ভাৰতীয় বংশোদ্ভৱক ন’বেল প্রদানত অসন্তুষ্টি প্ৰকাশ ট্রাম্পৰ

Pc Newsonair

ভাৰতীয় বংশোদ্ভৱক ন’বেল প্রদানত অসন্তুষ্টি প্ৰকাশ ট্রাম্পৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ নোবেল শান্তি বঁটা দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় বংশোদ্ভূত জুৰিষ্ট তথা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ উচ্চায়ুক্ত নাভি পিল্লাইক প্ৰদান কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ট্ৰাম্পে এই সিদ্ধান্তক “লজ্জাজনক আৰু অপমানজনক” বুলি অভিহিত কৰি ন’ৱেৰ নোবেল কমিটীক তীব্ৰ সমালোচনা কৰে। ট্ৰাম্পে বঁটা বিজয়ী নাভি পিল্লাইক এগৰাকী “ৰহস্যময় ব্যক্তি” বুলি অভিহিত কৰে আৰু কয় যে তেওঁ কেতিয়াও পিল্লাইৰ নাম শুনা নাছিল। ট্ৰাম্পৰ মতে, তেওঁ নিজেই এই বঁটা পোৱাৰ আটাইতকৈ যোগ্য আছিল। ভাৰত-পাকিস্তান সংঘাতকে ধৰি বিশ্বৰ প্ৰায় ৮ খন যুদ্ধ বা কন্দল তেওঁ প্ৰতিহত কৰিছিল বুলি দাবী কৰে। তেওঁৰ মতে, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ ৰোধ কৰি তেওঁ ৫০ নিযুত লোকৰ জীৱন ৰক্ষা কৰিছিল। ট্ৰাম্পে কয় যে এমুঠি “উগ্ৰ মতাদৰ্শবাদী” বা সমাজবিৰোধী লোকৰ বাবে নোবেল শান্তি বঁটাৰ মৰ্যাদা চিৰদিনৰ বাবে ম্লান হৈ পৰিল। তেওঁ লগতে নৰৱেক উদ্দেশ্যি এক প্ৰকাৰৰ সকীয়নি দি কয়, “আমি নৰৱেক পাহৰি নাযাওঁ”। উল্লেখ্য যে, নাভি পিল্লাইক মানৱাধিকাৰ ৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২৬ চনৰ নোবেল শান্তি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।