দুই অক্টোবৰে সোৱৰাই গান্ধীৰ জীৱনৰ কথা – নমিতা দাস

Pc Indian National Congress

দুই অক্টোবৰে সোৱৰাই গান্ধীৰ জীৱনৰ কথা

নমিতা দাস,শুৱালকুছি

” মোৰ মাজত কিবা যদি পৱিত্ৰতা থকা বুলি মন কৰিছা সেয়া মোৰ মাতৃৰ পৰা উত্তৰাধিকাৰী হিচাপে পাইছো পিতৃৰ পৰা নহয় ” গন্ধীৰ এই বাক্যই মাতৃভক্তিৰ কথা প্ৰমান কৰে । প্ৰাথমিক স্কুলত পঢ়ি থকাৰ সময়ত মোহনদাস কৰমচাদ গান্ধীক ভোটা বুন্ধি আৰু লাজকুৰীয়া স্বভাবে লগ সংগৰ পৰা কিছু নিলগত ৰাখিছিল । তেওঁৰ স্কুলীয়া জীৱনৰ ব্যতিক্ৰম স্বৰূপ যিটো ঘটনাক তেওঁৰ নৈতিক সচেতনতাৰ নিদৰ্শনৰ তাৎপৰ্য্য পূৰ্ণ বুলি ধৰিব পাৰি। সেইটো ঘটিছিল তেওঁলোকৰ শ্ৰেণীত শিক্ষা বিভাগীয় পৰিদৰ্শকে পৰিদৰ্শন কৰিবলৈ আহি বানানৰ পৰীক্ষা লওঁতে ‘কেট্ ল’ শব্দটোৰ বানানটো গান্ধীয়ে ভুল কৰা দেখি শ্ৰেণী শিক্ষকে ভৰিৰ বুঢ়া আঙুলিৰে ইংগিত দিলে যে ওচৰৰ লৰা জনৰ পৰা চাই বানানটো শুদ্ধ কৰি লিখিব লাগে । কিন্ত মোহন দাস আছিল আকোঁৰগোজ। সেই ইংগিতলৈ আওঁকান কৰিলে । পিছত তেওঁ সেই কথাৰ বাবে তিৰস্কাৰ পাবলগীয়াও হল ।তেতিয়াই গান্ধীয়ে কৈছিল নকল কৰা বৃত্তি মই কেতিয়াও শিকিব পৰা নাছিলোঁ।

অবশ্যে শ্ৰেণীৰ বাহিৰত ভয়াতুৰ যেন লগা লৰাটো নৈতিক অভিযানৰ ক্ষেত্ৰত বিপদৰ সন্মুখীন হবলৈ ভয় নকৰাৰ প্ৰমান পোৱা যায় ।তেওঁৰ ককায়েকৰ মুছলমান বন্ধু শ্বেখ মহতাবে মোহনক পতিয়ন নিয়ালে যে ইংৰাজ সকলে জন্তুৰ মঙহ খোৱা বাবে হে অসীম শক্তি প্ৰদান কৰি নিশকটিয়া ভাৰতীয় সকলক শাসন কৰিবলৈ পাৰিছে । সেয়ে গোৰা নিৰামিষ ভোজী মোহনেও মনে মনে হোটেললৈ গৈ মঙহ ভক্ষণ কৰিছিল । এয়া যেন তেওঁৰ জীৱনৰ দেশপ্ৰেমৰ প্ৰথম নিদৰ্শন । ডাঙৰে খাই দলিয়াই দিয়া চিগাৰেটৰ টুকুৰা হোপা আৰু উত্তেজনাৰ ভৰপক উঠিলে চিগাৰেট খাবৰ বাবে লগুৱাৰ পৰা পইচা চুৰ কৰা । ভ্ৰাতৃৰ হাতত পিন্ধা অংকাৰৰ এটুকুৰা সোন মনে মনে ছিঙি নি বিক্ৰি কৰা এইবোৰ ঘটনাই প্ৰমান কৰে ছাত্ৰ জীৱনত গান্ধীয়েও ভুল পথৰ স্বীকাৰ হৈছিল ।পিছলৈ দেউতাকলৈ চিঠি লিখি স্বীকাৰোক্তি কৰি তাৰ জোখাৰে শাস্তি দিবলৈ কৈছিল । কিন্তু কথাখিনি পঢ়াৰ পিছত তেওঁৰ চকুলোৰে চিঠিখনকে তিয়াই পেলালে ।

