ডিব্ৰুগড়ৰ বৰবৰুৱাত তিনি লাখ  টকাৰ ব্যয় সাপেক্ষে ১২ টাকৈ সৌৰশক্তি চালিত বিজুলী বাতিয়ে পোহৰালে সমগ্ৰ অঞ্চল

ডিব্ৰুগড়ৰ বৰবৰুৱাত তিনি লাখ  টকাৰ ব্যয় সাপেক্ষে ১২ টাকৈ সৌৰশক্তি চালিত বিজুলী বাতিয়ে পোহৰালে সমগ্ৰ অঞ্চল

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ উপকণ্ঠ বৰবৰুৱা অঞ্চলৰ বজাৰ এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পূৰ্বতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে জ্বলোৱা বৈদ্যুতিন লাইট আছিল যদিও সদ্যহতে বিভিন্ন কাৰণত সেই লাইট নজ্বলা হৈ পৰি থাকে। তাৰ পৰিৱৰ্তে অঞ্চলটোৰ কিছু কিছু ব্যস্ততাপূৰ্ণ ঠাইত একো একোটা সৌৰশক্তি চালিত লাইট লগোৱাৰ আঁচনি হাতত লয় বৰবৰুৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা সান্তনা কোঁৱৰে। ২০২৪-২৫ বৰ্ষৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা এলেকা উন্নয়ন পুঁজিৰ প্ৰথমাৱস্থাত প্ৰায় তিনি লাখ টকা ব্যয়েৰে বৰবৰুৱা বজাৰ এলেকাৰ বাহিৰেও এলেকাটোৰ অন্তৰ্গত বাটৰ কাষত মুঠ ১২ টাকৈ সৌৰশক্তি চালিত বিদ্যুৎ লাইট স্থাপন কৰে। নিজ এলেকাৰ অন্তৰ্গত কেইখনমান গাঁৱৰ বিশেষ বিশেষ গুৰুত্বপূৰ্ণ ঠাইৰ বাটৰ কাষত একোটাকৈ তেনে সৌৰশক্তি চালিত লাইট স্থাপন কৰাৰ ওপৰিও বৰবৰুৱা বজাৰ এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত, বৰবৰুৱা ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ এটা  স্পীডব্ৰেকাৰ থকা ঠাইত, বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য আৰু চিকিৎসা কেন্দ্ৰৰ মূল প্ৰৱেশ পথত, বৰবৰুৱা বজাৰৰ  মাজৰ বাটৰ কাষত একোটাকৈ তেনে লাইট স্থাপন কৰে। আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈয়ে সান্তনা কোঁৱৰে প্ৰথমে হাতত লোৱা এনে জনহিতকৰ কামৰ বাবে ৰাইজে সদস্যা গৰাকীক শলাগ লয় ।