বাবে বৰ অচিনাকি আছিল।চৌপাশে অচিনাকি মুখ।অচিনাকি  শ্ৰেণী কোঠা।অচিনাকি ৰাস্তা।আৰু এখন সৰু হোষ্টেলৰ কোঠা, যিখন লাহে লাহে তাইৰ সৰু পৃথিৱী হৈ পৰিছিল।

দিনটো ক্লাছ কৰি, ব্যস্ততাৰ মাজত সময়বোৰ কেনেকৈ পাৰ হৈ গৈছিল তাই গমেই পোৱা নাছিল। কিন্তু ৰাতি নামিলেই কথাবোৰ যেন সলনি হৈ গৈছিল। হোষ্টেলৰ কৰিডৰবোৰ যেতিয়া লাহে লাহে নিস্তব্ধ হৈ পৰিছিল, তেতিয়া তাইৰ মনটোও যেন অস্বাভাৱিকভাৱে খালী হৈ পৰিছিল।

ঘৰৰ পৰা ফোন কৰি মাকে সুধিছিল—

:” ভালেই আছনে মাজনী?”

তাই হাঁহি হাঁহি কৈছিল—

:”হয় মা, মই ভালেই আছোঁ।”

:” খোৱা-বোৱা কৰিছনে?”

:”কৰিছোঁ।”

:”পঢ়া-শুনা ঠিকেই চলি আছে নহয়?”

:”হুম।”

মাকে আৰু কিবা সুধিব খোজাৰ আগতেই তাই কৈছিল—

:”মা, এতিয়া অলপ পঢ়িব লাগিব। পিছত কথা পাতিম।”

ফোনটো কাটি দিয়াৰ পিছত তাই কিছু সময় মোবাইলটো হাতত লৈয়ে বহি থাকিছিল।তাৰ পিছত লাহেকৈ খিৰিকীৰ কাষলৈ উঠি গৈছিল।বাহিৰত অসংখ্য লাইট জ্বলিছিল যদিও তাই যেন সকলোবোৰ অন্ধকাৰ দেখি পাইছিল। মানুহবোৰ আছিল।কিন্তু তাইৰ বাবে যেন সেই সকলোবোৰৰ মাজতো কোনোবা এজনৰ অভাৱ আছিল।নিজৰ মানুহৰ অভাৱ।

এজন মানুহ তাইৰ জীৱনলৈ আহিল।প্ৰথমে সাধাৰণ চিনাকি।তাৰ পিছত বন্ধুত্ব।আৰু কেতিয়া যে সেই বন্ধুত্ব ময়ুৰীৰ বাবে আশ্ৰয় হৈ পৰিল, তাই নিজেই নাজানিছিল। তাই নিজৰ ভাল লগা, বেয়া লগা, ভয়, দুখ, সপোন—সকলো কথা সেই মানুহজনৰ লগত পাতিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তাইৰ দিনটো বেয়া গ’লে তেওঁক ফোন কৰিছিল।কেতিয়াবা পঢ়াৰ চাপ বাঢ়িলে তেওঁৰ লগত কথা পাতিছিল।আৰু কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈও কেৱল তেওঁৰ মাতটো শুনিবলৈ মন গৈছিল।

এদিন কথাৰ মাজতে মানুহজনে কৈছিল—

:” ইমান চিন্তা কিয় কৰা?”

ময়ুৰীয়ে হাঁহি কৈছিল—

:”মই নাজানো। হয়তো আপোনাক হেৰুওৱাৰ ভয়ত। “

:” বেছি ভাবিব নালাগে। মই কেৱল তোমাৰেই  হৈ থাকিম।”

:” বাৰু চেষ্টা কৰিম।”

:” মই আছোঁ নহয়। সদায় থাকিম।”

সেই শেষ কথাষাৰ ময়ুৰীৰ মনত ক’ৰবাত গভীৰভাৱে সোমাই গৈছিল।

“মই আছোঁ নহয়।”

মানুহে কেতিয়াবা প্ৰতিশ্ৰুতি নিদিয়াকৈও আমাৰ মনত প্ৰতিশ্ৰুতিৰ দৰে ঠাই লয়। ময়ুৰীয়েও সেই মানুহজনক সম্পূৰ্ণভাৱে বিশ্বাস কৰিছিল। যিকোনো কঠিন পৰিস্থিতিত অন্তত এইগৰাকী তাইৰ কাষত থাকিব।

কিন্তু  জীৱনত সকলো মানুহ আমাৰ লগত শেষলৈকে থকাৰ বাবে নাহে।কোনোবাই আহে এটা অধ্যায় হৈ।কোনোবাই আহে এটা শিক্ষা হৈ।আৰু কোনোবাই আহি আমাৰ ভিতৰত এনেকুৱা এটা শূন্যতা সৃষ্টি কৰি যায়,যিটো পূৰ কৰিবলৈ বহু বছৰ লাগি যায়।

এদিন লাহে লাহে কথাবোৰ কমিবলৈ ধৰিলে।আগৰ দৰে ফোন নহা হ’ল।মেছেজৰ উত্তৰবোৰ চুটি হৈ আহিল।ব্যস্ততাৰ অজুহাত বাঢ়ি গ’ল।

ময়ুৰীয়ে প্ৰথমে বুজিবলৈ চেষ্টা কৰিলে।

:”হয়তো ব্যস্ত। হয়তো কিবা সমস্যা হৈছে।হয়তো তেওঁক অলপ সময় লাগে। কিন্তু কিমান দিন?”

এদিন তাই সাহস কৰি সুধিলে—“তুমি সলনি হৈ গৈছা ।মোক আৰু ভাল নোপোৱা নেকি?”

সিফালৰ পৰা কিছু সময় কোনো উত্তৰ নাহিল।

তাৰ পিছত মাথোঁ ক’লে —

:” নাই, তেনেকুৱা একো নহয়। মোৰ এতিয়া কেৰিয়াৰত ফকাছ কৰা দৰকাৰ।  বাকী একোতেই খৰচ কৰিবলৈ মোৰ হাতত সময় নাই।”

ময়ুৰীয়ে আকৌ সুধিলে—

:” তেন্তে কি সকলো শেষ হৈ গ’ল?

এইবাৰো নীৰৱতা।ময়ুৰীয়ে আৰু একো নক’লে।

কিছুমান সম্পৰ্ক ভাঙিবলৈ কোনো ডাঙৰ ঘটনা নালাগে।কেতিয়াবা মাথোঁ দুজন মানুহৰ মাজত থকা দূৰত্বখিনি অলপ অলপকৈ বাঢ়ি গৈ শেষত বিচ্ছেদত পৰিণত হয়।

তেনেকৈয়ে এদিন বুজা যায়—এতিয়া আৰু আগৰ দৰে একো হৈ থকা নাই। ময়ুৰীয়ে সেই কথাটো মানি ল’বলৈ বহুত সময় লৈছিল।যিজনক তাই নিজৰ মানুহ বুলি ভাবিছিল, সেইজনৰ জীৱনত তাই হয়তো কেতিয়াও তেনেকুৱা গুৰুত্বপূৰ্ণ মানুহ নাছিল।সেই উপলব্ধিটোৱে তাইক ভিতৰৰ পৰা ভাঙি পেলাইছিল।

