১৭ অক্টোবৰত অতিৰিক্ত চৰকাৰী বন্ধ ঘোষণা অসম চৰকাৰৰ

Pc-assam.news18.com

১৭ অক্টোবৰত অতিৰিক্ত চৰকাৰী বন্ধ ঘোষণা অসম চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ১৭ অক্টোবৰৰ দিনটো অতিৰিক্ত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে শনিবাৰে জাৰি কৰা জাননী অনুসৰি, ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ ভিত্তিত এই অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে।অধিসূচনাখন অনুসৰি, ১৭ অক্টোবৰত অসম চৰকাৰৰ অধীনস্থ সকলো কাৰ্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত বন্ধ থাকিব। ৰাজ্যখনত দুৰ্গাপূজাৰ উদযাপনৰ পৰিপ্ৰেক্ষিতত এই দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখ্য যে এইবাৰ দুৰ্গা পূজাৰ বন্ধৰ মাজত এটা দিন দেওবাৰ পৰাত কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত এদিনৰ বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে।