কলাক্ষেত্ৰত অসমীয়া ভাষাৰ ধ্রুপদী মৰ্যাদাৰ দিন উদযাপন আছুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) উদ্যোগত ৩ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰ দিন’ উলহ-মালহেৰে উদযাপন কৰা হয়। উল্লেখ্য যে, ২০২৪ চনৰ ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ‘ধ্ৰুপদী ভাষা’ (Classical Language) হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। সেয়হে সদৌ অসম ছাত্ৰ সন্থাই ‘৩ অক্টোবৰ’ৰ দিনটোক প্ৰতি বছৰে ”অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰ দিন” ৰূপে পালন কৰিবলৈ সিদ্ধান্তু গ্ৰহণ কৰে। অনুষ্ঠানটোত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট সাহিত্যিক ড° কুলধৰ শইকীয়াদেৱকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত “অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্যাদাঃ স্বীকৃতিৰ ইতিহাস, অধিকাৰৰ পৰিসৰ আৰু পৰৱৰ্তী কৰ্তব্য” – শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে সাহিত্য একাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ড° কুলধৰ শইকীয়াদেৱে। ড° কুলধৰ শইকীয়াদেৱে বক্তব্যত অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্যাদাৰ পৰিক্ৰমা আৰু এই বিষয়ত ভৱিষ্যত কৰণীয় সন্দৰ্ভত সুন্দৰ বাখ্যা আগবঢ়ায়। ভাষাটোৱে ধ্রুপদী স্বীকৃতি লাভৰ আঁৰৰ বিষয়সমূহৰ ওপৰত চমু আলোকপাত কৰি বিশিষ্ট সাহিত্যিক ড° শইকীয়াই কয় যে অসমীয়া ভাষাটোক লৈ পণ্ডিতসকলে বিভিন্ন সময়ত বহু কথাই কৈছিল। কিছুসংখ্যকে পাবত গজা ভাষা বুলি কৈছিল। কথাবোৰ যি ধৰণে গুৰুত্ব দিব লাগিছিল সেয়া দিয়া হোৱা নাছিল। কিন্তু ‘ধ্রুপদী’ ভাষাৰ স্বীকৃতিয়ে উক্ত লোকসকলৰ লগতে সমগ্র দেশবাসীক ‘অসমীয়া’ ভাষাৰ গুৰুত্বক জনাই দিলে। ‘ধ্রুপদী’ স্বীকৃতিৰ এইখিনিয়ে লাভ বুলি মন্তব্য কৰি তেওঁ কয় যে মোৰ ভাষাটো ওপঙি ফুৰা ভাষা যে নহয় সেয়া স্পষ্ট হৈছে। এই স্বীকৃতিৰ পাছতো অথবা সাংবিধানিক সুৰক্ষা পোৱাৰ পাছতো ভাষা এটা মানুহে ক’ব লিখিব আৰু পঢ়িব লাগিব তেতিয়াহে ভাষাটো যুগমীয়া হ’ব বুলিও তেওঁ লগতে কয়। ‘ধ্রুপদী’ স্বীকৃতিৰ জৰিয়তে ভাষাটোৰ পৰা কিদৰে ভৱিষ্যতে আগুৱাই যাব পাৰি সেই সন্দৰ্ভতো তেওঁ আলোকপাত কৰে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে ভাষাটোৰ প্ৰাচীনতাখিনি দেশৰ মানুহে গম পালে। এই প্রাচীনতাক সমল হিচাপে লৈ আগুৱাই যাব লাগিব। দেশত থকা সকলো কেন্দ্রীয় বিশ্ববিদ্যালয়ত তাত একোখনকৈ অসমীয়া ভাষাৰ নামত আসন প্রতিষ্ঠা হ’ব লাগে। প্রাচীন অসমীয়া গ্ৰন্থবোৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি বিভিন্ন ঠাইলৈ নিব লাগে। অকল সেয়াই নহয় ভাষাৰ সৈতে জড়িত থকা অৰ্থনীতিৰ ওপৰতো তেওঁ চমু আলোকপাত কৰে। অনুষ্ঠানটোত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই কয় যে অসমীয়া ভাষাৰ সংকটৰ কেবাটাও মুহূৰ্ত আমি পাৰ কৰি আহিছো সেয়া ইতিহাসৰ পাত লুটিয়ালেই গম পোৱা যায়। ৩৪টা বছৰ এটা জাতিয়ে নিজৰ ভাষা নোহোৱাকৈ চলি আছিল। সেয়া এটা বৃহৎ অন্যায় আছিল। সেই সময়ছোৱাত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই আমাৰ ভাষাটোক সুৰক্ষিত কৰি ৰাখিছিল। এই কথা আজিৰ তাৰিখত ৰোমন্থন কৰাৰ প্ৰয়োজন। ‘ধ্রুপদী’ ভাষাৰ মৰ্যাদা পোৱাৰ পাছত এতিয়া সকলো দিশতে চিন্তন কৰ্ষণ আৰু মন্থনৰ প্ৰয়োজন আছে। আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে ধ্রুপদী ভাষাৰ মৰ্যাদাই দীর্ঘদিন ধৰি অসমীয়াই সম্মুখীন হৈ অহা মনঃস্তাত্ত্বিক পৰাধীনতাৰ পৰা মুক্ত কৰিলে। আমাৰ ভাষাটো যে কাৰো ঠাল-ঠেভুলি নহয় সেয়া দেশৰ মানুহৰ মাজত স্বীকৃতি পালে। অৱশ্যে এই মৰ্যাদাক জাতিটোৱে যিদৰে উদ্যাপন কৰিব লাগিছিল সেই ধৰণে কৰা নাই বুলি আক্ষেপেৰে উল্লেখ কৰি তেওঁ কয় যে এই উদযাপনক সকলোৱে নিজৰ স্বীকৃতি বুলি লৈ অন্তৰৰ পৰা কৰিব লাগিব। আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে অসমীয়া ভাষাৰ লগতে বিভিন্ন ভাষা-উপ-ভাষাক লৈ অসমীয়া ভাষাৰ ভেটি গঠন কৰিব লাগিব বুলি কয়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আজি ধ্রুপদী স্বীকৃতিৰ আঁৰত সহযোগিতা আগবঢ়োৱা অশোক শৰ্মা আৰু মুকুল চন্দ্ৰ গগৈকো আছুৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়। তদুপৰি এই যাত্ৰাৰ মূল খনিকৰ বিশিষ্ট সাহিত্যিক ড° কুলধৰ শইকীয়াকো আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
