কাজিৰঙাৰ সৌন্দর্য অসমৰ গৌৰৱ
দুলুমণি দেৱী,মাকুম
বনৰীয়া জীৱজন্তৰ বিচৰণ যেতিয়া ৰাষ্টীয় ঘাইপথৰ কাষত প্রত্যক্ষ হয় ইয়াৰ কাৰণ কি হ’ব পাৰে বাৰু….৷
নিশ্চয় খাদ্য আৰু বাসস্থান বিচাৰিয়ে ওলাই আহে ৷ বাৰিষা বতৰত বনৰীয়া জীৱজন্তুৱে থকা ঠাইৰ বাবে ওখ ঠাই বিচাৰে৷
এবাৰ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থাকোতে দেখা পাইছিলো ৰাষ্টীয় ঘাইপথৰ কাষতে হৰিণৰ পোৱালীকেইটামানে অতি আনন্দমনে দৌৰি আছে ৷ বাছখন লাহে লাহে অহাৰ বাবে সিহঁতক ভালদৰে প্রত্যক্ষ কৰিব পাৰিছিলো৷,কাজিৰঙা অভয়াৰণ্যৰ ওচৰতে এই দৃশ্য দেখা পাই ভাবিলো সিহঁতৰ থাকিবলৈ অৰণ্যৰ মাজত চাগে বহুত কষ্ট হৈছে ,কাৰণ চাৰিওফালে বানপানী ,তেনে পৰিবেশত সিহঁত ক’ত যাব কি কৰিব৷ কেৱল হৰিণে নহয় অনান্য বেলেগ বেলেগ প্রজাতিৰ চৰাই চিৰিকতি বোৰো উৰা মাৰিছে ,জীৱজন্তবোৰে খাদ্যৰ সন্ধানত ওলাই আহিছে ৷এই দৃশ্য দেখা পোৱাৰ পাছত অনুভৱ কৰিছিলো আমি মানুহেই সিহঁতৰ মুখৰ আহাৰ ,থকা ঠাই বহুপৰিমানে আজুৰি লৈছো ,নহলেনো সিহঁত এনেকৈ ওলাই আহেনে?
এতিয়া ইক’ ছেনচিছিটিভ জ’ন ৰ কথা কৈ আছে ,এয়া সম্ভৱ কেনেকৈ ? ভাবিছে কিয় তাকেহে আচৰিত হৈছো ৷এবাৰ বন্যপ্রাণীৰ কথা ভাবক ,এক কিলোমিটাৰ কৰিলে ,দহৰ পৰা কিমান সমস্যা হ’ব ? সেই মৰমলগা হৰিণৰ পোৱালীবোৰ বাঘ ,গড় ইত্যাদিৰ লগত একেলগে সহৱস্থান কৰিব পাৰিবনে ? পৰ্যটকে কি চাবলৈ আহে ? ফাইভ ষ্টাৰ হোটেল নে চৰাই চিৰিকতি ,বনৰীয়া জীৱজন্তু তথা প্রাকৃতিক সৌন্দর্য ? যদি প্রাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বিচাৰে তাত আধুনিকতাৰ অত্যাধিক পৰশে পৰিবেশ প্রাকৃতিক কৰি ৰাখিব পাৰিবনে ? জীৱজন্তুবোৰ ঠেক ঠাইৰ মাজত আৱদ্ধ হৈ কি খাব বাৰু প্রকৃতিৰ পৰা কি পাব ? গতিকে সকলোৰে বিষয়টো দকৈ চিন্তা কৰি সমাধানৰ উপায় বিচাৰি লওঁক ,৷ সিহঁতৰ বাবে পাৰিলে ওখ ঠাইৰ ব্যৱস্থা কৰক৷
পর্যটকৰ আকর্ষণথলী তেতিয়াহে হ’ব যেতিয়া কাজিৰঙাৰ প্রাণীসমুহ সম্পুর্ণ সুৰক্ষিত হ’ব অসমৰ গৌৰৱ কাজিৰঙা জীৱজন্তৰ কথা প্রথমে ভাবিব লাগিব ৷ বহল ঠাই ওখ ঠাই দিবই লাগিব ,অন্যথা বহু প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷
