ভূমিক লৈ পৰিয়ালকেন্দ্ৰিক সংঘাত: সমাজৰ এক ব্যাধি
ভূমি বা মাটিক লৈ হোৱা বিবাদ আজিৰ নহয়। তাহানি মহাভাৰতৰ যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে এই সংঘাতক এক সামাজিক সমস্যা স্বৰূপে দেখিবলৈ পোৱা যায়। এই সংঘাতবোৰৰ অন্তৰালত সাধাৰণতে সোমাই থাকে এক গভীৰ মানসিক ব্যাধি— যাক সহজ ভাষাত ‘পৰশ্ৰীকাতৰতা’ বা আনৰ উন্নতিত চকু দিয়া বুলি ক’ব পৰা যায়।
অষ্ট্ৰিয়ান মনোবিজ্ঞানী আলফ্ৰেড এডলাৰ (Alfred Adler) ৰ মতে, প্ৰতিজন মৰ্যাদাবোধসম্পন্ন মানুহৰে সমাজত নিজৰ স্থান সাব্যস্ত কৰাৰ আৰু নিজক শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰাৰ এক প্ৰাকৃতিক ইচ্ছা থাকে।(“Every individual with a sense of dignity has a natural desire to establish their place in society and prove themselves to be superior.”) ইয়াক তেওঁ “Striving for Superiority” শ্ৰেষ্ঠত্বৰ বাবে সংগ্ৰাম বুলি কৈছিল। কিন্তু যেতিয়া এজন ব্যক্তিয়ে নিজে একো কৰিব নোৱাৰে বা জীৱনত বিফল হয়, তেতিয়া তেওঁৰ মনত এক গভীৰ অসন্তুষ্টি আৰু মানসিক দুৰ্বলতাই গা কৰি উঠে। এডলাৰে ইয়াক “Inferiority Complex” বা হীনমান্যতাবোধ বুলি সংজ্ঞা দিছিল।
সমাজত এনে কিছুসংখ্যক লোক থাকে, যিসকলে নিজে কষ্ট কৰি আগবাঢ়ি যাব নোৱাৰে বা যাবলৈ চেষ্টাও নকৰে। তেওঁলোকৰ এলেহুৱা মনোভাৱ আৰু কৰ্মবিমুখতাৰ বাবে তেওঁলোক নিজৰ স্থানতে থমকি ৰয়। কিন্তু যেতিয়া একেটা পৰিয়ালৰে আন এজন সদস্যই নিজৰ চেষ্টা, বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমেৰে জীৱনত উন্নতি কৰে, ঘৰ-দুৱাৰ সাজে বা সম্পত্তি ক্ৰয় কৰে, তেতিয়া সেই অনুন্নত লোকসকলৰ মনত তীব্ৰ ঈৰ্ষাৰ সৃষ্টি হয়। তেওঁলোকে নিজৰ ব্যৰ্থতাৰ আত্মসন্দীহান ভাব লুকুৱাবলৈ আনৰ প্ৰগতিৰ পথত হেঙাৰ থিয় কৰিবলৈ চেষ্টা কৰে।
এডলাৰৰ মতে, এজন সুস্থ মানসিকতাৰ মানুহে নিজৰ হীনমান্যতাবোধ দূৰ কৰিবলৈ নিজে কষ্ট কৰি আগবাঢ়ি যায়। কিন্তু যিসকল লোকৰ মানসিকতা বিকৃত, তেওঁলোকে নিজৰ উন্নতিৰ বাবে কৰ্ম কৰাৰ সলনি সফল হোৱা ব্যক্তিজনক তললৈ নমাবলৈ চেষ্টা কৰে। তেওঁলোকৰ বাবে আনৰ ক্ষতি কৰাটোৱেই নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰাৰ সহজ উপায় হৈ পৰে। ইয়াৰোপৰি মানুহ এজন মানসিকভাৱে সুস্থ নে অসুস্থ, তাৰ প্ৰমাণ পোৱা যায় তেওঁৰ সামাজিক চেতনা বা পৰিয়ালৰ প্ৰতি থকা মৰমৰ পৰা। যিজন মানুহে কেৱল নিজৰ স্বাৰ্থ আৰু অহংকাৰক অগ্ৰাধিকাৰ দি ভাই-ককাইৰ সৈতে শত্ৰুতা কৰে, তেওঁ আচলতে এক গভীৰ মানসিক ৰোগত ভুগি থাকে। একেআষাৰে ক’বলৈ গ’লে আনৰ উন্নতিত ঈৰ্ষা কৰা আৰু মাটিক লৈ কাজিয়া কৰা মানুহবোৰ আচলতে শক্তিশালী নহয়। তেওঁলোক অত্যন্ত দুৰ্বল মনৰ আৰু হীনমান্যতাত ভোগা লোকহে। নিজৰ অক্ষমতা ঢাকিবলৈ তেওঁলোকে আনৰ সুখত বাধা দিয়ে।
আমেৰিকাৰ সমাজবিজ্ঞানী চেমুৱেল ষ্টৌফাৰৰ (Samuel Stouffer) তত্ত্ব অনুসৰি, এজন মানুহে নিজৰ অৱস্থাক লৈ তেতিয়ালৈকে দুখী নহয়, যেতিয়ালৈকে তেওঁ কাষৰ কাৰোবাৰ ডাঙৰ উন্নতি দেখা নাপায়। পৰিয়ালৰ ক্ষেত্ৰত এই তুলনাটো আটাইতকৈ বেছি হয়, কাৰণ তেওঁলোক একে পৰিৱেশতে ডাঙৰ-দীঘল হয়।