লণ্ডনলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰাত মাতৃয়ে ইচ্ছা নকৰাৰ বাবে তেওঁ মাতৃৰ ওচৰত শপত লৈছিল যে, তেওঁ মদ, মাংস আৰু নাৰী এই তিনিটা বস্তু স্পৰ্শ নকৰে। ১৮৮৮ চনৰ ৪ ছেপ্তেম্বৰত তেওঁ ছাউডাস্পটলৈ যাবলৈ বুলি জাহাজত উঠিল ।তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৮ বছৰ । লণ্ডনলৈ গৈ প্ৰথম অবস্থাত যদিও নিজৰ ঘৰ পৰিয়াল আৰু দেশৰ কথা বাৰে বাৰে মনলৈ আহিছিল, পিছলৈ তেওঁ ইংৰাজ সকলক অনুকৰণ কৰি নতুন কানি কাপোৰ ,ৰেচমী টুপী, বণ্ড ষ্ট্ৰীটত তৈয়াৰী সান্ধ্যা সাজ, আৰু দুডাল সোনৰ শিকলী লগোৱা ঘড়ী লোকে দেখাকৈ পিন্ধি লৈ ফুৰিলে ।ফৰাচী ভাষাৰ পাঠ ললে, বলৰুমত নাচ শিকিবলৈ গ’ল। ইমানবোৰ কৰাৰ পিছতো কিন্ত তেওঁক অচিৰেই প্ৰকৃত গান্ধীজনৰ প্ৰতিবিম্বই আমনি কৰিলে । তেওঁ উপলব্ধি কৰিলে যদি নিজৰ চৰিত্ৰ আৰু গুণৰ বলত এজন ভদ্ৰলোক হব নোৱাৰে তেন্ত এনে আকাংক্ষা কৰাৰ পৰা বিৰত থকাই ভাল । তিনিবছৰৰ অন্তত আইনৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৯১ চনত ১১জুনৰ দিনা উচ্চ ন্যালয়ত ওকালতিৰ বাবে নাম পঞ্জিয়ন কৰি ঘৰমুৱা হল । ডেকা গান্ধীয়ে জাত-কুল ধৰ্মান্ধতা অৰ্থ হীন ক্ৰিয়া কৰ্ম বিশ্বাস কৰা নাছিল । ককায়েকে যে ধন ধাৰলৈ লৈ তেওঁক লণ্ডনলৈ পথাইছিল তেওঁ উলটি আহি বুজিছিল ।ৰাজকোটত ওকালতি কৰি প্ৰচুৰ ধন ঘটাৰ সম্ভাবনা কম বাবে তেওঁ বেৰিষ্টাৰ ৰূপে ওকালতি কৰিবলৈ বোম্বাইলৈ যায় ।

নিজৰ দেশৰ মানুহৰ দুৰ্গতি দেখি প্ৰেট’ৰিয়াত উপস্থিত হৈ তেওঁৰ মক্কেলৰ প্ৰতিনিধিসকলৰ লগত আৱশ্যকীয় যোগাযোগ কৰি ভাৰতীয় সম্প্ৰদায়ৰ সভা এখন আৰম্ভ কৰিলে ।সেইখন তেওঁৰ জীৱনৰ ৰাজহুৱা প্ৰথম সভা আছিল । বৃটিছ সকলৰ ৰাজত্ব ভাৰতীয় সকলৰ ওপৰত তুলি দিয়া কৰ আৰু সমাগত ধুমুহাৰ জোকাৰণিৰ বাবে ভাৰতীয় সকলক একত্ৰিত কৰিছিল ।কিন্ত চৰকাৰৰ পৰা বাওলাট বিধেয়ক হে উপহাৰ পালে নাগৰীক সকলক জধে মধে গ্ৰেপ্তাৰ আৰু যথাৰ্থ বিচাৰ নোহোৱাকৈ ফাটেক দিয়া হল। ৰাওলাট বিধেয়কেই ভাৰতৰ সক্ৰিয় ৰাজনীতিৰ ধুমুহাৰ লগত গতি কৰিলে। ১৯১৯ চনত ১৩ এপ্ৰিলৰ উত্তেজিত জনতাই হিংসাৰ আশ্ৰয় লোৱাত আত্মশুদ্ধিৰ বাবে ব্ৰত কৰাৰ কথা ঘোষনা কৰে গান্ধীয়ে । সেই একেদিনা অমৃতচৰত থকা বৃটিছ সেনা বাহিনীৰ নেতৃত্ব জালিয়ানাবাদত পৰম উপভোগ কৰিবলৈ সমবেত হোৱা নাৰী পুৰুষ সমন্বিতে নিৰস্ত্ৰ জনসমাবেশক জীৱ জন্তুক গুলিয়াই হত্যা কৰাৰ দৰে জনসাধাৰণক গুলিয়াই দিয়াত ১,২০০জন নিহত আৰু ৩৬০০জন আহত হৈছিল বুলি গান্ধীয়ে নিজেই চলোৱা তদন্তত ঘোষনা কৰে। এইদৰে স্বাধীনতা যাত্ৰা পথত চুড়ান্ত পৰ্যায় পাবলৈ ৰক্তৰে ৰঞ্জিত ধুলিৰ ডাৱৰে চকু ধুৱলী কুৱলী কৰিলে । লাখ লাখ নিৰপৰাধী পীড়িত লোকক চেপি চেপি , খুন্দি , ছিন্ন ভিন্ন কৰিলে ।

