শিশুৰ মন
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ৰজনী মালাকাৰ এজন বেংক কৰ্মচাৰী। সম্প্ৰতি চাকৰিত পদোন্নতি লাভ কৰি তেওঁ সপৰিয়াল গুৱাহাটীৰ পদুম পুখুৰী নামৰ ঠাইখনলৈ বদলি হৈ আহে। নতুন ঠাইখনত সুবিধা বুজি তেওঁলোকে মাটি অলপ কিনি এটা ধুনীয়া নিজা ঘৰ সাজি ল’লে। ৰজনীৰ পত্নী মিনুৱে নতুন পৰিৱেশটো বৰ ভাল পাইছিল। তেওঁলোকৰ মণি আৰু মিলন নামৰ দুটা মৰমলগা শান্ত-শিষ্ট ল’ৰা আছিল।
তেওঁলোকৰ ঘৰৰ ঠিক সন্মুখতেই আছিল এই অঞ্চলৰে অতি ভদ্ৰ আৰু মৰমিয়াল পৰিয়ালটো—ৰমেন কাকতি মাষ্টৰৰ ঘৰ। ৰমেন বাবু পেচাগতভাৱে এজন শিক্ষক আৰু তেওঁৰ পত্নী পদুমী এগৰাকী অতি মৰমীয়াল মহিলা। কাকতি পৰিয়ালৰ দুটা ল’ৰা-ছোৱালী—আনিছ আৰু ৰিংকী। মণি আৰু মিলনতকৈ আনিছ আৰু ৰিংকী আছিল যথেষ্ট চঞ্চল আৰু উৎপতীয়া স্বভাৱৰ।
প্ৰথম লগ পোৱাৰ পৰাই দুয়োটা পৰিয়ালৰ মাজত এক অতি নিবিড় আৰু অন্তৰংগ সম্পৰ্ক গঢ়ি উঠিছিল। চুবুৰীয়া হিচাপে তেওঁলোক সুখ-দুখৰ সমভাগী হৈ পৰিছিল। মিনুৱে থাই খাদ্য ৰান্ধি বৰ ভাল পাইছিল আৰু প্ৰায়েই বিশেষ কিবা বনাব ল’লে কাকতি পৰিয়ালটোক নিমন্ত্ৰণ জনাইছিল। ইফালে, আনিছ আৰু ৰিংকীয়ে নিজৰ ঘৰতকৈ ৰজনী মালাকাৰৰ ঘৰতহে বাৰান্দাত চিঞৰ-বাখৰ কৰা, খেলাৰ ছলেৰে ঘৰৰ আচবাব লৰচৰ কৰা আদি উৎপাতবোৰ কৰিছিল। কিন্তু ৰজনী আৰু মিনুৱে সিহঁতক নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল, কেতিয়াও এষাৰো গালি পৰা নাছিল। চাৰিওটা ল’ৰা-ছোৱালীৰ মাজৰ নিভেজাল বন্ধুত্বই দুয়োখন ঘৰক একেটা পৰিয়ালৰ দৰে বান্ধি ৰাখিছিল। এনেদৰেই সুখ আৰু আনন্দৰ মাজেৰে সুন্দৰকৈ দুটা বছৰ পাৰ হৈ গ’ল।
কিন্তু এদিন আবেলি এটা অপ্ৰত্যাশিত ঘটনা ঘটিল। বাৰান্দাত মণি-মিলনৰ লগত লুকাভাকু খেলি থাকোঁতে আনিছৰ ভৰি লাগি মিনুৰ অতি প্ৰিয় তথা দামী চিনামাটীৰ অৰ্কিড ফুলৰ টাবটো মজিয়াত পৰি মট-মটকৈ ভাঙি টুকুৰা-টুকুৰ হৈ গ’ল।
টাবটো ভঙাৰ শব্দ শুনি ৰিংকীয়ে খং আৰু ভয়তে চিঞৰি উঠিল। তাই আনিছক বৰকৈ গালি পাৰিবলৈ ধৰিলে, “তোৰ কাৰণেই আজি এইটো হ’ল! এতিয়া দেউতাই গম পালে আমাক পিটিব!” ভনীয়েকৰ গালি আৰু দেউতাকৰ ভয়ত আনিছেও কান্দি পেলালে। দুয়ো ভায়েক-ভনীয়েক খঙ আৰু অভিমানত কান্দি কান্দি দৌৰি নিজৰ ঘৰলৈ গুচি আহিল।
