ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী আম্বানিক প্রধানমন্ত্রী সম্বোধন এলন মাস্ক

Pc NDTV

ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী আম্বানিক প্রধানমন্ত্রী সম্বোধন এলন মাস্ক

ৰঙিলী বাৰ্ত্তাসেৱা- ষ্টাৰলিংকক ভাৰতৰ বজাৰত মুকলি কৰাত পলম হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে স্পেচ এক্সৰ মুৰব্বী তথা মার্কিন ধনকুবেৰ এলন মাস্কে। কোনো কোনো গোষ্ঠী আৰু প্রভাবশালী লোকসকলে – ষ্টাৰলিংকক ভাৰতত প্ৰবেশত বাধা দিছে বুলি দাবী তুলি সৰৱ হৈছে এলন মাস্ক। এইবাৰ ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানিক পোনপটীয়াকৈ  লক্ষ্য কৰি লৈছে তেওঁ। তেওঁ কয়, ‘প্রিয় প্রধানমন্ত্রী আম্বানি, আপুনি যে ভাৰতৰ আচল বছ সেইটো বুজি নোপোৱাৰ বাবে মোক ক্ষমা কৰিব। শেহতীয়াকৈ নিজৰ এক্স হেণ্ডেলত এটা প’ষ্ট কৰে মার্কিন ধনকুবেৰগৰাকীয়ে। তাত তেওঁ লিখিছে- ‘স্বাভাৱিকভাৱে ভাৰতৰ মহান জনসাধাৰণৰ ওপৰত আপোনাৰ একচেটিয়া শোষণৰ বিষয়টো আপুনি বাহাল ৰাখিবলৈ বিচাৰিবই। কিন্তু তথাপি আপুনি ষ্টাৰলিংকক প্রতিযোগিতালৈ অহাৰ সুযোগ দিয়াৰ কথা বিবেচনা কৰিব নেকি?’ মাস্কৰ বক্তব্য যে আন সকলো দেশৰ দৰেই ভাৰততো এনে বহুতো ঠাই আছে, য’ত ইণ্টাৰনেট সেৱা নাই। ইয়াৰ ফলত শিশুসকল শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হৈছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিশ্ব বজাৰত তেওঁলোকৰ পণ্য বিক্ৰীৰ সুযোগ লাভ কৰা নাই। ষ্টাৰলিংকে তেওঁলোকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰিব পাৰে। ষ্টাৰলিংকৰ কৃত্রিম উপগ্ৰহৰ ভিত্তিত ইণ্টাৰনেট সেৱা জকাইচুকীয়া এলেকালৈ গৈ পালে পৰিস্থিতি আৰু অধিক জটিল হ’ব পাৰে। কাৰণ এই ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিয়েই সক্ৰিয় হৈ উঠিব পাৰে সশস্ত্র সংগঠনসমূহ। ফলত দেশত অৰাজকতা সৃষ্টিৰ চেষ্টাও চলিব পাৰে, যি ভাৰতৰ নিৰাপত্তাৰ বাবে অত্যন্ত উদ্বেগজনক। উল্লেখ্য যে ২০২২ চনত ৰাছিয়া-ইউক্রেইন যুদ্ধৰ পিছত ইউক্রেইনত ষ্টাৰলিংকক সক্ৰিয় কৰি তোলে এলন মাস্কৰ প্ৰতিষ্ঠান স্পেচ এক্সে। তাৰ পিছৰে পৰাই তাত যুদ্ধৰ গতি-প্রকৃতি সলনি হৈ পৰে। যুদ্ধ ক্ষেত্ৰত দেশখনৰ সামৰিক বাহিনীয়ে ষ্টাৰলিংকক বিভিন্ন গুৰুত্বপূর্ণ কামত ব্যৱহাৰ কৰে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল যোগাযোগ আৰু সমন্বয়, ড্রোন পৰিচালনা, চোৰাংচোৱা তথ্য আদান-প্রদান ইত্যাদি। মন কৰিবলগীয়া যে সম্প্রতি বিশ্বৰ লাখ লাখ মানুহে ব্যৱহাৰ কৰে ষ্টাৰলিংকৰ অত্যাধুনিক ইণ্টাৰনেট সেৱা। এতিয়ালৈকে ষ্টাৰলিংকে ৬০০০ৰো অধিক ছেটেলাইট উৎক্ষেপণ কৰিছে। ২০২৭ চনৰ ভিতৰত সেই সংখ্যা ৪২ হাজাৰলৈ বৃদ্ধি কৰাটোৱেই লক্ষ্য মাস্কৰ সংস্থাটোৰ। ষ্টাৰলিংকৰ হাইস্পীড ইণ্টাৰনেটৰ গতি হ’ব ৫০ৰ পৰা ২৫০ এমবিপিএছ। ল’ আর্ট অর্বিট (ভূপৃষ্ঠৰ পৰা ১৬০ৰ পৰা ২,০০০ কিলোমিটাৰ উচ্চতা)ৰ পৰা এই সেৱা প্ৰদান কৰা হয়। ছেটেলাইটৰ মাধ্যমেৰে যিহেতু এই সেৱা প্ৰদান কৰা হয় তাৰ ফলত যিকোনো ভিতৰুৱা অঞ্চলতো সহজতে ইণ্টাৰনেট সেৱা লাভ কৰিব পৰা যায়। উল্লেখ্য যে মাস্কৰ সংস্থা ষ্টাৰলিংকৰ ছেটেলাইট বৃদ্ধিত ইণ্টাৰনেট সেৱা যোৱা কেইবাবছৰ ধৰি ভাৰতত ব্যৱসায় কৰাৰ চেষ্টা চলাই আহিছে। কিন্তু সেয়া এতিয়াও সম্ভৱ হৈ উঠা নাই। কাৰণ শেহতীয়া প্রতিবেদন অনুসৰি ষ্টাৰলিংকসহ তিনিটা সংস্থাই প্রাথমিক অনুজ্ঞা লাভ কৰিলেও সেৱা আৰম্ভ কৰাৰ পূৰ্বে নিৰাপত্তা সম্পৰ্কীয় অনুমতি আৰু স্পেকট্রাম আবণ্টনৰ দৰে বিষয়সমূহ বাকী আছে।