নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ বৃহৎ জয়

নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ বৃহৎ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ল ৷ নগাঁও লোক সভা সমষ্টিৰ উপ-নির্বাচনত এক ঐতিহাসিক জয়ৰ চমক দেখুৱালে গেৰুৱা দল বিজেপিয়ে। সমষ্টি পুনৰ গঠনৰ পাছত সংখ্যালঘু ভোটাৰৰ অভিকেন্দ্র হৈ পৰা সাংসদীয় সমষ্টিটোত বিজেপি দলে বৃহৎ ব্যৱধানত বিৰোধীক একপ্ৰকাৰ ধৰাশায়ী কৰি বিজয়ৰ ইতিহাস গঢ়ে। সমষ্টিটোৰ আটাইকেইটা বিধানসভা সমষ্টিতে সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভ কৰি বিজেপি তথা এনডিএ প্রার্থী দেৱাশিস শৰ্মাই ১ লাখ ৪২ হাজাৰ ভোটৰ ব্যৱধানত বৃহৎ জয়লাভ সাব্যস্ত কৰে। দেৱাশিস শৰ্মাই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী এআইইউডিএফৰ প্রার্থী দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক ১,৪১,৯১৬টা ভোটৰ ব্যৱধানত পৰাভূত কৰে। নির্বাচনী ফলাফল অনুসৰি বিজেপি তথা এনডিএৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই ৭,১৩,৬২২টা ভোট লাভ কৰাৰ বিপৰীতে বদৰুদ্দিন আজমলে ৫,৭১,৭০৬টা ভোট লাভ কৰে। নির্বাচনী ফলাফলত বিৰোধী কংগ্ৰেছৰ শিৱামণি বৰাই মাত্র ১,২৯,৩৬৩টা ভোট লাভ কৰে। ইয়াৰ লগে লগে এসময়ৰ কংগ্ৰেছৰ দুৰ্গ নগাঁৱত দর্পচূৰ্ণ হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সমষ্টিটোৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ ৫ বাৰৰ বিধায়ক তথা প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। নিৰ্বাচনৰ ফলাফল অনুসৰি বিজয়ী দেৱাশিস শর্মাই ভোটদান হোৱা মুঠ ভোটৰ ৪৯.১১ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বদৰুদ্দিন আজমলে লাভ কৰে ৩৯.৩৪ শতাংশ ভোট। আনহাতে কংগ্ৰেছৰ শিৱামণি বৰাই লাভ কৰে মাত্র ৮.৯ শতাংশ ভোট। শুকুৰবাৰে ভোটগণনা আৰম্ভ হোৱাৰ পৰাই ভোটগণনা কেন্দ্ৰত প্ৰতিটো ৰাউণ্ডতে বিজেপি প্রার্থীগৰাকী আন দুগৰাকী নিকটতম প্রার্থী দুগৰাকীতকৈ আগুৱাই থাকে। পোষ্টেল ভোটৰ ভোটগণনাতো বিজেপি প্রার্থীগৰাকীয়ে আগবাঢ়ি থাকে আৰু মুঠ পোষ্টেল ভোটৰ ৫১১৫টা ভোটৰ ভিতৰত বিজেপি প্রার্থীগৰাকীয়ে ৩ হাজাৰ পোষ্টেল ভোট লাভ কৰে। উল্লেখ্য যে নগাঁও উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা শিৱামণি বৰাই সমষ্টিটোত কংগ্ৰেছৰ সংখ্যালঘু ভোটাৰৰ মাজত ব্যাপক জনসমর্থন তথা লাহৰীঘাট, চামগুৰি, ৰূপহীহাট, ধিং আদি সমষ্টিত বিৰোধী কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক থকাৰ পিছতো শোচনীয় পৰাজয়ৰ মুখ দেখা ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপর্য বহন কৰিছে। বিগত ১০টা বছৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত এইবাৰ সংখ্যালঘু ভোটাৰৰ লগতে সকলো শ্ৰেণীৰ ভোটাৰেই শাসকীয় দলৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থতে কংগ্ৰেছক প্রত্যাখ্যান কৰাটো স্পষ্ট হৈছে। উল্লেখ্য যে এইবাৰ উপ-নির্বাচনত নগাঁৱত বিজেপিৰ পদুম ফুল ফুলাটো সকলোৱে আশা কৰিছিল আৰু এই প্রত্যাশাক সাকাৰ ৰূপ দি প্রত্যাশিতভাবেই দেৱাশিস শর্মা নিশ্চিত ৰূপত জয়ী হয়। নগাঁও, মৰিগাঁও জিলাত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে দুয়োখন জিলাৰ সকলো জাতি-জনগোষ্ঠী, ধর্ম-বর্ণ নির্বিশেষে সকলোৰে লগত সুসম্পর্ক গঢ়ি তোলা দেৱাশিস শৰ্মাই উপ-নির্বাচনৰ সময়ত সকলোৰে আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মাজতো থকা বিৰোধীৰ প্ৰত্যাহ্বানৰ পাছতো দেৱাশিস শর্মা বিপুল ভোটত জয়ী হ’বলৈ সক্ষম হয়।

আনহাতে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত জয়লাভ কৰাৰ পিছতে বিজেপি প্রার্থী দেবাশিস শর্মাই সংবাদ মাধ্যমৰ আগত সাংসদীয় সমষ্টিটোৰ ভোটদাতা ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সমষ্টিবাসীয়ে যি মৰম, আদৰ আৰু সহায়-সহযোগিতা আগ বঢ়ালে তাৰ বাবে সকলোৰে ওচৰত চিৰ কৃতজ্ঞ বুলি মন্তব্য কৰে। লগতে তেওঁ চাৰিটা সংখ্যালঘু সমষ্টিৰ ভোটদাতা ৰাইজক ধন্যবাদ জনাই কয়, তেওঁলোকে প্রমাণ কৰি দিলে যে উচিত পৰিৱেশ আৰু পৰিস্থিতি পালে তেওঁলোকে মৰম কৰে। চৰকাৰৰ পলিচী কেতিয়াও একপক্ষীয় নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মৰিগাঁও আৰু জাগীৰোড দুয়োটা সমষ্টিক মিলাই যিসকল মহিলাই উদ্যমিতা আঁচনিৰ ধন লাভ কৰিছে তাতকৈ লাহৰীঘাটৰ মহিলাই বেছি লাভ কৰিছে। উন্নয়ন আৰু পৰিৱৰ্তন এইখন চৰকাৰে যিটো হাৰত কৰিছে সেইটো সংখ্যালঘুৰ ফালেও কৰিছে। তেওঁলোকে উপলব্ধি কৰিছে। তেওঁলোকে নতুনত্ব আপোন কৰি ল’ব বিচাৰিছে। তেওঁলোকে উন্নয়ন আৰু পৰিৱৰ্তন আঁকোৱালি ল’ব বিচাৰিছে আৰু সেই কাৰণে চৰকাৰৰ পক্ষে একেলগে হাত মিলাই চলিবলৈ চেষ্টা কৰিছে। বিজয়ী প্রার্থী দেবাশিস শর্মাই লগতে কয়, আমি এই হাৰত জিকিম বুলি ভবা নাছিলোঁ। কিন্তু জিকিম বুলি নিশ্চিত আছিলোঁ।