ইফালে, বেংকৰ কামৰ পৰা ভাগৰি অহা ৰজনী মালাকাৰে যেতিয়া বাৰান্দাত সিঁচৰতি হৈ থকা প্ৰিয় টাবটোৰ টুকুৰাবোৰ ভাঙি পৰি থকা দেখিলে, তেওঁৰ খং চুলিৰ আগ পালেগৈ। সদায় সহনশীল হৈ থকা মানুহজন হঠাতে ইমানেই উত্তেজিত হৈ পৰিল যে তেওঁ মণি আৰু মিলনক সিহঁতৰ সৈতে খেলিবলৈ একেবাৰে নিষেধ কৰিলে। কেৱল সেয়াই নহয়, অহা-যোৱা আৰু দেখা-দেখি সম্পূৰ্ণ বন্ধ কৰিবলৈ দুয়োখন ঘৰৰ ঠিক মাজতে এখন ওখ পকী দেৱাল থিয় কৰাই দিলে।
দুই বছৰীয়া সুমধুৰ সম্পৰ্কটোত হঠাতে এক গহীন মৌনতাই বিৰাজ কৰিলে। ৰমেন মাষ্টৰ আৰু পদুমীয়েও কথাটোত বৰ দুখ আৰু লাজ পালে। ডাঙৰ মানুহৰ অহংকাৰ আৰু অভিমানে দুয়োখন ঘৰক পৃথক কৰিলে সঁচা, কিন্তু সিহঁত চাৰিওটা ল’ৰা-ছোৱালীক বেলেগ কৰিব নোৱাৰিলে।
কিছুদিন যোৱাৰ পিছত, মণি, মিলন, আনিছ আৰু ৰিংকীয়ে দেৱালখনৰ একেবাৰে তলৰ চুকত এটা সৰু ফুট বিচাৰি উলিয়ালে। ডাঙৰৰ চকুৰ আঁৰত সিহঁতৰ গোপন সংযোগ আকৌ আৰম্ভ হ’ল। সিহঁতৰ আবেলিৰ গোপন আড্ডা সেই দেৱালৰ ফুটোতেই বহিবলৈ ধৰিলে। সিহঁতে এতিয়া সেই সৰু ফুটোৱেদি ইজনে সিজনলৈ চাই ফুচফুচাই কথা পাতে, চকলেট পাছ কৰে আৰু নিজৰ বন্ধুত্বক জীয়াই ৰাখে।
এদিন আবেলি ৰজনী মালাকাৰ বেংকৰ পৰা অলপ সোনকালেই ঘৰলৈ ঘূৰি আহিছিল। বাৰীৰ পিছফালে খোজ লওঁতেই তেওঁ এটা অস্পষ্ট গুণগুণনি আৰু সৰু সৰু হাঁহিৰ শব্দ শুনিবলৈ পালে। তেওঁ মনে মনে আগবাঢ়িগৈ যি দৃশ্য দেখিলে, তেওঁৰ বুকুখন চিৰিংকৈ উঠিল। ওখ পকী দেৱালখনৰ তলৰ সৰু ফুটোৰ ওচৰত মণি আৰু মিলন আঁঠু কাঢ়ি বহি আছিল আৰু সিপাৰৰ পৰা আনিছ আৰু ৰিংকীৰ মাত ভাঁহি আছিল। মিলনে পকেটৰ পৰা ললিপপ এটা সেই সৰু ফুটোৱেদি সিপাৰলৈ ঠেলি দিছিল।
ৰিংকীয়ে ফুটোৱেদি ফুচফুচাই কৈছিল, “মিলন ককাইদেউ, মিনু পেহীক ক’বা মোৰ বৰ মনত পৰিছে। তোমালোকে দেৱালৰ সিপাৰৰ পৰা খেলিলে আমাৰ বৰ অকলে অকলে লাগে।”
অবুজ শিশু কেইটাৰ চকুত কোনো খং নাছিল, আছিল কেৱল এজাক নিষ্পাপ মৰম। ৰজনী মালাকাৰ থমকি ৰ’ল। তেওঁৰ চকুহাল চলচলীয়া হৈ পৰিল। তেওঁ অনুভৱ কৰিলে যে খঙৰ ভমকত তেওঁ এটা মাটিৰ টাব ভঙাৰ বাবে ইমান ডাঙৰ শাস্তি দিলে এই নিষ্পাপ শিশু কেইটাক! তেওঁৰ মনত হ’ল তেওঁ যেন এক ডাঙৰ অপৰাধ কৰিলে।
তেওঁ আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। খৰখেদাকৈ আগবাঢ়ি গৈ তেওঁ মণি আৰু মিলনক সাৱটি ধৰিলে আৰু দেৱালৰ ফুটোৱেদি সিপাৰলৈ চাই চিঞৰি উঠিল, “আনিছ! ৰিংকী! তহঁত ঘৰলৈ যাচোন, দেউতাৰাক মাতি আন। মই এই দেৱালখন আজিয়েই ভাঙি পেলাম!”
