তামুলপুৰৰ পাটকিজুলি হাইস্কুলত এছএছবিৰ অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপালৰ

তামুলপুৰৰ পাটকিজুলি হাইস্কুলত এছএছবিৰ অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপালৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জাতিৰ শক্তি সৱল জনগোষ্ঠী আৰু স্বাৱলম্বী গাঁৱত নিহিত হৈ আছে বুলি আলোকপাত কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি তামুলপুৰ জিলাৰ ভাৰত–ভূটান সীমান্তৰ কাষৰীয়া এখন গাঁও পাটকিজুলি পৰিদৰ্শন কৰি গ্ৰাম্য জীৱিকা শক্তিশালী, মহিলা সবলীকৰণ আৰু যুৱক-যুৱতীসকলক অধিক সুযোগ প্ৰদানৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। তেওঁ কয় যে সীমান্তৱৰ্তী গাঁওসমূহ যেতিয়া সৰ্বাংগীন উন্নয়ন, অৰ্থনৈতিক স্বাৱলম্বীতা আৰু সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ হৈ পৰে তেতিয়াহে বিকাশ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব পাৰে।  ‘নমো মাতৃভূমি সুৰক্ষা আৰু স্বাৱলম্বন সংকল্প সপ্তাহ’ৰ অধীনত পাটকিজুলি উচ্চ বিদ্যালয়ত সশস্ত্র সীমা বলৰ ৬৪ সংখ্যক বেটেলিয়নৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰে। লোকভৱন, অসমৰ সহযোগত তথা সশস্ত্র সীমা বলৰ সৈতে যৌথভাবে ‘ভাইব্রেন্ট ভিলেজেছ প্রগ্রাম’ৰ অধীনত আয়োজিত অনুষ্ঠানটোত সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ কল্যাণ, স্বাস্থ্য সজাগতা, মহিলাৰ সবলীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি ৰাজ্যপাল আচার্যই কয় যে সীমান্তবর্তী গাঁওসমূহৰ উন্নয়ন ‘বিকশিত ভাৰত’ৰ সপোনৰ সৈতে ওতপ্রোতভাবে জড়িত। শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে গাঁওসমূহ স্বাৱলম্বী হোৱাৰ লগতে গাঁও বাসীসকল দক্ষ, আত্মবিশ্বাসী আৰু সক্ষম হোৱাটো অতি প্রয়োজনীয় বুলি তেওঁ মন্তব্য কৰে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত দেশৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰি অহা এছএছবিৰ জোৱানসকলৰ কৰ্তব্যনিষ্ঠাৰো তেওঁ শলাগ লয়। নৱৰাত্ৰিৰ প্রাকক্ষণত তামুলপুৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যপালগৰাকীয়ে জিলাখনৰ সমৃদ্ধজনগোষ্ঠীয় পৰম্পৰা, জনজাতীয় ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্র্যৰ প্ৰশংসা কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিদ্যমান সম্প্রীতি আৰু সহাৱস্থান ভাৰতীয় সভ্যতাৰ বৈচিত্র্যৰ মাজত ঐক্যৰ জীৱন্ত প্রতিফলন বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰসংগত ৰাজ্যপালগৰাকীয়ে নাগৰিকসকলক সততা, অনুশাসন আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি বলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাষ্ট্ৰ সেৱাৰ আৰম্ভণি নিজৰ গাঁওখনৰ উন্নয়নত অৰিহণা যোগোৱাৰ পৰা, সহনাগৰিকক সহায় কৰাৰ পৰা আৰু সমাজৰ কল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰাৰ পৰাই হয়। ‘ৰাষ্ট্ৰ প্ৰথম’ৰ নীতিৰে দেশৰ উন্নয়নত প্ৰতিগৰাকী নাগৰিকে নিজৰ অৱদান আগবঢ়াব লাগে বুলি তেওঁ আহ্বান জনায়। ৰাজ্যপাল গৰাকীয়ে সীমান্তৱৰ্তী অঞ্চলৰ জীৱন-যাত্ৰাৰ মান উন্নত কৰা, জীৱিকাৰ সুযোগ সৃষ্টি আৰু সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত ‘ভাইব্রেন্ট ভিলেজেছ প্ৰগ্ৰাম’ৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত গাঁওসমূহ দেশৰ সামাজিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় জীৱনৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি তেওঁ কয় যে তৃণমূল পর্যায়লৈ উন্নয়নৰ সুফল লৈ যাবলৈ সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন অত্যন্ত গুৰুত্বপূৰ্ণ। মহিলাৰ সৱলীকৰণক গ্রাম্য উন্নয়নৰ অন্যতম চালিকাশক্তি হিচাপে অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে আত্মসহায়ক গোটসমূহে উদ্যোগিতা বৃদ্ধি, জীৱিকাৰ সুযোগ সৃষ্টি আৰু গ্ৰাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়। অনুষ্ঠানত পাটকিজুলি সীমান্তৱৰ্তী অঞ্চলৰ মহিলাসকলে এছএছবিৰ ৬৪ সংখ্যক বেটেলিয়নৰ উদ্যোগত পাটকিজুলি সীমা চকীত গ্ৰহণ কৰা বিউটিচিয়ান প্রশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যপালে তেওঁলোকক প্রমাণপত্ৰ প্ৰদান কৰে। ইফালে সীমান্তৱর্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এছএছবিয়ে আয়োজন কৰা ‘ভাৰত দৰ্শন’ কাৰ্যসূচীৰ অধীনত কলকাতালৈ যাত্ৰা কৰি বলগীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোক ৰাজ্যপাল আচাৰ্যই আজি পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে। ১০ৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ বলগীয়া এই ভ্ৰমণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে দেশৰ সাংস্কৃতিক বৈচিত্র্যৰ সৈতে পৰিচিত হোৱাৰ লগতে তেওঁলোকৰ দৃষ্টিভংগী বহল কৰাৰ আৰু ৰাষ্ট্ৰীয় সংহতিৰ ভা বনা শক্তিশালী কৰাৰ সুযোগ লাভ কৰিব। অনুষ্ঠানত এছএছবিৰ উদ্যোগত চিকিৎসা-নাগৰিক কাৰ্যসূচী আৰু ‘মিলেটছ মেলা’ও অনুষ্ঠিত হয়। স্বাস্থ্য সজাগতা, সামূহিক কল্যাণ আৰু পুষ্টিকৰ খাদ্যৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এই কার্যসূচী অনুষ্ঠিত কৰা হয়। লগতে ‘নিচা মুক্ত ভাৰত অভিযান’ৰ অধীনত এখন নিচামুক্ত সমাজ গঢ়াৰ সংকল্প গ্রহণ কৰোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে আদৰণী ভাষণ দিয়ে। পাটকিজুলিৰ কাৰ্যসূচীৰ অন্তত ৰাজ্যপাল গৰাকীয়ে ভাৰত-ভূটান সীমান্তৰ দৰংগা সীমা চকী (BOP Darranga) পৰিদৰ্শন কৰি এছএছবিৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সৈতে ‘বড়াখানা’ত অংশগ্ৰহণ কৰে। বিধায়ক ভিক্টৰ দাস, বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী সদস্য গনেশ কছাৰী আৰু লখী দাস, এছ এছ বিৰ মহাপৰিদৰ্শক সুধীৰ ভাৰ্মা, উপ-মহাপৰিদৰ্শক এছ এছ বি, ৰঙিয়া, মনোজ কুমাৰ, এছ এছ বিৰ উপ মহাপৰিদৰ্শক শ্ৰী নীৰজ চান্দ, এছ এছ বি ৬৪ নং বেটেলিয়নৰ অধিনায়ক, অনুজ কুমাৰ, জিলা উপায়ুক্ত তামুলপুৰ ছিমি কৰণ; এছ এছ পি তামুলপুৰ সুমন চক্ৰৱৰ্তী; এছ এছ বিৰ বিষয়া আৰু জোৱান, পাটকিজুলি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক; আৰু অন্যান্য বিশিষ্ট ব্যক্তি আৰু স্থানীয় বাসিন্দাসকল এই অনুষ্ঠানত উপস্থিত থাকে।