কিন্তু জীৱনে তাইক তাতেই থমকি থাকিবলৈ নিদিছিল। Academic pressure বাঢ়ি আহিছিল। Assignment, Presentation, Class test, Examination, Resultৰ চিন্তা।ভৱিষ্যতৰ চিন্তা।আৰু তাৰ লগত ব্যক্তিগত জীৱনৰ অশান্তি।সকলোবোৰ যেন একেলগে তাইৰ ওপৰত আহি পৰিছিল।কেতিয়াবা ক্লাছত বহি থাকিও তাই একো বুজি নাপাইছিল।কিতাপখন মেলি ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিছিল।এটা পৃষ্ঠা পঢ়িছিল।আকৌ সেই পৃষ্ঠাটোলৈ ঘূৰি গৈছিল।কিন্তু একোৱেই মনত নৰৈছিল।বন্ধুবোৰে হাঁহি-ধেমালি কৰি থাকোঁতে তাইও হাঁহিছিল।কিন্তু সেই হাঁহিটো যেন কেৱল অভিনয় হে আছিল।

এদিন এজনী বান্ধৱীয়ে তাইক সুধিছিল—

:” তুমি সলনি হৈ গৈছা ময়ুৰী।”

ময়ুৰীয়ে হাঁহি কৈছিল—

:” মানুহ সদায় একে হৈ থাকে নেকি? সলনি হোৱাটো প্ৰকৃতিৰ নিয়ম।”

তাই আৰু একো কোৱা নাছিল। কিন্তু ময়ুৰীয়ে জানিছিল—তাই আৰু আগৰ ময়ুৰীজনী হৈ থকা নাই।যিজনী ময়ুৰী সৰু সৰু কথাতে হাঁহিছিল।সপোন দেখিছিল।মানুহক সহজে বিশ্বাস কৰিছিল।আৰু জীৱনটোক ভাল পাইছিল।সেই ছোৱালীজনী যেন ক’ৰবাত হেৰাই হে গৈছে।

এদিন ৰাতি হোষ্টেলৰ কোঠাত অকলে বহি থাকোঁতে ময়ুৰীয়ে অনুভৱ কৰিলে—

তাই আৰু নোৱাৰিছে।চকুৰ পানী ৰখাবলৈও সেইদিনা তাই চেষ্টা নকৰিলে।বহুদিন ধৰি বুকুৰ ভিতৰত জমা হৈ থকা সকলো কথা যেন সেই নিশা বাহিৰলৈ ওলাই আহিল।তাই বহু সময় কান্দিলে।তাৰ পিছত কঁপা হাতেৰে ফোনটো হাতত ল’লে।মাকৰ নম্বৰটো বিচাৰি উলিয়ালে।কিছু সময় চাই থাকিল।তাৰ পিছত কল কৰিলে।

ফোনটো বহু সময় বাজি থাকিল।

:” হেল্ল’?”

মাকৰ মাতটো শুনাৰ লগে লগে তাই একো ক’ব নোৱাৰিলে।

:“ময়ুৰী? কি হৈছে?”

তাইৰ চকুৰ পানী আৰু বেছিকৈ ওলাই আহিল।বহু সময়ৰ পিছত মাথোঁ ক’লে—

:” মা,,,,”

:” ক’ মাজনী,,,,”

:”মই ঘৰলৈ আহিব বিচাৰোঁ।”

সিফালৰ পৰা কিছু সময় কোনো মাত নাহিল।তাৰ পিছত মাকে লাহেকৈ ক’লে—

:”আহি যা।”

মাত্ৰ দুটা শব্দ।কিন্তু সেই দুটা শব্দই যেন তাইৰ বাবে বহুদিনৰ পিছত এটা আশ্ৰয়ৰ দুৱাৰ মেলি দিলে।

পিছদিনা ময়ুৰীয়ে ডিপাৰ্টমেণ্টৰ কৰিডৰত থিয় হৈ শেষবাৰৰ বাবে চাৰিওফালে চালে।এই ঠাইখনত তাই প্ৰথমবাৰৰ বাবে সপোন দেখিছিল।এই ঠাইতেই হাঁহিছিল।কান্দিছিল।কোনোবাক বিশ্বাস কৰিছিল।ভাঙিছিল। আকৌ থিয় হ’বলৈ চেষ্টা কৰিছিল।

