অসমত ইউচিচি ৰূপায়ণৰ পথ মুকলি

Pc Organiser

অসমত ইউচিচি ৰূপায়ণৰ পথ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত সম নাগৰিক সংহিতা (ইউ চি চি) ৰূপায়ণৰ পথ মুকলি হ’ল। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে সমনাগৰিক সংহিতা বিধেয়কত প্রয়োজনীয় অনুমোদন জনাইছে। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত দেশৰ তৃতীয়খন ৰাজ্য হিচাপে অসমত ইউচিচি বলবৎ হ’ব। ৰাষ্ট্ৰপতি মুর্মুৱে যোৱা ২৯ ছেপ্টেম্বৰত অসমৰ সমনাগৰিক সংহিতা বিধেয়কত প্রয়োজনীয় স্বাক্ষৰ কৰে। এতিয়া ৰাজ্য চৰকাৰে ইউচিচি কাৰ্যকৰী কৰাৰ বাবে প্রয়োজনীয় বিধি প্রস্তুত আৰু অধিসূচনা জাৰি কৰিব পাৰিব। এই সাহসী-প্রগতিশীল-সুদূৰপ্ৰসাৰী আইনখনৰ মূল ভিত্তি হৈছে সমঅধিকাৰ- সমন্যায়-সংবিধানৰ সমমূল্যবোধ। ইউচিচি কাৰ্যকৰী হোৱাৰ পাছতে অসমত কোনো ব্যক্তিৰ অধিকাৰ ব্যক্তিগত বা ধর্মীয় বিধানৰ ভিন্ন ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীল নহ’ব। বৰঞ্চ নিশ্চিত হ’ব সকলোৰে বাবে একেই আইনী সুৰক্ষা আৰু একেই ন্যায় বিচাৰৰ ব্যৱস্থা। উল্লেখ্য যে যোৱা ২৭ মে’ত অসম বিধানসভাত ধ্বনি ভোটৰ জৰিয়তে সমনাগৰিক সংহিতা বিধেয়ক গৃহীত হৈছিল। ইয়াৰ জৰিয়তে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ-পোষণ, লিভিং আদিৰ দৰে বিষয়সমূহত এক উমৈহতীয়া আইনী পৰিকাঠামো প্ৰৱৰ্তনৰ পদক্ষেপ গ্রহণ কৰা হৈছে। অৱশ্যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতীয় সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্রিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি সমান সন্মান প্রদর্শনেৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে। সেই অনুসৰি সংবিধানৰ ৩৪২নং অনুচ্ছেদৰ অধীনত অন্তর্ভুক্ত জনজাতীয় সমাজক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ইউচিচিয়ে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ-পোষণৰ দৰে চিন্তনীয় বিষয়ত সকলো নাগৰিকক আইনৰ দৃষ্টিত সমান মর্যাদা লাভ কৰাটো নিশ্চিত কৰিব। সামগ্রিকভাৱে বিশেষকৈ ৰাজ্যৰ নাৰীশক্তিৰ সুৰক্ষা, মৰ্যাদা আৰু অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’বলগীয়া ইউচিচিৰ দ্বাৰা বিবাহ বিচ্ছেদ ব্যৱস্থা সৰলীকৰণ হ’ব। পৰকীয়া সম্পর্ক, নিষ্ঠুৰ ব্যৱহাৰ, দুবছৰৰ অধিক সময় পৰিত্যাগ, অন্য ধৰ্মলৈ ধৰ্মান্তৰকৰণ, মানসিক অসুস্থতা, ইউচিচি উলংঘা কৰি পুনৰ বিবাহ আদিৰ ভিত্তিত বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব। মহিলাক ইউচিচিয়ে এক বিশেষ সুৰক্ষা