শেষৰখন চিঠি
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
হঠাৎ অহা বৰষুণজাকৰ দৰে
এদিন ঘপহকৈ আহি মোৰ মানসপটত ঠাই ল’লা,
সেইদিন ধৰি তোমাৰ হাতখন
খামুচি ধৰিছিলোঁ, পিচলি যোৱাৰ ভয়ত।
তুমি গুচি যোৱাৰ পৰত কৰুণ সুৰ এটা
মোৰ কাণত বাজি উঠিছিল।
ভয় হৈছিল, তোমাৰ হাতখন কোনোবাই
খামুচি ধৰিব নেকি?
তুমি বিশ্বাস দিছিলা, মোৰ মনে মনা নাছিল।
চিঠি লিখাৰ কোনো অভ্যাস নাছিল
তোমাৰ মৰমে মোক বাধ্য কৰালে
হাতত কলম তুলি ভাৱনাৰ সাগৰত ডুব যাবলৈ,
উটি-ভাহি পৃষ্ঠা ভৰাই চিঠি লিখিবলৈ।
তোমাৰ চিঠিৰ সঁহাৰিত বিশ্বাস জাগিছিল,
বাৰে বাৰে চিঠিখন পঢ়ি
আনন্দত বিভোৰ হৈ পৰিছিলোঁ।
চিঠিৰে আদান-প্ৰদান হ’ল
পুনৰ লগ পোৱাৰ ইচ্ছাৰে চিঠি লিখিলোঁ।
উত্তৰ অহালৈ অধীৰ অপেক্ষা,
মোৰ কিবা চিঠি আহিছে নেকি বুলি প্ৰায়েই সুধোঁ,
পিয়নজনো অতিষ্ঠ হৈ পৰিল।
বহুদিনৰ অন্তত উত্তৰ আহিল
কথা দিলা, ব্ৰহ্মপুত্ৰৰ পাৰৰ
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা
সেই ঠাইকণত লগ পোৱাৰ।
ঘণ্টাজুৰি ৰৈ থাকিলোঁ
তুমি যে নাহিলা, সেই সময়কণত
আন কাকোৱেই দেখা নাপালোঁ।
এখন-দুখনকৈ নখন চিঠি লিখিলোঁ
নাই, উত্তৰ নাহিল।
লাহে-লাহে অপেক্ষা কৰিবলৈ বাদ দিলোঁ।
এদিন ভাটিবেলা পিয়নজন আহি মাত দিলে
আৰু মোৰ হাতত চিঠি এখন তুলি দিলে।
বিশ্বাস হোৱা নাছিল
তোমাৰেই চিঠিনে এইখন?
আগ্ৰহেৰে পঢ়িছিলো, হৃদয়খন ভাঙি পৰিছিল।
তোমাৰ বিয়াৰ দিনা মই কোন সতে যাম?
আনৰ নামত সেন্দূৰ পিন্ধা কপালখন চোৱাৰ
সাহস মোৰ একেবাৰেই নাই।
অতদিনে বাট চাই
এয়াহে উপহাৰ পালোঁ।
আজি তোমাৰ মুখখনে মোক
বৰকৈ আমনি কৰিছে
মনটো অস্থিৰ আবেগত ধাৰাসায়ী হৈছে।
তুমি মোৰেই হ’ম বুলি কথা দিছিলা
মোৰ মনৰ দুৱাৰখন তোমাৰ বাবে খুলি ৰাখিছিলোঁ
কিন্তু তুমি নাহিলা।
বুকুত সামৰি ৰখা কথাবোৰ
উকা কাগজত ভৰাই তুলিব খুজিছোঁ।
এয়া তোমালৈ শেষৰখন চিঠি,
আগলৈ হয়তো চিঠি দিব নোৱাৰিম
কিমান অভিমান মনতে পুঁহি ৰাখিছিলোঁ
তুমি আহিবা, চিঠিৰ উত্তৰ আহিব বুলি
ৰৈ আছিলোঁ।
প্ৰতিটো নিশাই তোমাৰ স্মৃতিৰ কথাকে ক’ব,
তুমি হয়তো পাহৰি যাবা
এজন নতুন ব্যক্তিক পাই।
কিন্তু মই তোমাক লগ পোৱাৰ সময়বোৰ
তোমালৈ থকা অজস্ৰ মৰমবোৰ
ক’ত লুকুৱাম?
লুকুৱাবলৈ ঠাই নাই
বিলাই দিবলৈও তুমি নাই।
তোমালৈ মোৰ কোনো অভিযোগ নাই,
প্ৰাৰ্থনা কৰিছোঁ তুমি সুখী হোৱা।
মনত ৰাখিবা তোমাক কোনোবাই
নিজতকৈ বেছি ভাল পাইছিল, মৰম কৰিছিল।
আজিও তোমাৰ ভাল হোৱাটোৱেই কামনা কৰে।
