হিমাশ্ৰী বড়োৰ মৃত্যুৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ এছআইটি গঠন

হিমাশ্ৰী বড়োৰ মৃত্যুৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ এছআইটি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো অন্ধ্ৰপ্ৰদেশ চৰকাৰে অতি গুৰুত্বসহকাৰে লৈছে ৷ শেহতীয়াকৈ এই ঘটনাটোৰ তদন্ত কৰিবৰ বাবে ২১ জনীয়া জোৱানৰে গঠিত ৭ টা আৰক্ষী দলক নিযুক্তি দিয়া হৈছে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে যুৱতীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ এক পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায় ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এই দাবীৰ পাছতে অন্ধ্ৰপ্ৰদেশ চৰকাৰে তদন্তকাৰী দল গঠন কৰি ঘটনাৰ তদন্ত চলাই আছে ৷ ২১ বছৰীয়া হিমাশ্ৰী বড়ো গুৱাহাটী মহানগৰীৰ বোন্দাৰ চপাইদঙৰ বাসিন্দা আছিল ৷ বিশাখাপট্টনমত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে যুৱতীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশলৈ গৈছিল ৷ বিগত ১৬ ছেপ্টেম্বৰত দহজন বন্ধুৰ সৈতে বিশাখাপট্টনমত তেওঁ উপস্থিত হৈছিল ।অনুষ্ঠান সামৰি বিগত ৬ অক্টোবৰত ২২৫০৩নং বিবেক এক্সপ্ৰেছেৰে হিমাশ্ৰীয়ে বিশাখাপট্টনমৰ পৰা গুৱাহাটীস্থিত ঘৰলৈ অকলশৰে ওভতিছিল ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আদবাটতে হিমাশ্ৰী বড়োৰ মৃত্যুৰ হয় ৷ অতি ৰহস্যজনকভাৱে ৭ অক্টোবৰত হিমাশ্ৰী বড়োৰ নিথৰ দেহ ৰে’ল আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰৰ ৰে’লপথৰ সমীপৰ এখন হাবিৰ দাঁতিত উদ্ধাৰ কৰে ৷ ইফালে আপোন ঘৰলৈ আহি থকা সময়তে ৰহস্যজনকভাৱে ৰে’লত মৃত্যুক সাবটিবলগীয়া হোৱা প্ৰতিভাৱান শিল্পী, মেধাৱী ছাত্ৰী হিমাশ্ৰী বড়োৰ নিথৰ দেহ ৭০ ঘণ্টাৰ অন্তত মহানগৰীৰ বোন্দাৰ চপাইডাংস্থিত ঘৰলৈ অনা হয়। উল্লেখ্য যে যোৱা ৬ অক্টোবৰত বিবেক এক্সপ্রেছযোগে গৃহামুখী হোৱাৰ সময়ত দুর্বৃত্তৰ দ্বাৰা হত্যাৰ বলি হৈছিল হিমাশ্রী বড়ো। ৰহস্যজনক ঘটনাটোক লৈ শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে তদন্তৰ দাবী কৰাৰ সময়তে শনিবাৰে বিয়লি প্রায় ৪ বজাত এম্বুলেঞ্চেৰে শিল্পীগৰাকীৰ নশ্বৰদেহ ঘৰলৈ অনা হয়। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত দুৰ্ভগীয়া শিল্পীগৰাকীৰ মৃতদেহ সুদূৰ অন্ধ্রপ্রদেশৰ পৰা গুৱাহাটীৰ ঘৰলৈ অনা হয়। মৃতদেহটো এম্বুলেঞ্চৰ সলনি বিমানযোগে কিয় অনা নহ’ল বুলি বিভিন্ন মহলে প্রশ্ন উত্থাপন কৰি থকাৰ সময়তে এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথে কয় যে শিল্পীগৰাকীৰ নিথৰ দেহ বিমানেৰে অনাৰ বাবে চৰকাৰে বহু চেষ্টা কৰিছিল। এইক্ষেত্ৰত বিশেষ শাখাৰ ডিআইজি অমৃত ভূঞা আৰু এছএছপি বেদান্ত বৰা কাকতিয়ে নিৰৱচ্ছিন্নভাৱে অন্ধ্রপ্রদেশ আৰক্ষী, চিকিৎসা বিভাগৰ সৈতে সমন্বয় স্থাপন কৰি মৃতদেহটো ঘৰলৈ আনিবলৈ সক্ষম হয়। অন্ধ্রপ্রদেশৰ পৰা নিৰৱচ্ছিন্নভাৱে গুহাটীলৈ ৩৬ ঘণ্টাজুৰি যাত্ৰাৰ অন্তত এম্বুলেঞ্চখন সুকলমে আহিবলৈ সক্ষম হয়। তেওঁ কয় যে মৃতদেহটো বিমানযোগে গুৱাহাটীলৈ আনিবলৈ চৰকাৰে কেইবাটাও এজেঞ্চীৰ সৈতে আলোচনা কৰিছিল যদিও বিশাখাপট্টনমৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ ৰে’লআলিৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটোত বহু জখম থকাৰ বাবে বিমানত অনাটো সম্ভৱপৰ হৈ নুঠিল। অৱশেষত পৰিয়ালৰ সৈতে আলোচনা কৰি চৰকাৰে মৃতদেহটো এম্বুলেঞ্চত আনিবলৈ সক্ষম হয়। সম্পূর্ণ মর্যাদাসহকাৰে হিমাশ্রী বড়োৰ নশ্বৰদেহ পৰিয়ালবৰ্গক চমজাই দিয়ে অসম আৰক্ষীৰ বিশেষ শাখাই। ইপিনে শিল্পীগৰাকীৰ নশ্বৰদেহ চপাইডাঙৰ নিজ গৃহ আহি পোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটী মহানগৰীত মৃতদেহ কঢ়িয়াই অনা এম্বুলেঞ্চখন প্ৰৱেশৰ লগে লগে মহানগৰ আৰক্ষীয়ে এক বৃহৎ কনভয়ৰ জৰিয়তে হিমাশ্ৰীৰ পৰিয়ালবৰ্গৰ গৃহলৈ নিয়ে। অগণন স্থানীয় লোকে অশ্রুসিক্ত নয়নেৰে সমদল কৰি মৰমৰ হিমাশ্ৰীৰ নম্বৰদেহ কঢ়িওৱা এম্বুলেঞ্চখনক আগবঢ়াই নিয়াৰ লগতে এই ঘটনাৰ উপযুক্ত তদন্তৰ দাবী তোলে। পৰিয়াল আৰু আত্মীয়-স্বজনে অশ্রুসিক্ত নয়নেৰে শিল্পীগৰাকীক শেষ বিদায় জনায়।  পৰিয়ালবৰ্গৰ লগতে বিভিন্ন দল-সংগঠনে শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পাছতে সহস্রাধিক লোকৰ উপস্থিতিত ৰাজহুৱা শ্মশানত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় নৃত্যশিল্পী হিমাশ্রী বড়োৰ নশ্বৰদেহ।