প্রদান কৰিব। স্বামীয়ে বলাৎকাৰ বা অস্বাভাৱিক যৌন অপৰাধ কৰিলে অথবা ইউচিচি কাৰ্যকৰী হোৱাৰ পূৰ্বে একাধিক পত্নী থাকিলে অতিৰিক্ত ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব মহিলাই। পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত ইউচিচিত ৰখা ব্যৱস্থা এনেধৰণৰ- এবছৰ পৃথকে থকাৰ পাছত দুয়োপক্ষৰ সন্মতিত বিবাহ বিচ্ছেদৰ অনুমতি থাকিব। বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দ্রুত নিষ্পত্তি কৰিব পাৰিব আদালতে। ইউচিচিত তিনি তালাক নিষিদ্ধ কৰা হৈছে। তাৎক্ষণিক তিনি তালাক বৈধ নহ’ব। কেৱল আদালতৰ আদেশৰ জৰিয়তেহে কাৰ্যকৰী হ’ব বিবাহ বিচ্ছেদ। সেইদৰে স্বামী বা পত্নীয়ে আনজনৰ পৰা ভৰণ-পোষণ দাবী কৰিব পাৰিব।  ইউচিচিয়ে বিবাহৰ ন্যূনতম বয়স নির্ধাৰণ কৰি দিছে। পুৰুষৰ ক্ষেত্ৰত ২১ বছৰ আৰু মহিলাৰ বাবে ১৮ বছৰ। অনুৰূপ ধৰণে বাধ্যতামূলক হ’ব এক বিবাহ। অর্থাৎ বিবাহৰ সময়ত জীৱিত স্বামী বা পত্নী থাকিব নোৱাৰিব। কার্যতঃ ইয়াৰ দ্বাৰা বহুবিবাহ নিষিদ্ধ কৰা হৈছে। ইউচিচি কাৰ্যকৰী হোৱাৰ লগে লগে সকলো বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। ধর্মীয় ৰীতি-নীতিৰ স্বাকৃতি হিচাপে সপ্তপদী, আশীর্বাদ, নিকাহ, হ’লি ইউনিয়ন, বৈদিক বিবাহ, আহোম চকলং বিবাহ, ব্রহ্ম বিবাহ, আনন্দকাৰজ আৰু ইউচিচিত স্পষ্টভাৱে স্বীকৃত অন্যান্য পৰম্পৰাগত ধর্মীয় অনুষ্ঠানসমূহ বৈধ হিচাপে গণ্য হ’ব। লিভ-ইন সম্পৰ্কৰ ক্ষেত্ৰত ইউচিচিত কোৱা হৈছে যে অসমত লিভ-ইন সম্পর্কক স্বীকৃতি দিয়া হ’ব। অসমৰ নাগৰিক হওক বা নহওক, এনে সম্পর্ক উপ-পঞ্জীয়কৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বাধ্যতামূলকভাৱে। এমাহৰ ভিতৰত পঞ্জীয়ন নকৰিলে তিনি মাহ পর্যন্ত কাৰাদণ্ড, ১০ হাজাৰ টকালৈকে জৰিমনা বা দুয়োটা শাস্তি হ’ব পাৰে। পঞ্জীকৃত লিভ-ইন সম্পর্কত জন্মগ্রহণ কৰা সন্তান স্বয়ংক্রিয়ভাবে বৈধ বুলি গণ্য হ’ব। কোনো পুৰুষে নিজৰ লিভ-ইন সংগী পৰিত্যাগ কৰিলে আদালতৰ জৰিয়তে ভৰণ-পোষণ দাবী কৰিব পাৰিব মহিলাগৰাকীয়ে। উপ-পঞ্জীয়কে প্রতিখন ঘোষণা-পত্র স্থানীয় আৰক্ষীলৈ প্ৰেৰণ কৰিব। যদি যিকোনো এজন সংগীৰ বয়স ২২ বছৰৰ তলত হয়, তেন্তে জনোৱা হ’ব অভিভাৱক বা পিতৃ-মাতৃক। ঘনিষ্ঠ আত্মীয়ৰ মাজত, যিকোনো এগৰাকী ইতিমধ্যে বিবাহিত বা আন লিভ-ইন সম্পর্কত থাকিলে, যিকোনো এগৰাকী নাবালক হ’লে অথবা বলপূর্বক বা প্ৰতাৰণাৰে সন্মতিপ্রাপ্ত নহ’লে লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰা নহ’ব। ইউচিচিত পুত্র-কন্যাই সমঅধিকাৰ লাভ কৰিব বুলিও স্পষ্ট কৰি দিয়া হৈছে।