ৰজনী মালাকাৰৰ কথা শুনি আনিছ আৰু ৰিংকীয়ে লৰালৰিকৈ দৌৰি গৈ দেউতাক ৰমেন মাষ্টৰ আৰু মাক পদুমীক মাতি আনিলে। ইফালে ৰজনীয়ে ঘৰৰ পৰা হাতুৰী এখন উলিয়াই আনি নিজেই দেৱালখনত সজোৰে কোব মাৰিবলৈ ধৰিলে। শব্দটো শুনি মিনুও পাকঘৰৰ পৰা লৰি আহিল।
ৰজনী মালাকাৰে হাতুৰীখন দলিয়াই পেলাই চকুৰ পানীৰে ৰমেন মাষ্টৰৰ হাত দুখন খামুচি মাৰি ধৰিলে, “মাষ্টৰ বাবু, মোক ক্ষমা কৰি দিয়ক। খঙৰ ভমকত মই ইমান ডাঙৰ ভুল কৰিলোঁ! এই ওখ দেৱালখনে মোৰ ল’ৰা-ছোৱালী কেইটাৰ হাঁহিবোৰ কাঢ়ি লৈছিল। মই আজি বুজি পালোঁ, মাটিৰ টাব ভাঙিলে আকৌ কিনিব পাৰি, কিন্তু আপোনালোকৰ দৰে চুবুৰীয়া আৰু এই নিষ্পাপ মৰম হেৰাই গ’লে কেতিয়াও ঘূৰাই পোৱা নাযায়।”
ৰমেন মাষ্টৰৰো চকু চলচলীয়া হৈ পৰিল। তেওঁ ৰজনীক বুকুত সাৱটি ধৰি ক’লে, “ৰজনী, ভুল আমাৰো হৈছিল। কিন্তু আজি আপুনি দেৱালখন ভাঙি আমাৰ বুকুবোৰ আকৌ জোৰা লগাই দিলে।”
পদুমী আৰু মিনুৱেও ইজনীয়ে সিজনীক সাৱটি ধৰিলে। ইপিনে মণি, মিলন, আনিছ আৰু ৰিংকীৰ আনন্দৰ সীমা নোহোৱা হ’ল। সিহঁতে দেৱালৰ ভঙা অংশটোৰ মাজেৰেই ইটোৱে সিটোক সাৱটি ধৰি আনন্দতে নাচিবলৈ ধৰিলে।
পিছদিনাই ৰজনী মালাকাৰে দেৱালখন সম্পূৰ্ণৰূপে ভাঙি চাফা কৰি পেলালে। দুয়োখন ঘৰৰ চোতাল আকৌ এখন হৈ পৰিল। সেই দেওবাৰে পদুম পুখুৰীৰ ঘৰখনত এক ডাঙৰ উৎসৱৰ পৰিৱেশ গঢ়ি উঠিল। মিনুৱে বৰ হেঁপাহেৰে গোটেই পৰিয়ালটোৰ বাবে স্পেচিয়েল থাই খাদ্য ৰান্ধিলে। চোতালত ডাঙৰ মেজ পাৰি ৰজনী, মিনু, ৰমেন মাষ্টৰ আৰু পদুমী বহিল। কাষতে মণি, মিলন, আনিছ আৰু ৰিংকীয়ে হাঁহি-ধেমালিৰে দেওবাৰৰ দুপৰীয়াৰ সাজ একেলগে উপভোগ কৰিলে।
পদুম পুখুৰীৰ সেই ঠিকনাত এতিয়া কোনো দেৱাল নাই, আছে কেৱল এজাক অপাৰ মৰম, বন্ধুত্ব আৰু সুদৃঢ় আত্মীয়তা, যাক কোনো খং বা অভিমানে কেতিয়াও ভাঙিব নোৱাৰে।
