পূজা
প্ৰভাত বণিয়া
শৰত আহিল
নিয়ৰ সৰিছে টোপ টোপ
কেওফালে উজলি উঠিছে
জান জুৰি পৃথিৱী ৰূপে অপৰূপা মনোমুগ্ধ পৰিৱেশ
শেৱালীৰ মলমলীয়া সুৱাস
মন ফৰকাল
নৈৰ দাঁতিত হালিছে জালিছে শুকুলা কহুৱা ফুল
কপিছে লিহিৰি বিৰিণা,
শংখ ঘণ্টা, ধাক ঢোল বাজিছে
মৰ্ত্যলৈ আহিল দুৰ্গতি নাশিনী, মহিষ-মৰ্দিনী দেৱী দুৰ্গা মহামায়া
ভক্ত প্ৰাণ পুৰুষ মহিলা যুৱক যুৱতী
শিশু মাতৃৰ আজি উলাহ অধীৰ হিয়া
আমিও আৰতি কৰোঁ দুৰ্গা গোসানীৰ চৰণ যুগলে
মন প্ৰাণৰ পৰা আসুৰিক চিন্তা ভাৱনা মচি পেলাওঁ
গৰ্ব অহঙ্কাৰ,ফটুৱা ভেম দূৰতে কৰোঁ বিদূৰ
নিস্বাৰ্থ দ্বিধাহীন,ভয়,শংকা বিহীন মনৰ অধিকাৰী হও সকলো
পাদ্য অৰ্ঘ ধূপ ধুনা নৈবেদ্যৰে
মহামাতা স্নেহময়ী দশভূজা দেৱী দুৰ্গাক যাচো আহা
ভক্তি অঞ্জলি।
