মমতা-কেজৰিৱালসহ শীর্ষ বিৰোধী নেতাক আটক দিল্লী আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত নতুন দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়তে দিল্লী আৰক্ষীয়ে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনার্জী আৰু অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো শীৰ্ষ বিৰোধী নেতাক আটক কৰে। মুখ্য নির্বাচন আযুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ (এছআইআৰ)কে ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি প্রতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনার্জীক নতুন দিল্লীৰ ছাউথ এভিনিউৰ বাসগৃহৰ সন্মুখত আৰক্ষীয়ে আটক কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতাৰ সৈতে তৃণমূলৰ সাংসদ ডেৰেক অব্রায়ন, ডোলা ফেন আৰু আনকেইবাগৰাকী সদস্যক আটক কৰে। কেজৰিৱালক প্রতিবাদস্থলীলৈ যোৱাৰ পথতে আটক কৰে আৰক্ষীয়ে। চিপিএমৰ সকলো কেন্দ্রীয় নেতাই বিক্ষোভ কার্যসূচীত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হৈছিল। সেই সময়তে তেওঁলোকক আটক কৰি ৰাজধানী চহৰখনৰ বিভিন্ন স্থানলৈ এখন কয়দী নিয়া বাহনত উঠাই ঘূৰাই ফুৰা বুলি অভিযোগ উত্থাপন কৰে নেতাসকলে। কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয়নে এন ডি এ চৰকাৰে ৰাজধানী দিল্লীক এখন মুকলি কাৰাগাৰলৈ ৰূপান্তৰিত কৰা বুলি অভিযোগ কৰে। তেওঁ সশস্ত্ৰ আৰক্ষী আৰু অর্ধসামৰিক বাহিনী মোতায়েন কৰি প্ৰতিবাদ দমনৰ চেষ্টা চলায় বুলিও সৰৱ হোৱা দেখা যায়। চৰকাৰে গ্ৰেপ্তাৰৰ ভয় দেখুৱাই আন্দোলন স্তব্ধ কৰাব নোৱাৰে আৰু সংবিধান তথা ভোটাধিকাৰ ৰক্ষাৰ সংগ্ৰাম অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দি সমগ্ৰ দেশতে প্রতিবাদ সাব্যস্ত কৰাৰ সকীয়নি দিয়ে।
