পূজা – পাৰ্বন আৰু পঞ্চপল্লব – মিতালি বৰঠাকুৰ

Pc Punjabkesari

পূজা – পাৰ্বন আৰু পঞ্চপল্লব

মিতালি বৰঠাকুৰ
মালিগাওঁ, আদৰ্শ কলনী,গুৱাহাটী 

বৈদিক যুগৰ পৰাই পূজা  – অৰ্চনা কৰা এক মাংগলিক কৰ্ম বুলি অভিহিত কৰা হৈছিল। আদিম যুগত শিল , গছ আদিক পূজা কৰা হৈছিল।  ক্ৰমান্বয়ে মানুহে মূৰ্তি তৈয়াৰ কৰি পূজা কৰিবলৈ লৈছিল। আৰু এই পূজা – পাৰ্বন বিলাকত কিছুমান বৈদিক নীতি – নিয়ম পালন কৰা হৈছিল।  বিশেষকৈ পূজাৰ বেদীৰ সন্মুখত এটি ঘট বা কলহ স্থাপন কৰি তাত পবিত্ৰ জল ৰখা হৈছিল। আৰু এই পবিত্ৰ ঘট বা কলহটোত নিদিষ্ট পাঁচ জোপা গছৰ পল্লব অৰ্থাৎ পাত স্থাপন কৰা হৈছিল। যাক পঞ্চপল্লব বুলি জনা যায়।  পূজাত এই পঞ্চপল্লবৰ গুৰুত্ব অপৰিহাৰ্য্য বুলি গণ্য কৰা হৈছিল আৰু আজিও এই বৈদিক  পৰম্পৰা  চলি আছে।

পঞ্চপল্লব  হ’ল আমাৰ সাধাৰণতে দৃষ্টি গোচৰ হোৱা কেইজোপামান বিশেষ গছৰ পাত।  এই পাত সমূহ হ’ল  — আমগছ , আঁহত গছ ,  বৰ বা বট গছ , যজ্ঞ ডিমৰু আৰু  পলাশ  ( স্থান ভেদে কঁঠাল ) । এই পাঁচ বিধ গছৰ একোটা ঠানি বা সৰু ডাল ( পাত সংযুক্ত ) পূজাৰ ঘটত ভক্তি সহকাৰে স্থাপন কৰা হয়।  বৈদিক পৰম্পৰাত এই পঞ্চপল্লব পূৰ্ণ ঘট হ’ল সমৃদ্ধিৰ প্ৰতীক যাৰ  ধাৰ্মিক , আধ্যাত্মিক আৰু বৈজ্ঞানিক গুৰুত্ব  গভীৰ বুলি গণ্য কৰা হয়।

আধ্যাত্মিক দৃষ্টিত পঞ্চ পল্লৱৰ মহত্ব —-

এই পঞ্চপল্লব সমৃদ্ধ জলপূৰ্ণ ঘটৰ আধ্যাত্মিক গুৰুত্ব হ’ল মঙ্গল সাধন কৰা আৰু সুখ সমৃদ্ধিৰ কাৰক। বৈদিক পৰম্পৰা মতে , এই পাঁচ বিধ গছ দেৱ – দেৱীৰ বসতি স্থল।  সেয়ে এই পঞ্চপল্লব ৰাখি পূজা কৰিলে দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰা যায় বুলি বিশ্বাস কৰা হয়।

পঞ্চপল্লবক পঞ্চতত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়। অৰ্থাৎ  এই পঞ্চ পল্লৱত ব্ৰহ্মাণ্ডৰ স্থিতি কাৰক পাঁচ বিধ তত্ত্ব  —  ক্ষিতি, অপ , তেজ , মৰুত  , ব্যোম  নিহিত হৈ থাকে।

পঞ্চ পল্লব স্থাপন কৰা ঘট এক ধনাত্মক শক্তি যুক্ত প্ৰতীক । বৈদিক শাস্ত্ৰ মতে এই ঘট স্থাপন কৰা স্থানত সুখ – শান্তি আৰু সমৃদ্ধি বাস কৰে।

বৈজ্ঞানিক আৰু পাৰিপাৰ্শ্বিক  দৃষ্টিত পঞ্চ পল্লবৰ মহত্ব ——

আম , বট  , আহঁত আদি গছৰ পাতত ঔষধি গুণ থাকে যাৰ ফলত এই গছৰ সান্নিধ্যই বায়ু মণ্ডল সুস্থ সবল আৰু পৰিবেশ শোধন কৰি স্বচ্ছ এক বাতাবৰণ সৃষ্টি কৰি তোলে। এই গছ সমূহে  প্ৰচুৰ অক্সিজেন এৰি দিয়াত  পৰিবেশ বীজাণু মুক্ত হয় আৰু পাৰিপাৰ্শ্বিকতা  সুস্থ ৰখাত সহায় হয়।

প্ৰকৃতাৰ্থত ক’বলৈ গ’লে পূজা – পাৰ্বনত বিশেষ ভাৱে ব্যৱহৃত এই পঞ্চ পল্লব  এক মাংগলিক দ্ৰব্য।  যাৰ অবিহনে পূজাৰ আৰম্ভনি  হ’ব নোৱাৰে। পঞ্চ পল্লব  প্ৰতি ভাগ পুজাৰে এক শুভংকৰ উপাদান  যাৰ সান্নিধ্যত পূজাৰ স্থলী পবিত্ৰ আৰু সৌভাগ্যশালী হৈ উঠে বুলি বিশ্বাস কৰা হয়।