সাম্প্ৰতিক কালৰ অসমীয়া কাব্যৰ দ্বিতীয় গৰাকী জাতীয় কবিৰ দেহাৱসান
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
সাম্প্ৰতিক কালৰ অসমীয়া কাব্যৰ দ্বিতীয় গৰাকী জাতীয় কবি( প্ৰথম গৰাকী জাতীয় কবি হিচাপে সন্মানিত হৈছিল কবি নীলমণি ফুকন) সাহিত্যিক,গীতিকাৰ, অনুবাদক তথা সাহিত্য সংগঠক, অসমীয়া বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা মিৰ্জাৰ আৰ. বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আৰু পৰৱৰ্তী অসমৰ লোকসেৱা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা আনিছ-উজ-জামানে গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি কঠিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাত ২০ চেপ্তেম্বৰ, ২০২৬ ইং দেওবাৰে পুৱা ৫.৪০ বজাত ৭৯ বছৰ বয়সত অসমবাসীক কন্দুৱাই ইহলীলা সম্বৰণ কৰে।
উল্লেখযোগ্য যে, শিৱসাগৰৰ বৰুৱা বামুণবাৰী গাঁৱত জন্মগ্ৰহণ কৰা সুকবি আনিজ- উজ- জামানে দহখনতকৈ অধিক গ্ৰন্থ ৰচনা কৰিছিল। সেইবোৰ হ’ল, ক্ৰমে —অজ্ঞাতে ( ১৯৮৯) , গধূলি (১৯৯৪) , সেউজীয়া জোন (১৯৯৯) , আনিছ-উজ-জামানৰ কবিতা ( ২০১০) বাটেদিয়েই(২০১৩), দোকমোকালি(২০১৪) , নিৰ্বাচিত কবিতা(২০১৬) ।
শ্ৰব্য কেছেট ” ঢৌবোৰত নাচে দোতাৰা” আৰু” নতুন নিয়ৰ। “
তেওঁ প্ৰায় আঠখন কবিতা বিষয়ক গ্ৰন্থ সম্পাদনা কৰিছে আৰু শিশু সাহিত্যৰ বিষয়ে পাঁচখনকৈ পুথি ৰচনা কৰাৰ উপৰিও বিখ্যাত জাপানী কবি মাটছুঅ’ বাশ্বৰ জাপানী হাইকু কবিতা সমূহ
” এজাক ফুলৰ ধুমুহা” নামকৰণেৰে অসমীয়ালৈ অনুবাদ কৰিছে।
তেওঁৰ সৃষ্টিৰাজি ইংৰাজী , হিন্দী, বঙালী, উৰিয়া, তামিল, ফৰাচী, স্পেনিছ আদি বিভিন্ন ভাষালৈ অনুবাদ হৈছে।
বিশিষ্ট কবি আনিজ উজ জামানৰ ” নিৰ্বাচিত কবিতা” পুথিখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ প্ৰসংগ পুথি হিচাপে অন্তৰ্ভুক্ত হৈছে।
তেওঁ লাভ কৰা কেইটামান উল্লেখযোগ্য ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বঁটাসমূহ হ’ল
গংগাধৰ ৰাষ্ট্ৰীয় কবিতা বঁটা (২০২২): উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা এই মৰ্য্যাদাপূৰ্ণ বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া কবি ( ইয়াৰ পূৰ্বে নৱকান্ত বৰুৱা আৰু নীলমণি ফুকনে এই বঁটা লাভ কৰিছিল)।
২০২৫ চনত অসম সাহিত্য সভাই প্ৰদান কৰা উপাধি ‘জাতীয় কবি’।
জাপানী হাইকু কবিতাৰ সফল অনুবাদক হিচাপে তেওঁ ২০২৩ চনত অমূল্য চক্ৰৱৰ্তী অনুবাদ বঁটা লাভ কৰে।
সদৌ অসম কবি সন্মিলনে ‘ কাব্য ৰত্ন বঁটা ” প্ৰদান কৰে। ইয়াৰ আগতে ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ আৰু পদ্মনাথ বিদ্যা বিনোদ সাহিত্য বঁটাৰেও তেওঁ বিভূষিত হৈছিল।
সাম্প্ৰতিক যুগৰ চিন্তা-চেতনাক অসমীয়া কাব্য জগতলৈ বোঁৱাই অনা শক্তিশালী অসমীয়া কবিসকল যেনে, নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য আদিয়ে কবিতাক লৈ কৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে মুক্তক ছন্দ,স্পন্দিত গদ্য,ন ন উপমা, চিত্ৰকল্পৰ উপস্থাপন, ধৰ্মীয় বা জনশ্ৰুতিক ভিত্তি কৰি মিথ প্ৰয়োগ কৰি বৰ্তমান সমাজক চিত্ৰণ,প্ৰকৃতিক শক্তিশালী চৰিত্ৰ ৰূপে ৰূপায়ণ, মাৰ্ক্সীয় দৰ্শন, সমাজবাদী ভাৱধাৰা, নৈৰাজ্যবাদ আদিৰ জৰিয়তে কবিতাৰ আত্মাক সাকাৰ ৰূপ দান কৰা ইত্যাদি আঙ্গিক আৰু ভাৱধাৰাক অনুসৰণ কৰি পৰৱৰ্তী কবিসকলেও কাব্য চৰ্চা কৰি গ’লেও নবৈ দশকৰ পৰা বৰ্তমানলৈকে সাম্প্ৰতিক অসমীয়া কবিতা আগতকৈ বেছি বৈচিত্ৰ্যপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। এই কালৰ কবি সকলে অধ্যয়নলব্ধ জ্ঞানতকৈ অভিজ্ঞতালব্ধ অনুভূতিক বেছি গুৰুত্ব দিয়ে। ফলত কবিতাবোৰ স্থিৰ আৰু সুন্দৰ হোৱা পৰিলক্ষিত হয়। সাম্প্ৰতিক কালৰ কবিতাৰ জনপ্ৰিয়তাৰ বতাহ বলিবলৈ ধৰে সনন্ত তাঁতী, সমীৰ তাঁতী আৰু আনিজ উজ জামানৰ কবিতাসমূহৰ পৰা।
নিঃসন্দেহে, সাম্প্ৰতিক কালৰ অসমীয়া কাব্যৰ এজন জনপ্ৰিয় আৰু নিষ্ঠাবান কবি হ’ল আনিজ-উজ-জামান।
ব্যক্তিগত চেতনাক সমূহীয়া স্তৰলৈ উন্নীত কৰিব পৰাতে তেখেতৰ কৃতিত্ব। সংবেদনশীলতা আৰু চিন্তাৰ গভীৰতা তেখেতৰ কবিতাত দেখা যায়। মানুহৰ সুখ-দুখৰ অনুভৱ আৰু বঞ্চিতজনৰ বেদনা তেওঁৰ কবিতাৰ বিষয়বস্তু। তেওঁৰ কবিতাত অসমীয়া জনজীৱন, গ্ৰাম্য পৰিৱেশ, লোক সংস্কৃতিৰ সুৰ ,প্ৰকৃতি আৰু সময়ৰ প্ৰতি চেতনতাবোধ আৰু ঐতিহ্যৰ প্ৰতি আগ্ৰহ প্ৰকাশ হৈছে।
তেওঁৰ কবিতাৰ ভাষা চিত্ৰময়, যাৰ জৰিয়তে তেওঁ অতি সহজে পাঠকৰ মন জয় কৰিব পাৰে। জটিলতাৰ পৰিৱৰ্তে সহজ-সৰল তথা গভীৰ অৰ্থৱহ শব্দৰ বৰ্ণনা তেওঁৰ শিল্পকলাৰ অন্যতম অনুপম দিশ।
