জোনাকী পৰুৱা – মুন শৰ্মা

Pc StockCake

জোনাকী পৰুৱা

মুন শৰ্মা, লখিমপুৰ

আন্ধাৰৰ বুকুত তুমি
সৰু সৰু এমুঠি পোহৰৰ চাকি,
নিজে জ্বলি নিজে জ্বলি
নিজানত নীৰৱে
ৰাতিক শিকোৱা হাঁহি।
নেদেখা পথত তুমি
মুঠি মুঠি পোহৰ সিঁচা,
হাজাৰ মৰম হৈ তুমি
নীৰৱে আহি
মোৰ কলিজাত আলফুলে
প্ৰণয়ৰ এজাক মিঠা মলয়া হোৱা