মনত পৰে
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
মনত পৰে
সেই কথাষাৰলৈ
যি কথাত আছিল
কেতিয়াও পাহৰিব নোৱাৰা
এৰি যাব নোখোজা
ঘৃণা নকৰা…
মনত পৰে
সেই সোণসেৰীয়া আবেলিটোলৈ
যি আবেলিত আছিল
মৰম আৰু অভিমানৰ লুকাভাকু
হাঁহি-ধেমালি
হাজাৰ কাজিয়া…
মনত পৰে
সেই চিপচিপীয়া বৰষুণজাকলৈ
য’ত নিগৰিছিল
হৃদয়ৰ পৰা হৃদয় লৈ
অলেখ প্ৰেমৰ কবিতা
কেৱল কবিতা…
মনত পৰে
সেই ফিৰফিৰীয়া পচোৱাজাকলৈ
য’ত উমলিছিল একেলগে
শব্দৰৰ পৰা শব্দলৈ
দুটি কেঁচা কলিজাত..!