যি বৃটিছ শাসন সেই বৃটিছ শাসন ভাৰতত অন্ত পৰাটো গান্ধীৰ কাৰণে বহু প্ৰত্যাশিত লক্ষ্য আছিল । তেওঁলোকৰ শাসনৰ ভেটি লৰাই দিবলৈ তেওঁ মুখ্য ভুমিকা গ্ৰহণ কৰিছিল ।কিন্ত শেষ হোৱাৰ সময়তো তেওঁ সমুলি সুখী হোৱা নাছিল ।কাৰণ ভাৰত বিভাজনৰ আন এক সমস্যাই গা কৰি উঠিছিল । গান্ধীয়ে যি ভয় কৰিছিল সেয়াই হল বিভাজনৰ পৰিনতিত তেজৰ নৈ ব’ব বুলি পূৰ্বতে কৰা আশংকা নিকৰুণ ভাবে প্ৰমানিত হ’ল ।

৭৮ বছৰীয়া জন্ম দিনৰ সমগ্ৰ পৃথিৱীৰ পৰা অহা ওলগ-বাৰ্তাত তেওঁ কৈছিল এতিয়া জুই জ্বলি থকা ভাৰত খনত বৰ্তমানৰ ঘটনাৱলী অন্ত পৰক নতুবা ভগৱানে মোক লৈ যাওঁক। ১২৫ বছৰ বয়সলৈ জীয়াই থাকিব ইচ্ছা সম্পূৰ্ণ ৰূপে নাইকীয়া হল মই ইয়াৰ অসহায় দৰ্শক হৈ থাকিব নিবিচাৰোঁ । এই অসহনীয় যাতনা হৈছে তেওঁৰ নৈতিক সচেতনতা, নিজৰ দেশবাসীৰ প্ৰতি থকা প্ৰেম আৰু দেশবাসীৰ আধ্যাত্মিক পৰম্পৰা প্ৰতি থকা তেওঁৰ গৌৰৱবোধৰ জোখ । তেওঁৰ পৰি অহা স্বাস্থ্য একেৰাহে হৈ থকা কাহ , টোপনীৰ অভাবে আৰু পূৰ্বৰ সকলো যুদ্ধতে জয়লাভ কৰি শেষৰ খনত তেওঁ পৰাজিত হোৱাৰ সচেতনতাই খুলি খুলি মনটো অসুস্থ কৰি তোলিছিল ।তেওঁ অনুভৱ কৰিছিল যে তেওঁ সত্য আৰু অহিংসা পালন কৰাৰ ক্ষেত্ৰত কিবা যেন ক্ৰুটী নিহিত হৈ আছে আৰু সেয়ে এনে ফল হৈছে। এনে অশান্ত মনে গান্ধীৰ ওপৰত তিব্ৰ চাপ পেলাইছিল ।

মাউন্টবেটেনৰ প্ৰেছ বিষয়া তেওঁ সাংবাদিক তেওঁ লিখিছিল -গান্ধীয়ে কৰা অনশনৰ কাষৰে- পাজৰে থাকিলেহে আপোনালোকে ইয়াৰ আকৰ্ষণীয় শক্তি সম্পৰ্কে উপলব্ধি কৰিব পাৰিব গান্ধীৰ গোতেই জীৱনটো জনসাধাৰণক কৰা কলাৰ মনোমুগ্ধকৰ অধ্যায়নৰ বিষয় বস্তু । এই ক্ষেত্ৰত তেওঁ লাভ কৰা সফলতাৰ বিচাৰ কৰিলে সৰ্বকালৰ নেতৃত্বৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ কলাকাৰ সকলৰ মাজত তেওঁও উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ।