কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমর্থিত প্রার্থীৰ জয়লাভ 

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমর্থিত প্রার্থীৰ জয়লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত  কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।  সদৌ অসম ছাত্র সন্থাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নির্বাচনত আধিপত্য দখল কৰিবলৈ সক্ষম হৈছে। ঘোষিত ফলাফলত ছাত্র একতা সভাৰ সভাপতি-সম্পাদককে ধৰি মুঠ ৬টা পদবীত আছু সমর্থিত প্রার্থীয়ে বিজয় নিশ্চিত কৰিবলৈ সক্ষম হয়। ঘোষিত ফলাফল অনুসৰি আছু সমর্থিত প্রার্থী হৰিপ্ৰসাদ চেতিয়াই সভাপতি পদত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে সাধাৰণ সম্পাদক পদত উজ্জ্বল ডেকা, তর্ক বিভাগত অঞ্জলি মার্ডি, সাংস্কৃতিক বিভাগত দেৱাস্মিতা বৰুৱা আৰু ক’ৰ্ট মেম্বাৰৰ দুটা পদত বিনা প্রতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত হয় মোহন শৰ্মা আৰু চন্দিতা কলিতা। একেদৰে পাঁচটা পদত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ছাত্র মুক্তি সংগ্রাম সমিতি সমর্থিত প্রার্থীয়ে। ইয়াৰে উপ-সভাপতি পদত এঞ্জেলিনা বসুমতাৰী, কটনিয়ানৰ সম্পাদকৰূপে অবিনাশ বৰা, সংগীত সম্পাদিকাৰূপে দিশা পাঠক, ছাত্রী জিৰণি কোঠাত লিজা পেণ্ড আৰু লঘু ক্রীড়া বিভাগত নন্দিনী দলে বিজয়ী হয়। ছাত্ৰ একতা সভাৰ চাৰিটা পদ আঁজুৰি আনিবলৈ সক্ষম হৈছে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে। ইয়াৰে সহকাৰী সাধাৰণ সম্পাদকত চাইনী বৰুৱা, এথলেটিকছত কৃশামণি ৰাভা, ছাত্ৰ জিৰণি কোঠাত দিব্যজ্যোতি ৰাভা আৰু সমাজসেৱা বিভাগত গীতসৃষ্টি হাজৰিকাই বিজয়ী হ’বলৈ সক্ষম হয়। একেদৰে টেনিছ-সাঁতোৰ আৰু জিমনাচিয়ামত নয়নজ্যোতি লয়িঙে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। ছাত্ৰ একতা সভাৰ ঘোষিত ফলাফলৰ পাছত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বিশ্ববিদ্যালয় চৌহদত। নিজা নিজা সমর্থিত প্রার্থীয়ে বিজয়ী হোৱাৰ বাবে এক আবতৰীয়া উৎসৱৰ যেন সৃষ্টি হয় চৌহদত। বিজয়ী প্রার্থীসকলক লৈ সমর্থকসকলে বিজয় উৎসৱ পালন কৰিলে।