ঐতিহ্য
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
নগৰৰ মাজ মজিয়াত
শুই আছে এখন বিশাল সাগৰ
মানুহে কয় শিৱসাগৰ পুখুৰী
মই কওঁ অসমৰ হৃদয়ৰ দাপোণ।
আহোমৰ গৌৰৱৰ দিন ১৭৩১ চনত
বৰৰজা শিৱসিংহই ৰাণী অম্বিকাদেৱীৰ নামত
খনালে এই পবিত্ৰ জলাশয়
১২৯ বিঘা মাটি জুৰি
শ্ৰমিকৰ ঘাম আৰু ৰজাৰ অমৰ প্ৰেমত
তিনিও পাৰত যেন তিনিসিদ্ধ
পূবে শিৱদ’ল গৌৰীপটৰ দৰে ওখ
পশ্চিমে বিষ্ণুদ’ল শান্ত সমাহিত
উত্তৰে দেৱীদ’ল স্মৃতি ৰিঙিয়াই
তিনিওকে হিয়াত সাৱটি তুমি
ইতিহাসৰ পাত লুটিয়াই।
পুৱতি নিশা যেতিয়া কণমইনা চৰাইয়ে মাতে
তোমাৰ ৰূপোৱালী বুকু জিলমিল কৰে
পুৱা ফুৰা মানুহৰ খোজত
তোমাৰ পাৰ জীপাল হয়
গধূলি যেতিয়া শংখ বাজে দ’লত
তোমাৰ ঢৌবোৰেও যেন সেৱা কৰে।
তুমি দেখিছা ৰজাৰ উত্থান-পতন
ইংৰাজৰ আগমন
স্বাধীনতাৰ প্ৰথম পুৱা
আৰু আজিৰ ব্যস্ত চহৰ
তথাপিও তুমি একে আছা – গভীৰ, শান্ত, নিৰৱধি।
শিৱসাগৰলৈ যি আহে
তোমাক নোচোৱাকৈ নাযায়
কাৰণ তোমাক নেদেখিলে
শিৱসাগৰক দেখা নহয়।
তুমি পুখুৰী নহয়
তুমি আমাৰ আইৰ আমঠু
তুমি আমাৰ ইতিহাসৰ সোণোৱালী পৃষ্ঠা
আহোমৰ ঐতিহ্য।
