শাৰদীয় দুৰ্গা পূজাক লৈ নীতি নিৰ্দেশনা জাৰি প্ৰশাসনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত শাৰদীয় দুৰ্গা পূজা ৷ পূজাৰ প্ৰাকক্ষণত গুৱাহাটী মহানগৰীত জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন পূজা সমিতিৰ সৈতে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু মহানগৰ আৰক্ষীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক দীঘলীপুখুৰীপাৰৰ ৰাজ্যিক জিলা সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উল্লেখ্য যে এইবাৰ ছয় শতাধিক পূজামণ্ডপেৰে উজলি উঠিব গুৱাহাটী মহানগৰী। গতিকে শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে মহানগৰ আৰক্ষী আৰু জিলা প্রশাসনে সমিতিসমূহক বিভিন্ন নির্দেশনা জাৰি কৰে। কামৰূপ মহানগৰ জিলাৰ জিলা আযুক্ত স্বপ্নীল পাল আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰা হৈছে। বিভিন্ন সময়ত বৰঙণিক লৈ বহু ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ প্ৰশাসনে কাৰো পৰা দাবী কৰি কোনো পূজা সমিতিয়ে বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব বুলি নির্দেশ দিছে। প্ৰশাসনৰ ফালৰ পৰা সৰু-ডাঙৰ প্ৰতিটো পূজা মণ্ডপতে বাধ্যতামূলকভাৱে চিচিটিভি কেমেৰা স্থাপন কৰাৰ লগতে ২৪ ঘণ্টাই চিচিটিভি কেমেৰা সক্ৰিয় কৰি ৰাখিব লাগিব বুলিও নিৰ্দেশনা দিয়া হৈছে ৷ লগতে পূজা স্থলীত হঠাতে কোনো ঘটনা ঘটিলে, তাৰ সুৰক্ষাৰ বাবে জুই নিৰ্বাপন কৰাৰ সকলো সামগ্ৰী বা ব্যৱস্থা থাকিব লাগিব ৷ কামৰূপ মেট্ৰ’ জিলা আয়ুক্ত স্বপ্ননীল পালে কয়, আজি কমিটীসমূহৰ লগত আলোচনা হৈছে । বিগত বৰ্ষত ৫০৬ পূজা মণ্ডপ আছিল ৷ এইবাৰ ৫৫০-৬০০ পূজা মণ্ডপ হোৱাৰ সম্ভাৱনা আছে । পূজা মণ্ডপৰ বাবে কমিটীসমূহে অনলাইন বা অফলাইনযোগে আবেদন কৰিব পাৰিব ৷ তদুপৰি ৰাজহুৱা পথ, পদপথ উপপথ বন্ধ ৰাখি পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পূজা অনুষ্ঠিত কৰিব বিচৰা সমিতিবোৰে স্থানীয় থানাৰ পৰা লিখিত অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। পূজামণ্ডপত সাংস্কৃতিক অনুষ্ঠান পতাৰ ক্ষেত্ৰতো সমিতিবোৰে আগতীয়াকৈ আৰক্ষীক জনোৱাৰ লগতে প্লাষ্টিক থার্মকল, পলিথিনৰ মূৰ্তি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পর্যাপ্ত পোহৰ খোৱাপানীৰ ব্যৱস্থা থাকিব লাগিব। ৫৫ ডেচিবেল প্রাবল্যৰ ওপৰত মাইক বজাব নোৱাৰিব। তদুপৰি অগ্নি নির্বাপনৰ সম্পূৰ্ণ ব্যৱস্থা মণ্ডপত মজুত থাকিব লাগিব। প্রতিটো পূজামণ্ডপৰ এশ মিটাৰত গাড়ী পার্কিং নিষিদ্ধ কৰাৰ লগতে সমিতিসমূহে মণ্ডপত মোতায়েন কৰা স্বেচ্ছাসেৱকৰ নাম, ফোন নম্বৰ থানাত জমা দিব লাগিব। পূজামণ্ডপত সুৰা-গুটখা নিষিদ্ধ কৰাৰ লগতে মণ্ডপৰ সমীপত ফটকা ফুটোৱাৰ ক্ষেত্ৰতো নিষেধজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে। তদুপৰি মণ্ডপৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো সমিতিবোৰে বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগিব। আনহাতে প্রতিমা বিসর্জনৰ ক্ষেত্ৰতো মহানগৰ আৰক্ষী তথা জিলা প্রশাসনে কেতবোৰ নীতি নিয়ম নির্ধাৰণ কৰিছে। বিসৰ্জনৰ সময়ত প্রতিমাৰ সৈতে প্লাষ্টিক কাপোৰ নদীত পেলাব নোৱাৰিব। এখন পূজা সমিতিৰ পাঁচজন ব্যক্তিয়েহে প্রতিমা বিসর্জনৰ সময়ত যাব পাৰিব। তদুপৰি বিসর্জনথলীলৈ পৃথক পৃথক গাড়ীত প্রতিমা অনাৰ পৰিৱৰ্তে একেখন গাড়ীত পৰাপক্ষত প্ৰতিমাসমূহ অনাৰ বাবে সমিতিবোৰক আহ্বান জনাইছে। প্রশাসনে। গণেশগুৰি, ফটাশিল আৰু বামুণীমৈদামৰ দিশৰ পৰা অহা পূজাৰ প্ৰতিমা কঢ়িওৱা গাড়ীসমূহ উৰণ সেতুৰ ওপৰেদি আহিব লাগিব। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে প্রশাসনে জাৰি কৰা নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে। যদিহে কোনোবাই নিয়ম ভংগ কৰি অপ্রীতিকৰ পৰিৱেশৰ সূচনা কৰে তেন্তে তেনে লোকক জে’ললৈ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ লগতে কয়।