তাই লাহেকৈ নিজৰ চকু পানী মচি ল’লে। ঘৰলৈ উভতি যোৱা মানে তাই ব্যৰ্থ হোৱা নাই। কেতিয়াবা জীৱনটো পুনৰ গঢ়িবলৈ মানুহে এখোজ পিছলৈ আহিব লাগে।কেতিয়াবা নিজৰ বাবে অলপ সময় ল’ব লাগে।

কেতিয়াবা মানুহৰ পৰা নহয়, নিজৰ পৰা নিজকে উদ্ধাৰ কৰিব লাগে।ময়ুৰীয়ে সকলো সামৰিলে।কিতাপবোৰ।কাপোৰবোৰ।কেইখনমান ফটো।আৰু অসংখ্য স্মৃতি। হোষ্টেলৰ কোঠাটোৰ দুৱাৰখন বন্ধ কৰাৰ আগতে তাই এবাৰ পিছলৈ ঘূৰি চালে।তাৰ পিছত লাহেকৈ দুৱাৰখন বন্ধ কৰি দিলে।সেই দুৱাৰৰ সিপাৰে ৰৈ গ’ল তাইৰ জীৱনৰ এটা অধ্যায়।আৰু তাই আগবাঢ়ি গ’ল—নিজৰ ঘৰলৈ।নিজৰ মানুহৰ ওচৰলৈ।নিজৰ জীৱনটো পুনৰ বিচাৰি পাবলৈ।

ট্ৰেইনখন আজি আকৌ আগবাঢ়ি গৈ আছে।কিন্তু ময়ুৰীৰ এইবাৰৰ যাত্ৰা আগৰ দৰে নহয়।দুবছৰ আগতে তাই নতুন জীৱনৰ সপোন লৈ ওলাই আহিছিল।আজি তাই উভতি গৈছে এটা ভাঙি যোৱা অধ্যায় লৈ। কিন্তু তাই নাজানে—এই উভতি অহাটোৱেই যে তাইৰ জীৱনৰ আটাইতকৈ ধুনীয়া অধ্যায়টোৰ আৰম্ভণি।

দুবছৰ পিছত—

এই একেজনী ময়ুৰীয়েই এটি নতুন জীৱন পালে।এটা চাকৰি পালে।নিজৰ ভৰিৰ ওপৰত থিয় দিলে।আকৌ হাঁহিবলৈ শিকিছে। যিটো অধ্যায়ৰ আৰম্ভণি হয় সকলো এৰি অকলশৰে বহি থকা সেই ষ্টেচনটোত, য’ত তাই এনেকুৱা এজন মানুহক লগ পালে যিগৰাকীয়ে তাইক শিকালে নতুনকৈ সপোন দেখিবলৈ, জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ, হতাশাৰ মাজত নতুন কিৰণ বিচাৰিবলৈ। এতিয়া তাইৰ সকলো আছে, এটা সুখী পৰিয়াল, চাকৰি, ঘৰ, এযোৰ বিশ্বাসী হাত ।

তাই এতিয়াও উপলব্ধি কৰে — কেতিয়াবা সকলো কাহিনীৰ অন্ত পৰে হয়, কিন্তু নতুন এক কাহিনীৰ সৃষ্টি কৰিবলৈ হে। সঠিক জীৱন সংগীৰ আগমণ যিকোনো মূহুৰ্তত যিকোনো অজুহাতত হ’ব পাৰে, অন্ধকাৰ অতীতক পাহৰাই বিশ্বাসৰ ৰশ্মিৰে আলোকিত কৰি।

কেতিয়াবা কোনোবা এজন আঁতৰি গ’লেই আমাৰ জীৱন শেষ হৈ নাযায়, সেয়া মাথোঁ এক ভুল অধ্যায়ৰ শেষ হে।আৰু কেতিয়াবা সেই শেষৰ পিছতেই আৰম্ভ হয়— আমি কেতিয়াও কল্পনা নকৰা এটি সুন্দৰ কাহিনী।