কবি আনিছ-উজ-জামানৰ চুটি কবিতাসমূহ সুন্দৰ সুন্দৰ চিত্ৰকল্প, ন ন উপমা, ব্যঞ্জনাময় শব্দৰ প্ৰয়োগ আৰু মিতভাষিতাৰে অধিক মনোৰম শব্দৰ বাচনি আৰু ছন্দৰ সঠিক প্ৰয়োগে কবিতাসমূহক গীতিময়তা প্ৰদান কৰিছে।
” চকুৰ টোপনিৰ আমেজ শেষ নহওঁতেই দেখিছিলোঁ”
” আকাশৰ মুধচেদি সৰি পৰিছে// এটি ৰাতিপুৱা”
মনিব পৰা দুৰৈৰ খিৰিকীত দেখিছিলোঁ// দুখন হাত”
এই উজ্জ্বল চিত্ৰকল্প সমূহৰ দ্বাৰা সুকবি গৰাকীয়ে ৰাতিপুৱাৰ সজীৱ চিত্ৰ জীৱন্ত ৰূপত প্ৰকাশ কৰিছে।
” ক’লৈনো খোজ ল’ম আনন্দত/ গোটেই বাটটোতেই/ শুকান পাত পৰি আছে/ নীৰৱতাই যে গান গাব পাৰে/ সিদিনাই প্ৰথম শুনিলোঁ।” এই চিত্ৰকল্পখনলৈ মন কৰিলে দেখা পাওঁ, শুকান পাতে জীৱন আৰু সৌন্দৰ্যক সোঁৱৰাই দিছে। ইয়াত
নীৰৱতাও বাঙ্ময় হৈ পৰিছে।
” ফুলে তৰা/ জ্বলে চকু/ দিশ পোহৰাই” কবিতাটিত তৰা ফুলা প্ৰসংগই ৰাতিৰ সুন্দৰ পৰিৱেশ, ” বালি জকেমকায়” প্ৰসংগই সেই ৰাতিৰ পূৰ্ণিমাৰ জোনাক ৰাতি, ‘ জ্বলে চকু ” ৰ প্ৰসংগই শ্ৰীকৃষ্ণক পোৱাৰ তীব্ৰ হেঁপাহ , আনন্দত গোপীসকলৰ চকু উজ্জ্বল হৈ পৰিছে। বাঁহী বজায়/ যমুনাৰ বালি জকেমকায় ” পূৰ্ণিমাৰ ৰাতি কৃষ্ণৰ ৰাসমঞ্চৰ প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়াকৈ ফুটি উঠিছে।
কবি গৰাকীৰ” মৃতকৰ খোলা হাত দুখন / সকলোৱে চায়” শীৰ্ষক কবিতাটিৰ শাৰীয়ে মৃত্যুক প্ৰাকৃতিক শাশ্বত সত্য প্ৰক্ৰিয়া হিচাপে উপস্থাপন কৰিছে। ” ক’ৰবাৰ পৰা ফেঁচাটো উৰি আহি/ হাত দুখনত পৰে” শাৰীটোৱে মৃতকৰ সৈতে স্বৰ্গৰ সংযোগৰ বাৰ্তা প্ৰেৰণ কৰিছে।
মুঠতে, সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত জাতীয় কবি হিচাপে সদায় বিৰাজমান বিশিষ্ট কবি আনিজ উজ জামানৰ সকলো কবিতাত চিত্ৰকল্পৰ এক মহা পয়োভৰ দেখা যায় ; যিয়ে কবিতাসমূহক গীতিময়তা, নতুনত্ব আৰু ব্যঞ্জনা প্ৰদান কৰিছে। তেওঁৰ অকাল মৃত্যুক অসমীয়া সাহিত্য আৰু সমাজ জীৱনত এক মহা শূন্যতাৰ সৃষ্টি হ’ল। এই শূন্যতাক পূৰ্ণ কৰিবলৈ কমেও এক শতিকা লাগিব।
জাতীয় কবি গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোক-সন্তপ্ত পৰিয়াললবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ।
