হিমাশ্রী বড়োৰ মৃত্যুৰ তদন্ত বিচাৰি ৰে’লমন্ত্ৰী-অন্ধৰ মুখ্যমন্ত্রীলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰী গুৱাহাটীৰ চপাইদঙৰ বিশ বছৰীয়া যুৱতী হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুত সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হৈছে ৷ এই শোকাৱহ ঘটনাক লৈ গভীৰ মৰ্মবেদনা প্রকাশ কৰাৰ লগতে ন্যায় নিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোৰ এক নিৰপেক্ষ, বিস্তৃত আৰু সময়সীমাবদ্ধ তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুলৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰে। একে সময়তে, অন্ধ্রপ্রদেশৰ সংশ্লিষ্ট আইন-শৃংখলা বাহিনীৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰি তদন্তৰ অগ্রগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিছে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমযোগ মুখ্যমন্ত্রী ড° শৰ্মাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি কয় যে অসমৰ জনসাধাৰণ দেশৰ যিকোনো প্রান্ততে থাকক, তেওঁলোকৰ সুৰক্ষা আৰু ন্যায় নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। উল্লেখ্য যে অন্ধ্রপ্রদেশৰ পৰা ঘূৰি অহাৰ সময়ত ৰে’লযাত্ৰাৰ মাজতে সন্ধানহীন হৈছিল যুৱতীগৰাকী আৰু পিছত তেওঁৰ মৃতদেহ এখন হাবিত উদ্ধাৰ হৈছিল। কেন্দ্ৰীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুলৈ পৃথকে পৃথকে লিখা পত্রত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, কামৰূপ জিলাৰ ২০ বছৰীয়া ছাত্রী হিমাশ্রী বড়ো এটা নৃত্যদলৰ সৈতে বিশাখাপট্টনমলৈ গৈছিল আৰু তাৰ পৰা অসমলৈ উভতি আহি আছিল। যোৱা ৫ অক্টোবৰত তেওঁ বিশাখাপট্টনমৰ পৰা ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছ (ৰে’ল নং ২২৫০৩)-ত যাত্ৰা আৰম্ভ কৰিছিল। ৬ অক্টোবৰত পৰিয়ালৰ লোকে তেওঁৰ পৰা এটা উদ্বেগজনক বার্তা লাভ কৰে। বার্তাটোত নিজৰ চাৰিওফালে বহু পুৰুষৰ উপস্থিতিৰ বাবে তেওঁ ভয় অনুভৱ কৰাৰ কথা প্রকাশ কৰা বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে তেওঁ সন্ধানহীন হৈ পৰে। পৰৱৰ্তী সময়ত ৰে’লখনৰ এছ-২ দবাৰ পৰা তেওঁৰ বেগ উদ্ধাৰ কৰা হয়। তাৰ পিছত অন্ধ্রপ্রদেশৰ শ্ৰীকাকুলাম জিলাৰ মালায়াপুৰমৰ সমীপৱৰ্তী এটা বনাঞ্চলৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কর্তৃপক্ষক হিমাশ্রীয়ে ৰে’লত যাত্ৰা আৰম্ভ কৰাৰ পৰা সন্ধানহীন হোৱা আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱালৈকে প্রতিটো ঘটনা পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। তদন্তত কোনো অপৰাধৰ সৈতে লোক জড়িত থকাৰ প্ৰমাণ পোৱা গ’লে তেওঁলোকক শীঘ্ৰে চিনাক্ত কৰি আইনৰ আওতালৈ অনাৰ বাবেও প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁ তদন্ত প্রক্রিয়া যাতে নিৰপেক্ষ, বিস্তৃত আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হয়, তাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষৰ ব্যক্তিগত হস্তক্ষেপ কামনা কৰিছে।