এই ঈৰ্ষাৰ আটাইতকৈ সহজ বলি হয় পৈতৃক মাটি-সম্পত্তি। যিজন ব্যক্তিয়ে নিজে একো কৰিব নোৱাৰে, তেওঁ পৈতৃক সম্পত্তিৰ ওপৰত অত্যাধিক দাবী সংস্থাপন কৰিবলৈ চেষ্টা কৰে। “মই যিহেতু একো কৰিব নোৱাৰিলোঁ, গতিকে মই আনকো শান্তিত থাকিবলৈ নিদিওঁ”— এনে এক ধ্বংসাত্মক মানসিকতাই তেওঁলোকক পৰিচালিত কৰে। ইয়াৰ মনস্তাত্ত্বিক প্ৰতিফলন (Psychological Projection) স্বৰূপে নিজৰ এলেহুৱা স্বভাৱ বা ব্যৰ্থতাৰ বাবে নিজক দোষ নিদি, সফল হোৱা মানুহজনক ‘স্বাৰ্থপৰ’, ‘ঠগ’ বা ‘অন্যায়কাৰী’ বুলি সজাবলৈ চেষ্টা কৰে। মাটিৰ ভাগ কম-বেছি হোৱা বুলি মিছা অজুহাত দেখুৱাই তেওঁলোকে নিজৰ মনৰ ক্ষোভ উজাৰে।
ইয়াৰ ফলত সামান্য মাটি এটুকুৰাৰ বাবে বিবাদ হয়। প্ৰথমে সৰুকৈ আৰু পাছলৈ ক্ৰমশঃ ডাঙৰ হৈ পৰে। বহু ক্ষেত্ৰত দেখা যায় যে আৰ্থিক ভাবে স্বাৱলম্বীজনে বিবাদ নহওঁক বুলি ভাবিয়েই বিনাচৰ্তে নিজৰ প্ৰাপ্য এৰি দিয়ে। কিন্তু প্ৰতিপক্ষই সেয়া তেওঁৰ দুৰ্বলতা বুলি ভাবি আৰু অধিক পোৱাৰ আশাত তেওঁক মানসিক আৰু শাৰীৰিকভাৱে অশান্তি কৰিবলৈ চেষ্টা কৰে। ফলস্বৰূপে পুনৰ বিবাদৰ সৃষ্টি হয় আৰু সৰ্বশেষত বছৰ বছৰ ধৰি কোৰ্ট-কাছাৰীত গোচৰ চলে, যাৰ বাবে দুয়োপক্ষৰে ধন, সময় আৰু মানসিক শান্তি নষ্ট হয়। এক সমীক্ষা মতে, ভাৰতবৰ্ষৰ দেৱানী আদালতসমূহত (Civil Courts) চলি থকা গোচৰসমূহৰ প্ৰায় ৬০% তকৈও অধিক গোচৰ কেৱল ভূমি আৰু পাৰিবাৰিক সম্পত্তিৰ বিবাদৰ সৈতে জড়িত।
মাটি- সম্পত্তি আজি আছে, কাইলৈ নাইকিয়া হ’ব পাৰে বা নিজৰ চেষ্টা আৰু কষ্টৰ ফলত আৰু অধিক ক্ৰয় কৰিব পাৰে। কিন্তু জীৱনৰ এটা চিৰন্তন সত্য হ’ল— মানুহ মৰি গ’লে লগত এবেগেত মাটিও লৈ যাব নোৱাৰে। এই সৰল সত্যটো ঈৰ্ষা আৰু অহংকাৰে অন্ধ কৰা মানুহবোৰে বুজি নাপায়। নিজৰ উন্নতিৰ বাবে চেষ্টা নকৰি কেৱল আনৰ প্ৰগতিক তললৈ নমাবলৈ কৰা প্ৰয়াসে এনে মানুহক মানসিকভাৱে আৰু বেছি তললৈ লৈ যায়।
যদি আমি এখন সুস্থ আৰু শান্তিপূৰ্ণ সমাজ গঢ়িব বিচাৰোঁ, তেন্তে প্ৰতিজন ব্যক্তিয়ে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আনৰ উন্নতিত হিংসা নকৰি, তাক অনুপ্ৰেৰণা হিচাপে লৈ নিজে আগবাঢ়ি যাবলৈ শিকাটোৱে প্ৰকৃত শিক্ষা। এই শিক্ষা মানৱতাৰ শিক্ষা। পৰিয়ালৰ মাজত মাটিৰ বিবাদ হ’লে তাক আইনী যুঁজ বা হিংসাৰ সলনি জেষ্ঠ লোকৰ মধ্যস্থতাত বুজাবুজিৰে সমাধান কৰাটোৱে বুদ্ধিমানৰ কাম। কিয়নো সম্পৰ্কবোৰ ভাঙি গ’লে তাক সহজে জোৰা লগাব নোৱাৰি, কিন্তু মাটি বা ধন-সম্পত্তি কষ্ট কৰিলে পিছতো অৰ্জন কৰিব পৰা যায়।
প্ৰাচীন গ্ৰীক দৰ্শনত কোৱা হৈছিল— “ঈৰ্ষা হৈছে আত্মাৰ বাবে ঠিক তেনে, যেনেকৈ লোহাৰ বাবে মামৰ।” লোহাক বাহিৰৰ শত্ৰুৱে ধংস নকৰে, নিজৰ মামৰে ধংস কৰে। নিজে একো নকৰি আনৰ মাটিত চকু দিয়া বা আনৰ উন্নতিত ঈৰ্ষান্বিত হোৱা মানুহবোৰো ঠিক তেনেকৈয়ে সমাজত জীয়াই থাকিয়েই মানসিকভাৱে ধংস হৈ যায়।
